গীতা গোপীনাথ আৰু বিলাতৰ চাৰ্টিফিকেট

ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় মূদ্ৰা নিধিৰ (IMF) মূখ্য অৰ্থনীতিবিদ গীতা গোপীনাথে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় উৎপাদন বিকাশৰ হাৰ নিৰ্ণয়ৰ ক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰিছে । তেখেতে ২০১৫ চনত ভিত্তি বৰ্ষক ২০০৪-০৫ ৰ পৰা ২০১১-১২ লৈ সলনি কৰা প্ৰক্ৰিয়াটোৰ শলাগ লয় যদিও মূদ্ৰাস্ফীতিৰ বাবে ব্যৱহৃত ডিফ্লেটৰৰ (Deflator) ক্ষেত্ৰত একমত নহয় । অৱশ্যে কেন্দ্ৰীয় প্ৰতিষ্ঠান Central Statistics Office (CSO) য়ে গণনা কৰা দেশৰ ৰাষ্ট্ৰীয় উৎপাদনৰ হাৰৰ (সম্প্ৰতি গড় ৭ শতাংশতকৈও বেচি) ক্ষেত্ৰত থকা বিতং প্ৰযুক্তিগত বিতৰ্কলৈ যোৱাটো এই আলোচনাৰ দ্বাৰা সম্ভৱ নহয় । নিয়োগবিহীন বিকাশৰ নিগূঢ় বাস্তৱতাক উন্মোচন কৰাটোহে এই আলোচনাৰ উদ্দেশ্য । তেনেদৰে বহু বিশেষজ্ঞই দেশৰ নিবনুৱাৰ হাৰৰ ক্ষেত্ৰতো একমত হ’ব পৰা নাই । দেশৰ National Sample Survey কাৰ্যালয়ৰ মতে ২০১৭-১৮ চনত নিবনুৱাৰ হাৰ যোৱা ৪৫ বছৰৰ ভিতৰতেই সৰ্বাধিক ৬.১ শতাংশ । চহৰ অঞ্চলত এই হাৰ ৭.৮ শতাংশ । ব্যক্তিগত প্ৰতিষ্ঠান Centre for Monitoring the Indian Economy (CMIE)ৰ মতেও ২০১৮ চনৰ গোটেই বছৰত মুঠ এক কোটি দহ লাখ কৰ্মহীন হয় আৰু দেশৰ নিবনুৱাৰ হাৰ ২০১৮ চনৰ ডিচেম্বৰত ৭.৪ শতাংশলৈ বৃদ্ধি পায় ।

সন্দেহৰ থল হয়তো নিশ্চয় আছে । কম বিনিয়োগ আৰু নিম্নগামী নিয়োগ সৃষ্টিৰে ৭ শতাংশতকৈয়ো অধিক বিকাশৰ হাৰ কেনেকৈ সম্ভৱ হ’ব পাৰে ? এনে অভূতপূৰ্ব উৎপাদনশীলতাৰ (Productivity) বৃদ্ধি সঁচাকৈয়ে সম্ভৱনে ? অৱশ্যে শেহতীয়াকৈ ভিত্তি বৰ্ষ সলনি কৰাৰ যোগেদি অনিয়মিত খণ্ডকো সঙুৰি লোৱাৰ চেষ্টা কৰা বুলি দাবী কৰা হৈছে যদিও ৰাষ্ট্ৰীয় আয়ে প্ৰধানকৈ নিয়মিত খণ্ডবিলাকহে সাঙুৰি লয় আৰু তাৰ বিপৰীতে নিবনুৱাৰ হাৰ নিৰ্ণয়ত নিয়মিত আৰু অনিয়মিত দুয়োটা খণ্ডকেই সাঙুৰি লোৱা হয় । কিন্তু এটা কথা ঠিক যে এই সাংখ্যিক ৰাশিবোৰৰ ক্ষেত্ৰত এক