মোৰ অনুভৱৰ পৃথিৱী

“স্বপ্নৰ উদ্যান চুই অহা মোৰ এই শব্দবোৰত জীৱন ধাৰাৰ সুষমা

সময়ৰ ঘনিষ্ঠ উত্তাপ, মোৰ কোনো নিজস্ব আবিস্কাৰ নাই,

মোৰ ভিতৰত এটা যেন খেতিয়ক, মই শব্দবোৰ জিভাত দি চাওঁ,
কাৰ কি সোৱাদ, হাতৰ তলুৱাত লৈ চাওঁ কিমান তপত,
মই জানো শব্দ মানুহৰ মহৎ সৃষ্টিৰ তেজোদ্বীপ্ত সন্তান,
মই সাধাৰণ কবি,

কান্ধ সলনি কৰি বৈ অনা মোৰ এই শব্দবোৰত মানুহৰ নিদাৰুণ অভিজ্ঞতা,

বুৰঞ্জীৰ নিঠুৰ আঁচোৰ।”

(হীৰেণ ভট্টাচাৰ্য)

 

লেখক নহওঁ মই ৷ নাই অনুৰাগ, কুশলতা কিম্বা শব্দ শৃংখল ৷ পিছে এই অন্বেষণশীল হৃদয়খন বৰ বিহ্বল ৷ মই জানো মোৰ আত্মজ মানুহজনৰ বিশ্লেষণাত্মক পৰিধিয়েই মোৰ সংসাৰ । পদুলিত ওলাই বাৰে বাৰে জুমি চাওঁ মানুহজন ৷ পথাৰে পথাৰে বিচাৰি ফুৰে আইৰ কোলাৰ উম ৷

সঁচাকৈয়ে সমাজ বিজ্ঞানৰ বস্তুনিষ্ঠ অধ্যয়ন কঠিন । মানুহৰ বিশ্লেষণাত্মক পৰিধিয়েই ইয়াৰ গৱেষণাগাৰ । ক্ৰমবিকাশৰ বিভিন্ন স্তৰত অহা মতবাদবোৰৰ ঐতিহাসিক গুৰুত্ব আছেই । কিন্তু এই মতবাদবোৰৰ শৰণাপন্ন হৈ গৱেষণাগাৰত এক স্থিতাৱস্থা বাহাল ৰখাৰ সহজলভ্য প্ৰৱণতাই মানুহক বশ কৰিব নোৱৰে । কাৰণ মানুহৰ এই চিৰন্তন অন্বেষণ গতিশীল । মানুহৰ পৰ্যবেক্ষণিক সীমাবদ্ধতাই অনিশ্চয়তা আনে, কিন্তু বস্তুগত সত্যতা আৰু সত্য অন্বেষণৰ সম্ভাৱনীয়তা নুই নকৰে । বস্তুগত পৰিৱৰ্তনেই বাস্তৱ সত্য । মানুহৰ চিন্তাৰ এক আপেক্ষিক স্বতন্ত্ৰতা থাকে, এক পৰম স্বতন্ত্ৰতা নাথাকে । ই পৰিৱেশৰ পৰা পৃথক পূৰ্ণ স্বাধীন সত্তা নহয় । পৰিৱেশৰ লগত চিন্তাৰ এই সম্পৰ্ক দ্বন্দ্বাত্মক । কিন্তু মানুহৰ চিন্তা-চৰ্চাৰ এই আপেক্ষিকতাৰ সমাজ বৈজ্ঞানিক অনুধাৱনেই বস্তুবাদ ।

পৰ্যবেক্ষণিক সীমাবদ্ধতাই পক্ষপাতদুষ্টতাৰ জন্ম দিয়া নাই । বৰঞ্চ আৰ্থ-সামাজিক শক্তিবিলাকেহে আত্মজ মানুহজনৰ উপলদ্ধি আৰু নিষ্ক্ৰিয়তাক জলাঞ্জলি দিবলৈ বাধ্য কৰায় । প্ৰতিটো খোজতে আত্মজ মানুহজনৰ উপলদ্ধি আৰু নিষ্ক্ৰিয়তাৰ অবিহনে সমাজ-বৈজ্ঞানিক বিশ্লেষন পক্ষপাতদৃষ্টতাৰ পৰা মুক্ত হব নোৱাৰে । নহ’লে অধ্যয়নৰ ফলশ্ৰুতি কোনো উপাখ্যান বা কাহিনীৰ দৰে কল্পনাৰ সাগৰত বুৰ যোৱাৰ সম্ভাৱনাই বেছি । ঘটনা আৰু উপন্যাস বা ইতিহাস আৰু কাহিনীৰ মাজৰ সৰল ৰেখাডাল অংকিত কৰাৰ প্ৰচেষ্টাই বৌদ্ধিক বিকাশ, অন্যথা সমালোচনা কোনো আদৰ্শবাদতেই সীমাবদ্ধ হৈ ৰ’ব ।

Advertisements