চেকুলাৰিজম, গণতান্ত্ৰিক ৰাষ্ট্ৰৰ প্ৰযুক্তি আৰু ৰাজনৈতিক বাগধাৰা

চেকুলাৰিজমৰ অসমীয়া অথবা অন্য আধুনিক ভাৰতীয় ভাষালৈ যদিও ধৰ্মনিৰপেক্ষ বুলি ৰূপান্তৰ কৰা হয়, আচলতে তাৰ ভাবাৰ্থ তাতোকৈয়ো মৌলিক । লেটিন ভাষাৰ পৰা উৎপত্তি হোৱা এই চেকুলাৰ শব্দটোৰ অৰ্থ হ’ল পাৰ্থিৱ কৰ্মকাণ্ড যিবোৰ কোনো অলৌকিক শক্তি বা অন্ধবিশ্বাসৰ পৰা মুক্ত । গতিকে, চেকুলাৰিজম কেৱল ধৰ্মনিৰপেক্ষ নহয় অথবা সৰ্বধৰ্ম সম্ভৱতেও সীমাবদ্ধ নহয় । কেৱল ধৰ্মই নহয় মধ্যযুগীয়া পৰিচিতিকেন্দ্ৰিক প্ৰভূত্বই মৌলিক অধিকাৰক আওকাণ কৰিলে অথবা সামাজিক নৈতিক-মূল্যবোধৰ সংঘাত হ’লে সামাজিক চেকুলাৰকৰণহে একমাত্ৰ বিকল্প হৈ পৰে । সামাজিক চেকুলাৰকৰণ ধৰ্ম অথবা অন্যান্য মধ্যযুগীয়া প্ৰভূত্বশীল উপাদানসমূহৰ প্ৰভাৱৰ পৰা মুক্ত কৰাৰ অবিহনে অসম্ভৱ । ৰাষ্ট্ৰব্যৱস্থাৰ সন্মুখত তাৰবাবে একমাত্ৰ বিকল্প হ’ল নাগৰিকৰ মৌলিক অধিকাৰ সুনিশ্চিতকৰণ । সেয়ে পৰিচিতিকেন্দ্ৰিক সামূহিক অধিকাৰসমূহ মৌলিক অধিকাৰৰ উৰ্দ্ধত নহয় । ব্যক্তিগত বা গোষ্ঠীগত অধিকাৰ মৌলিক প্ৰয়োজনীয়তাৰ উৰ্দ্ধত কাৰ্যকৰী হ’লেই বৈষম্য অৱশ্যাভাম্বী ৷ গতিকে পৃথক বুলি দাবী কৰাৰ গণতান্ত্ৰিক অধিকাৰ নিশ্চয় আছে, কিন্তু কেতিয়াবা সাংস্কৃতিক অধিকাৰৰ দাবী মৌলিক অধিকাৰৰ পৰিপন্থীও হ’ব পাৰে । বিভিন্ন পৰিচিতিবিলাকৰ মাজত সামাজিক সংস্কাৰৰ বাবে প্ৰয়োজনীয় এক উমৈহতীয়া পটভূমি নিৰূপনেই হ’ল চেকুলাৰিজম ৷ অন্যথা সাংস্কৃতিক আপেক্ষিকতাৰ সুযোগ লৈ ধৰ্মান্ধতাৰ পৃষ্ঠপোষকসকলে সুৰুঙা বিচৰি থাকিব আৰু সংস্কাৰৰ ঐতিহাসিক প্ৰক্ৰিয়াক বাধা দি আহিব ।

প্ৰশ্ন হ’ল আধুনিক ৰাষ্ট্ৰব্যৱস্থা প্ৰতিষ্ঠাৰ পাছতো এই পৰিচিতিকেন্দ্ৰিক দাবীবোৰ কিয় উত্থাপিত হৈ আহিছে? কাৰণ আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ নেপথ্যত মধ্যযুগীয়া পৰিচিতিবিলাক আৰ্থ-সামাজিক শক্তি হিচাবে বৰ্তি আছে ৷ প্ৰকৃতাৰ্থৎ এই বিৱৰ্তিত আৰ্থ-সামাজিক