ঐক্যমতত উপনীত হোৱাৰ পাছতো এইটো নিশ্চিত হৈয়ে থাকিব যে এয়া নিয়োগবিহীন বিকাশ ৷ পুঁজিবাদী বিকাশৰ বাবে এয়া এক স্বাভাৱিক প্ৰক্ৰিয়া আৰু দ্ৰুত বিকাশ তথ্য আৰু প্ৰযুক্তিৰ দ্বাৰাহে সম্ভৱ আৰু সেয়া সদায় বনুৱা হ্ৰাসকৰণৰ বিনিময়ত হয় ৷ পিছে এই চিন্তনীয় বিষয়টোৰ আলোচনা সাংখ্যিক ৰাশিবোৰক লৈ চলি থকা দলগত নিৰ্বাচনী ৰাজনীতিৰ বিতৰ্কৰ মাজত পোত যোৱাৰ সম্ভাৱনাই বেছি । তেনেদৰে নব্য উদাৰবাদী অৰ্থনৈতিক সংস্কাৰৰ মাজত ইয়াৰ কোনো নিৰ্বাচনী ৰাজনৈতিক বিকল্পও চকুত পৰা নাই ৷

প্ৰসঙ্গক্ৰমে নব্য উদাৰবাদে গণতান্ত্ৰিক ৰাষ্ট্ৰ সম্পৰ্কে কেনে বাগধাৰা প্ৰৱৰ্তন কৰিছে তাৰ এটা উদাহৰণ দিব বিচাৰিছোঁ । ২০১৭ চনৰ চেপ্তেম্বৰ মাহত ডি ইক’ন’মিষ্ট নামৰ আলোচনীখনত ভাৰত চৰকাৰৰ শেহতীয়া সংস্কাৰমূখী পদক্ষপবিলাকৰ এক সমালোচনামূলক পৰ্যালোচনা প্ৰকাশ পাইছিল । এই প্ৰকাশে ভাৰতৰ নিৰ্বাচনী ৰাজনীতিত এখন খন্তেকীয়া দলগত খণ্ডযুদ্ধৰও সূত্ৰপাত কৰিছিল । এটা কথা নিশ্চিত যে এনে পৰ্যালোচনা ভাৰতৰ নিৰ্বাচনী ৰাজনীতিত কোনো দলগত স্বাৰ্থৰ দ্বাৰা পৰিচালিত নহয় । বৰঞ্চ আন্তৰ্জাতিক বিত্তীয় পুঁজিৰ অবাধ সৰবৰাহৰ স্বাৰ্থতহে পৰিচালিত হয় । এনে সৰবৰাহক সুনিশ্চিত কৰাৰ পথত গনতন্ত্ৰ, সাৰ্বভৌম ৰাষ্ট্ৰ অথবা ৰাষ্ট্ৰৰ আইন ব্যৱস্থাও হেঙাৰ হৈ উঠিব পাৰে । বিত্তীয় পুঁজিৰ বিনিয়োগৰ ক্ষেত্ৰত সুচলতাৰ বাবে দৰকাৰী সংস্কাৰেই এনে সমালোচনামূলক প্ৰতিবেদনৰ মাপকাঠি । এফালেদি, নব্য উদাৰবাদী পদক্ষেপ লোৱাৰ বাবে এক সুদক্ষ ৰাষ্ট্ৰ প্ৰশাসনৰ স্বীকৃতি প্ৰদান আৰু আনফালেদি, আমোলাতান্ত্ৰিক প্ৰশাসনক গনতান্ত্ৰিক ব্যৱস্থাই জন্ম দিয়া স্থুল জনপ্ৰিয়তা বুলি অভিহিত কৰাটো হ’ল সাম্প্ৰতিক নব্য উদাৰবাদী পৰ্যালোচনাৰ সাৰমৰ্ম ।

তেনেদৰেই ৰাজনীতি কেৱল নিৰ্বাচনী ৰাজনীতিলৈ আৰু গণতন্ত্ৰ মাথো নিৰ্বাচনী অংকলৈ অধোগতি হয় । দেশৰ মেহনতী জনতা আৰু অমোলাতন্ত্ৰই ৰক্ষণাবেক্ষণ দি থকা আৰ্থ-সামাজিক শক্তিবোৰৰ লগত মকামিলা কৰিবলৈহে যেন গনতন্ত্ৰ নামৰ প্ৰশাসনিক প্ৰযুক্তিটোৰ প্ৰয়োজন । চৰকাৰী বিনিয়োগ ব্যৱস্থাবোৰৰ বিফলতাহে ব্যক্তিগতকৰণৰ কাৰণ হিচাবে নীতিগত যুক্তি আগবঢ়োৱা হয় ৷ চলিত বানিজ্যিক প্ৰতিষ্ঠানবিলাকেই যেন একমাত্ৰ ন্যায্য অৰ্থনীতি, বাকীবোৰ হ’ল বাহ্যিক আৰু অনিয়মিত খণ্ড । কিন্তু, অনিয়মিত অৰ্থনীতিক নিয়মিত কৰিবলৈ যাওঁতে হোৱা নিশ্চিত বৈষম্যক আওকাণ কৰাটো গনতন্ত্ৰৰ বাবে অসম্ভৱ ৷ তেনেহ’লে নব্য-উদাৰবাদী সংস্কাৰৰ ঔপনিৱেশিক আকাংক্ষা এখন গনতান্ত্ৰিক ৰাষ্ট্ৰৰ কল্যানকামী পৰিকল্পনাৰ সৈতে কেনেকৈ একে হ’ব? গতিকে, ভাৰতবৰ্ষৰ দৰে এখন গনতান্ত্ৰিক দেশৰ সংস্কাৰ যে ইক’ন’মিষ্টৰ বাবে সদায় অসম্পূৰ্ণ হৈয়ে ৰ’ব, তাত আচৰিত হ’ব লগা একো নাই । সেই বছৰেই তাৰ মাত্ৰ দুমাহৰ পাছতেই আই এম এফৰ মুখ্য সচিবে ভাৰতীয় অৰ্থনীতিৰ অৱস্থা টনকিয়াল বুলি কৰা মন্তব্য আৰু চৰকাৰৰ শেহতীয়া সংস্কাৰক অৰ্থনীতিৰ অনুকুলে বুলি কৰা প্ৰশংসাক লৈ অন্য এখন বিপৰীত খণ্ডযুদ্ধ দেখা গ’ল । পিছে এটা কথা মনকৰিবলগীয়া যে এই দুয়োখন চাৰ্টিফিকেটৰ গুৰি একেটাই । যদি অৰ্থনৈতিক দুৰৱস্থাৰ মূল কেৱল আমাৰ অনিয়মিত খণ্ডৰ অচলাৱস্থা হয় আৰু আন্তৰ্জাতিক বিত্তীয় আৰু বৃহৎ পুঁজি সুৰক্ষিত হৈ থাকে, তেতিয়া এনে চাৰ্টিফিকেটবোৰ সহজসাধ্য হৈ পৰে ৷ তাৰ বিপৰীতে ৰাষ্ট্ৰই গণতান্ত্ৰিক পৰম্পৰা অক্ষুণ্ণ ৰখাৰ চেষ্টা কৰিলেহে নেতিবাচক সমালোচনাৰ দীঘলীয়া প্ৰতিবেদন প্ৰকাশ পায় ৷

উদাৰবাদী অৰ্থনীতিবিদসকলৰ বাবে বিশ্ববেংক আৰু আন্তঃৰাষ্ট্ৰীয় মূদ্ৰা নিধি হ’ল সৰ্বোচ্চ ন্যায়ালয় আৰু গোলকীকৰণ হ’ল তাৰ মূল বাণী । গোলকীকৰণৰ বাবে বিভিন্ন ৰাষ্ট্ৰই ষ্ট্ৰাক্সাৰেল এডযাষ্টমেণ্টৰ (Structural Adjustment) নামত অৰ্থনৈতিক উদাৰীকৰণ আৰু সংস্কাৰৰ কাৰ্যসূচী হাতত লয় । তেনেকৈয়ে, ভাৰতবৰ্ষত ২০০৩ চনৰ ৰাজকৰ দায়বদ্ধতা আৰু বাজেট সঞ্চালন আইনৰ (Fiscal Responsibility and Budget Management Act 2003) যোগেদি ৰাজহুৱা বিনিয়োগ/খৰচৰ সংস্কাৰ কৰা হয় । লগে লগে এইটো জনমানসত প্ৰতিপন্ন কৰিব বিচৰা হ’ল যে জনকল্যান আঁচনি মানেই