সমীকৰণেই আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থালৈও সীমাবদ্ধতা আনি দিছে । সেয়ে আজিও সামগ্ৰিকভাৱে মানৱ সমাজত মৌলিক প্ৰয়োজনীয়তাৰ সংকট বিদ্যমান । যেনেকৈ ঐতিহাসিক প্ৰক্ৰিয়াত ভিন্ন ভৌগলিক পৰিবেশ আৰু একনায়কত্ববাদী শক্তিয়ে সংস্কৃতিৰ বিভাজন আনে, তেনেকৈ সামাজিক আদান-প্ৰদানেৰে এক সমন্বয় প্ৰক্ৰিয়াও গঢ়ি উঠে । এই সমন্বয়ে মৌলিক প্ৰয়োজনীয়তাৰ যুক্তিযুক্ততাক অধিক সবল কৰে আৰু তাৰ আধাৰতেই প্ৰতিষ্ঠা হয় আধুনিক ৰাষ্ট্ৰব্যৱস্থা ৷ গতিকে দুবেলা-দুমুঠিৰ অধিকাৰৰ বাবে কৰা সংগ্ৰামখন আচল আৰু তাক আওকাণ কৰা সকলো বস্তুগত সমৃদ্ধিৰ দাবীয়েই অযুক্তিকৰ ৷ তেনেকৈয়ে মানৱ উন্নয়নৰ দাবী একচেটিয়া বস্তুগত সমৃদ্ধিৰ প্ৰৱণতাই পথভ্ৰষ্ট কৰি আহিছে ৷ সামগ্ৰিক মানৱ কল্যান আৰু উন্নয়নৰ অনিবাৰ্যতাক জলাঞ্জলি দি কেৱল বিকাশৰ দাবী আচলতে মধ্যযুগীয়া প্ৰভূত্বৰ আধুনিক সংস্কৰণ ৷ কাৰণ, তাৰ ফলশ্ৰুতিত পুঁজিবোৰ আকৌ মধ্যযুগীয়া প্ৰভূত্বশীল সম্পত্তিলৈ অৱনমিত হয় ৷

১৯৭৬ চনত সংবিধান সংশোধন কৰি প্ৰস্তাৱনাত চেকুলাৰিজম শব্দটো অন্তৰ্ভুক্ত কৰাৰ কাৰণেহে ভাৰতবৰ্ষ এখন চেকুলাৰ ৰাষ্ট্ৰ হৈ যোৱা নাই । এক আকাংক্ষিত চেকুলাৰ ৰাষ্ট্ৰ অথবা সমাজত সকলো নাগৰিকৰ সামাজিক কল্যাণ সুনিশ্চিত হ’ব লাগিব । সেইটো প্ৰত্যেকৰ বাবে নিয়োগৰ সুবিধা তথা আয়, স্বাস্থ্যসেৱা আৰু শিক্ষাৰ সুবিধাৰ যথোচিত বিতৰণ আৰু মানৱ অধিকাৰ সুনিশ্চিত কৰাৰ যোগেদি সম্ভৱ হ’ব । এই দিশত ভাৰতীয় সংবিধানে এক বিস্তৃত ৰূপৰেখা দিছে যদিও দেশৰ আয় আৰু সম্পদৰ পুনৰ বিতৰণৰ কোনো চুড়ান্ত পদ্ধতি সন্নিৱিষ্ট কৰা নাই যিটো ভৱিষ্যতৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ওপৰত এৰি দিছে । সামাজিক চেকুলাৰকৰণ হ’ল এই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মূল ভেটি আৰু তাক এক ৰাষ্ট্ৰব্যৱস্থা হিচাবে প্ৰযুক্তিগতভাৱে ৰূপায়ন কৰিবলৈ যাওঁতে ঐতিহাসিকভাৱে