জনপ্ৰিয় অৰ্থনীতি (Populist Economy), কাৰণ অধিক ৰাজহুৱা ঋণে বিত্তীয় নীতিৰ ক্ষেত্ৰত বাধা আনি দিয়ে আৰু দীৰ্ঘকালীন বিকাশৰ বাটত নেতিবাচক প্ৰভাৱ পেলায় । কিন্তু তেনেধৰণৰ বিকাশ প্ৰকৃততে কিমান শতাংশ জনগণৰ বিকাশ হৈ পৰিব, এই বাস্তৱ প্ৰশ্নটো ইচ্ছকৃতভাৱে আওকাণ কৰা হয় । আন্তৰ্জাতিক বিত্তীয় পুঁজিৰ (International Finance Capital) আগমন আৰু তাৰ স্বাৰ্থ সুৰক্ষাৰ বাবে মুদ্ৰাস্ফীতি (Inflation) নিয়ন্ত্ৰণৰ দৰকাৰ । মুদ্ৰাস্ফীতিয়ে যিহেতু বিত্তীয় পুঁজিৰ মুনফাক অৱনমিত কৰিব পাৰে, গতিকে বিধিবদ্ধ ৰাজকৰ পদ্ধতি (Prudent Fiscal System) অৱলম্বন কৰাৰ বাবে সংস্কাৰৰ ব্যৱস্থা হ’ল । তেনেদৰে যি ৰাজকৰ ব্যৱস্থা দেশৰ মেহনতী জনগণৰ বাবে একমাত্ৰ আশাৰ সাৰথি, তাক দেশৰ অৰ্থনৈতিক প্ৰক্ৰিয়াৰ পৰা সম্পূৰ্ণকৈ আঁতৰাই পেলোৱাত নব্য-উদাৰবাদ বদ্ধপৰিকৰ । সেয়ে আজি নব্য-উদাৰবাদী আমোলত ৰাজকৰ যন্ত্ৰটো পুনৰ্জীৱিত কৰাটো একেবাৰে অসম্ভৱ হৈ পৰিল ।

ভাৰতবৰ্যৰ কৃষিখণ্ডৰ কথাই চোৱা যাওক । দেশৰ ৭০ শতাংশ জনগণৰ বাবে আঁচনি লোৱাটোক যদি কোনোবা ৰাজনৈতিক চিন্তাধাৰাই কেৱল তথাকথিত ৰাজনৈতিক বাধ্যবাধকতা (Political Compulsion) বুলি ভাৱে, তেন্তে সেই চিন্তাধাৰা একেবাৰে অগণতান্ত্ৰিক । দেশৰ ৭০ শতাংশ জনগণৰ বাবে ৰাজকৰ ব্যৱস্থা লাগিবই । ওপৰৰ ১৫ শতাংশ খেতিয়কক বাদ দি বাকী ৮৫ শতাংশই ক্ষুদ্ৰ খেতিয়ক । তেওঁলোকৰ উৎপাদন প্ৰক্ৰিয়া হয়তো আজি বাণিজ্যিকভাৱে সাধ্যাতীত (Commercially infeasible) আৰু সেয়ে তেওঁলোকক ৰাজকৰ ব্যৱস্থাৰ যোগেদি নিৱেশ (Input) বা উৎপাদনৰ দামৰ ক্ষেত্ৰত অনুদান লাগিব । এতিয়াও ৬০ শতাংশ খেতিৰ মাটি বৰষুণৰ ওপৰত নিৰ্ভৰশীল । তেন্তে যিকোনো বানিজ্যিক প্ৰতিষ্ঠান যিটো অনিশ্চয়তাৰ মাজত সঞ্চালিত হয় তাতকৈ বহুগুণ অনিশ্চয়তাৰ মাজত খেতিয়কে খেতি কৰে ।

এইটো নিশ্চিত যে গোলকীকৰণ হ’ল ঔপনিৱেশিকতাবাদৰ নতুন সংস্কৰণ । নব্য উদাৰবাদ নিৰ্মিত ৰাজকৰ অনুশাসনে (Fiscal Discipline) আচলতে ৰাষ্ট্ৰীয় অৰ্থনীতিত অনুশাসনহীনতাৰহে সৃষ্টি কৰিব পাৰে । বৃটিছ শাসনকালত ঔপনিৱেশিক চৰকাৰেহে সন্তুলিত বাজেট (Balanced Budget) প্ৰস্তুত কৰিছিল আৰু বিনিয়োগকাৰী খৰচৰ ক্ষেত্ৰটো কাঢ়া প্ৰতিফল দৰৰ (Strict Rate of Return) মাপকাঠি বান্ধি দিছিল । ফলস্বৰূপে, পানীযোগান আৰু অন্যান্য কৃষিক্ষেত্ৰৰ বুনিয়াদী সা-সৰঞ্জামৰ ক্ষেত্ৰত বিনিয়োগ তেনেই সীমিত আছিল । এতিয়াও ৰাষ্ট্ৰই আন্তৰ্জাতিক বিত্তীয় পুঁজিৰ স্বাৰ্থত ৰাজকৰ ঘাটি (Fiscal Deficit) নিম্ন স্তৰত ৰাখিবলৈ বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মূদ্ৰা নিধিৰ চৰ্তসমূহ মানি লবলৈ বাধ্য ।

এতিয়া প্ৰশ্নটো হ’ল আন্তৰ্জাতিক বিত্তীয় পুঁজিৰ এই অবাধ সৰবৰাহক যদি তাৎকালীনভাৱে কোনোবাই প্ৰত্যাহ্বান জনাব পাৰে তেন্তে সেয়া নিশ্চয় জাতিৰাষ্ট্ৰই কৰিব পাৰে ৷ কিন্তু কেনেকৈ জনাব এই প্ৰত্যাহ্বান ? নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত পুঁজিৰ বিনিয়োগৰ (Employment elasticity of investment) প্ৰকৃত ছবিখন ইচ্ছাকৃতভাবে আওকাণ কৰাৰ প্ৰৱণতা আছে ৷  সম্প্ৰতি নিয়োগ-বিকাশৰ নিম্নগামী অনুপাতে সৃষ্টি কৰা অৱশ্যাভাম্বী প্ৰতিষ্ঠান বিৰোধিতাক নিৰ্বাচনী ৰাজনীতিৰ পৰা নিঃশেষ কৰাটো আচলতে নব্য উদাৰবাদৰেই উদ্দেশ্য ৷ সেয়ে গাঁথনিগত দিশটো আওকাণ কৰি কেৱল বিকাশৰ গণিতেই সকলো উপশম কৰি দিব বুলি পণ্ডিতসকলেও মন্ত্ৰজপ কৰি থাকে ৷ যেতিয়াই এই নিৰস মন্ত্ৰই কাম নিদিয়ে ভক্তিৰ সাগৰত উগ্ৰ-জাতীয়তাবাদৰ অমৃত পাণ কৰি সকলোৱে পাৰ্থিব জগতৰ নিগূঢ় বাস্তৱতাৰ পৰা মোক্ষ লাভ কৰিব পাৰে ৷ নিৰ্বাচনী ৰাজনীতি যেন আৰ্থ-সামাজিক সমীকৰণে চুক্তিবদ্ধ কৰা কেৱল মাত্ৰ এক সাংখ্যিক প্ৰকল্প । সেয়ে আৰ্থ-সামাজিক ৰূপান্তৰৰ দায়বদ্ধতা তাত নাই । গতিকে গণতান্ত্ৰিক প্ৰকল্পবিলাকৰ ৰূপায়নৰ ক্ষেত্ৰত আহি পৰা সীমাবদ্ধতাই ৰাজনৈতিক শূণ্যতাৰ সৃষ্টি কৰিয়েই থাকিব আৰু তাৰ প্ৰতিক্ৰিয়াশীল হিচাবে একচেটিয়া যুক্তিবোৰৰ ব্যাপক প্ৰচাৰ হৈয়ে থাকিব । অন্যহাতেদি, ভাৰতীয় সংবিধানেও দেশৰ আয় আৰু সম্পদৰ পুনৰ বিতৰণৰ কোনো চুড়ান্ত পদ্ধতি সন্নিৱিষ্ট কৰা নাই যিটো ভৱিষ্যতৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ওপৰত এৰি দিছে । সম্প্ৰতি, অৰ্থনৈতিক নীতি-নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত যিহেতু ঐতিহাসিকভাৱেই নব্য উদাৰবাদে চৰকাৰৰ ভূমিকা হ্ৰাস কৰি আহিছে, গতিকে বিকাশৰ বাটত নিৰ্বাচনী ৰাজনীতিৰ ভূমিকাও গৌণ হৈ পৰিছে ৷

যোৱা বছৰ প্ৰকাশ পোৱা United Nations University World Institute for Development Economics Research (UNU-WIDER)ৰ এক প্ৰতিবেদন মতে যোৱা চাৰিটা দশকত বিশ্ব আয়ৰ অসমতা আপেক্ষিকভাৱেহে হ্ৰাস পাইছে কিন্তু স্বতন্ত্ৰভাৱে নিৰ্ণয় কৰা গিনি সূচাংক বৃদ্ধিহে পাইছে ৷ তদুপৰি, ৰাষ্ট্ৰবিলাকৰ আভ্যন্তৰিণ অসমতা বৃদ্ধি পাইছে ৷ এইটো সহজেই অনুধাৱন কৰিব পাৰি যে গোলকীকৰণে সৃষ্টি কৰা বিত্তীয় পুঁজি বিনিয়োগৰ মুক্ত প্ৰবাহে বিশ্বব্যাপী আন্তঃৰাষ্ট্ৰীয় পুঁজিৰ মুনাফা অৰ্জনৰ এক ভৌগোলিক সূষমতা আনিছে আৰু কিন্তু অন্তৰ্দেশীয় অসমতা বৃদ্ধি পাইছে ৷ আনকি বজাৰ উদাৰবাদী স্বামীনাথন এচ অঙ্কেশ্বৰীয়া আয়াৰ ডাঙৰীয়াইও স্বীকাৰ কৰিছে যে অত্যাধিক আয়ৰ অসমতা এক নেতিবাচক কাৰক, তাৰ বাবে প্ৰগতিমূলক কৰ আৰু সামাজিক নিৰাপত্তাৰ আঁচনি লাগিব ৷ অৱশ্যে তেনে আয়ৰ পুনৰবিতৰণ গনতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাইহে কৰিব লাগিব, কোনো অধিনায়কত্ববাদী ৰাষ্ট্ৰব্যৱস্থাই নহয় ৷ একেদৰে একচেতীয়া পুঁজিৰ আগ্ৰাসনত গনতন্ত্ৰৰ জানো কিবা অৰ্থ থাকিব পাৰে ৷ মুক্ত বজাৰ ব্যৱস্থাত সম্পত্তি বৰ্ধিতভাৱে কেন্দ্ৰীভূত হোৱাৰ স্বাভাৱিক প্ৰৱণতা থাকে কাৰণ মুনফাৰ মাত্ৰা দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰতকৈ অবিৰতভাৱে অনেক বেছি ৷

স্বঘোষিত গণতান্ত্ৰিক ৰাষ্ট্ৰৰো গাঁথনিগত বিৱৰ্তনৰ ক্ষেত্ৰত জড়তা আহি পৰিছে । গণতন্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাই আনুষ্ঠানিকভাবে সামাজিক মৰ্যদাভিত্তিক অসমতা শেষ কৰিলেও প্ৰকৃতাৰ্থৎ এক স্থায়ী সম্পত্তিৰ সম্পৰ্কৰ যোগেদি বৰ্ধিত অসমতাৰ প্ৰতি সহিঞ্চু হৈ পৰাহে দেখা যায় ৷ ফলস্বৰূপে, গণতন্ত্ৰৰ এনে ন্যায়িক-প্ৰশাসনিক মেৰপাকত অসমতাৰ প্ৰশ্নত কোনো ধৰণৰ বৈপ্লৱিক পৰিৱৰ্তনৰ আশা ক্ষীণ হৈ পৰে ৷ দৰাচলতে যি ৰাষ্ট্ৰব্যৱস্থাই আনুষ্ঠানিকভাবে অসমতা নিৰ্মূলৰ ঘোষনা কৰে, তাত এনেধৰণৰ এক কাল্পনিক সমতাই মনস্তাত্বিক জগতখন দখল কৰি লয় যে প্ৰকৃত অসমতাৰ বাস্তৱলৈ ঘূৰি অহাটো অসম্ভৱ হৈ পৰে ৷ পৃথিৱীৰ আটাইতকৈ বৃহৎ গণতন্ত্ৰ বুলি দাবী কৰা আমেৰিকা যুক্তৰাষ্ট্ৰত যোৱা দশককেইটাত কেনেকৈ বিকাশৰ প্ৰায়খিনি আয় কেৱল ওপৰৰ ১০ শতাংশ লোকৰ হাতলৈ গৈছে আৰু মধ্যবিত্তৰ আচল মজুৰী হ্ৰাস পাইছে তাৰ ওপৰত বহু বিদ্যায়তনিক আৰু গৱেষণামূলক অধ্যয়ন হৈছে ৷ এক বিদ্যায়তনিক অধ্যয়ন মতে সমান উৎপাদনশীল সম্পত্তিৰ ক্ষেত্ৰতো আয়ৰ হাৰৰ নুন্যতম তাৰতম্যই দীৰ্ঘকালীনভাৱে এক বৃহৎ সম্পত্তিৰ পাৰ্থক্যৰ সৃষ্টি কৰিব পাৰে । উত্তৰাধিকাৰী প্ৰদত্ত সম্পত্তিৰ পাৰ্থক্যই এই প্ৰভাৱ আৰু বৃদ্ধি কৰিব । স্বাধীনতাৰ দৰে যিকোনো ঐতিহাসিক যুগান্তকাৰী আনুষ্ঠানিক মূহুৰ্তইয়ো এই পৰম্পৰাগত আৰ্থ-সামাজিক সমীকৰণক ভাঙি শূণ্যলৈ নিষ্ক্ৰিয় কৰি পেলাব নোৱাৰে ।

বিকাশৰ আলি-দোমোজাত থকা উত্তৰ-উপনিৱেশিক ৰাষ্ট্ৰবোৰ স্বঘোষিতভাৱে গণতান্ত্ৰিক, জনপ্ৰিয় আৰু আধুনিক প্ৰশাসনিক প্ৰযুক্তিৰে পৰিপুষ্ট । তেনে এক ঐতিহাসিক সন্ধিক্ষণত প্ৰতিষ্ঠান বিৰোধিতা ভাৰতৰ দৰে জনপ্ৰিয় গনতন্ত্ৰৰ এক বিশেষত্ব হৈ পৰিছে ৷ ই কোনো ৰাজনৈতিক দল বিশেষৰ দক্ষতাৰ মাপকাঠি নহয়, বৰঞ্চ বিভিন্ন আৰ্থ-সামাজিক শক্তিবিলাকৰ বৰ্ধিত দাবীবিলাক পূৰণৰ ক্ষেত্ৰত থকা ৰাষ্ট্ৰব্যৱস্থাৰ সীমাবদ্ধতাই ইয়াৰ মূল কাৰণ ৷ এই সীমাবদ্ধতা এক স্বতন্ত্ৰ প্ৰক্ৰিয়া নহয়, বৰঞ্চ নব্য উদাৰবাদে এই সীমাবদ্ধতাৰ এক নিৰ্ণায়ক ভূমিকা লৈ আহিছে । গতিকে নব্য উদাৰবাদক প্ৰত্যাহ্বান জনাবলৈ আমি প্ৰতিষ্ঠান বিৰোধিতাৰ মৌলিক প্ৰশ্নবোৰলৈ যাব নালাগিবনে?

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.