বিৱৰ্তিত হৈ বহুধাবিভক্ত পৰিচিতিবিলাকে সৃষ্টি কৰা আৰ্থ-সামাজিক সমীকৰণেই মূল প্ৰত্যাহ্বান হৈ পৰে । আৰু স্বাধীনতাৰ দৰে যিকোনো ঐতিহাসিক যুগান্তকাৰী আনুষ্ঠানিক মূহুৰ্তইয়ো এই পৰম্পৰাগত আৰ্থ-সামাজিক সমীকৰণক ভাঙি শূণ্যলৈ নিষ্ক্ৰিয় কৰি পেলাব নোৱাৰে ।

স্বৰাজোত্তৰ ভাৰতবৰ্ষৰ সাংবিধানিক প্ৰক্ৰিয়াৰ ঐতিহাসিক অনিবাৰ্যতা সম্পৰ্কে কোনো দ্বিমত নাই । ভৰতবৰ্ষৰ জাতীয়তাবাদী মধ্যবিত্তৰ মুক্তিকামী আকংক্ষাই স্বাধীনতাৰ পাছত ধৰ্মীয় আৰু সামাজিক সংস্কাৰেৰে এক নতুন সাংবিধানিক আৰু প্ৰশাসনিক ব্যৱস্থাৰ সূচনা কৰে । সেয়ে এইটো স্পষ্ট যে এখন গণতান্ত্ৰিক দেশৰ মূল ভেঁটিৰ ওপৰত প্ৰশ্ন কৰাৰ কোনো অৱকাশ থাকিব নোৱাৰে । কিন্তু, স্বৰাজোত্তৰ ভাৰতবৰ্ষৰ সাংবিধানিক চেকুলাৰ ৰাষ্ট্ৰব্যৱস্থাৰ ৰূপায়নৰ দিশত বিতৰ্কৰ প্ৰাসঙ্গিকতা নিশ্চয় আছে । মিথ্যাবাদী চেকুলাৰ হিচাবে ইতিমধ্যে হৈ থকা অভিযোগ প্ৰতি-অভিযোগৰ ওপৰত আলোচনা হওক । পৰৱৰ্তী সময়ছোৱাত সমাজ জীৱনৰ চেকুলাৰকৰনৰ ক্ষেত্ৰত ৰাষ্ট্ৰব্যৱস্থাৰ ভূমিকাৰ ক্ষেত্ৰত আলোকপাত কৰাৰ প্ৰয়োজনীয়তা আছে । তেতিয়াহে সাংবিধানিক দায়বদ্ধতা আৰু তাৰ সামাজিক-ৰাজনৈতিক ৰূপান্তৰৰ মাজৰ অন্তৰালৰ আচল ছবিখন স্পষ্ট হ’ব ।

আধুনিকতাই অনা সামাজিক সংস্কাৰ যে সামাজিক চেকুলাৰকৰণৰ একমাত্ৰ সাৰথি, সেয়া আমি আজিৰ প্ৰগতিশীল হিন্দুসমাজৰ মাজতেই বিচাৰি পাওঁ । হিন্দুসমাজৰ বিভিন্ন প্ৰগতিশীল সামাজিক সংস্কাৰৰ ফলস্বৰূপেই এক ঐকিক হিন্দু নাগৰিক আইন আমি পাইছোঁ আৰু তাত উপনীত হোৱাৰ প্ৰক্ৰিয়াটো বিবাদমুক্ত নাছিল ৷ ভৰতবৰ্ষৰ গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাই হিন্দু ধৰ্মীয় পৰম্পৰাৰ মাজৰ পৰা এক সংখ্যাগৰিষ্ঠ সমাজ প্ৰতিষ্ঠা কৰিলে । আমি আজি যি গণতান্ত্ৰিক নাগৰিকত্বৰ প্ৰতি আস্থাৱান প্ৰগতিশীল হিন্দু সমাজক লৈ গৌৰৱাম্বিত ইয়াত উপনীত হোৱাৰ ঐতিহাসিক প্ৰক্ৰিয়াৰ লগত স্বৰাজোত্তৰ ভাৰতৰ হিন্দু বিবাহ আইন ১৯৫৫ আৰু হিন্দু উত্তৰাধিকাৰ আইন ১৯৫৬ এই দুয়োখন আইনেই বিশেষভাৱে জৰিত হৈ আছে আৰু দুয়োখনেই সাংবিধানিক গনতন্ত্ৰৰ বিৰাট কৃতিত্ব বহন কৰিছে । লগতে এইটোও সত্য যে সংসদৰ মজিয়াত এই আইন দুখন গৃহীত কৰাৰ প্ৰক্ৰিয়াটো কিন্তু সিমান সহজ নাছিল । কংগ্ৰেছৰ বাহিৰে ভিতৰে থকা সংৰক্ষণশীলসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল ।

অৱশ্যে, এইটো নিশ্চিত যে ঔপনিৱেশিক সময়ৰ পৰাই হিন্দু ধৰ্মৰ যিমানখিনি সংস্কাৰ হৈছে, অন্য ধৰ্ম বা সংস্কৃতিক উৎসবোৰৰ কম হৈছে । এই সংস্কাৰৰ প্ৰক্ৰিয়াটো সামগ্ৰিকভাৱে সম্প্ৰসাৰিত কৰাৰ বাবে বিভিন্ন ধৰ্মীয় জনগোষ্ঠীবিলাকৰ মাজত তৃণমূল পৰ্যায়ত সংস্কাৰমুখী আন্দোলন লাগিব । বিভিন্ন সংখ্যালঘু পৰিচিতিবিলাকৰ মাজতো সামাজিক, ধৰ্মীয় আইন অথবা অনুষ্ঠানিক সংস্কাৰৰ বাবে সংস্কাৰমুখী আন্দোলন হৈ আহিছে । এইক্ষেত্ৰত প্ৰশাসনিক দায়বদ্ধতাৰ ওপৰত আলোচনা হওক । ইচলাম ধৰ্মৰ ক্ষেত্ৰত পৃথককৈ হলেও পাৰ্চ’নেল ল’ বোৰ্ড গঠন কৰাটোও কম সংঘাতপূৰ্ণ নাছিল । যোৱা শতিকাৰ প্ৰাৰম্ভিক দশকবিলাকতেই ভাৰতবৰ্ষৰ ইচলাম ধৰ্মাৱলম্বী সকলৰ এক সুষম পাৰ্চ’নেল ল’ৰ বাবে হোৱা বিভিন্ন অভিযানৰ অন্তত কেন্দ্ৰীয় প্ৰশাসনে ১৯৩৭ চনত ছাৰিয়ট আইন বিধিবদ্ধ কৰিছিল । সেইটোও এটা সংস্কাৰৰে গুৰুত্বপূৰ্ণ স্তৰ আৰু সামাজিক সংস্কাৰৰ এই গতি নিশ্চয় অব্যাহত থাকিব লাগিব । ভাৰতীয় সংবিধানৰ নিৰ্দেশনা বিধিত (Directive Principles) ৰাষ্ট্ৰই সকলো নাগৰিককে সামৰি এক সুষম নাগৰিক সংহিতাৰ (Uniform Civil Code) দিশত প্ৰচেষ্টা কৰাৰ কথা উল্লেখ আছে । এই নিৰ্দেশনা বিধিবিলাক ৰাষ্ট্ৰব্যৱস্থা আৰু সামজিক-সাংস্কৃতিক জগতখনৰ মাজত এক যোগসূত্ৰৰ সাঁকো হিচাবে সংবিধানত সন্নিৱিষ্ট হৈছে আৰু অৱশ্যে ই সামাজিক বিৱৰ্তনৰ ক্ষেত্ৰত ৰাষ্ট্ৰব্যৱস্থাৰ সীমাবদ্ধতাৰ কিছু হ’লেও ইংগিত দিয়ে । সাংস্কৃতিক ভিন্নতাক ৰক্ষণাবেক্ষণ দি গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাক মানৱ অধিকাৰৰ ঐকিক যুক্তিযুক্ততাৰ সৈতে সমাহিত কৰিবলৈ যাওতে বাধা আহি পৰে । তেনেকৈ সাংস্কৃতিক আৰু বিশ্বজনীন মানৱ অধিকাৰৰ মাজৰ চিৰন্তন সংঘাতৰ মকামিলা কৰোতে ভুৱা নিৰপেক্ষতাৰ বশৱৰ্তী হ’লে বিচিন্নতাবাদী প্ৰৱনতাৰো জন্ম হ’ব পাৰে । এটা কথা ঠিক যে সংস্কৃতিক অধিকাৰ সাৰ্বজনীন প্ৰমূল্য আৰু মৌলিক অধিকাৰৰ গণ্ডীৰ ভিতৰতহে কাৰ্যকৰী হ’ব লাগিব । ঐতিহাসিক প্ৰক্ৰিয়াত সৃষ্টি হোৱা সংস্কৃতিৰ বিভাজন আৰু স্বতঃফূৰ্ত আদান-প্ৰদানেৰে সামাজিক স্তৰত হোৱা সমন্বয় প্ৰক্ৰিয়াই সংস্কৃতিৰ গতিশীলতাক প্ৰতিফলিত কৰে । আধুনিক ৰাষ্ট্ৰব্যৱস্থাক সংস্কৃতিৰ এই ধাৰাবাহিকতাৰে বিশ্বজনীন মানৱীয় মূল্যক আকোঁৱালি লোৱাকৈ সক্ষম কৰি তোলাটো নিশ্চয় এক জটিল প্ৰক্ৰিয়া।

এইখিনিতে চেকুলাৰিজমৰ এজন সমালোচক হিচাবে প্ৰফেচৰ আশীষ নন্দীৰ প্ৰসঙ্গ আহিব । এটা কথা ঠিক যে মানুহৰ জীৱনশৈলী এক পদ্ধতিগত অন্বেষণেৰে (যাক আমি বৈজ্ঞানিক পদ্ধতি বুলি কওঁ) সমৃদ্ধ নোহোৱা পৰ্যন্ত ধৰ্মৰ সামাজিক গুৰুত্ব থাকি গৈছিল আৰু ঐতিহাসিক গুৰুত্ব সদায় থাকিব । কিন্তু, গৌণ আচাৰ-ৰীতিবিলাকৰ উৰ্ধত “মানৱতাই ধৰ্ম” বুলি কওঁতে সচৰাচৰ প্ৰশ্ন হয় যে সমাজৰ অবিছেদ্য অংগ হৈ থকা ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক পৰম্পৰাত নিহিত থকা নৈতিক মূল্যবোধৰ উপযুক্ত বিকল্প আধুনিক বাষ্ট্ৰব্যৱস্থাৰ পৰিধিৰ ভিতৰত সম্ভৱ হ’বনে? ৰাষ্ট্ৰ ব্যৱস্থা হ’ল আচলতে এক প্ৰযুক্তি, আৰ্থ-সামাজিক বাস্তৱৰ লগত সংগতি ৰাখি তাৰ সময়োপযোগী সংস্কাৰ অৱশ্যাভাম্বী । প্ৰশ্ন হৈছে যে মূলতঃ উদ্যোগিক বিকাশৰ স্বাৰ্থত আধুনিক ৰাষ্ট্ৰই সামাজিক-সাংস্কৃতিক জীৱনৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে । নৈতিকতাৰ উৎস হিচাবে পৰম্পৰাগত ধাৰ্মিকতাৰ মাজত থকা বিশ্বজনীন সহিষ্ণুতা কেৱল প্ৰশাসনিক পৰাক্ৰমক মহিমামণ্ডিত কৰি উলাই কৰিব নোৱাৰি । প্ৰফেচৰ আশীষ নন্দীয়ে কোৱাৰ দৰে জ্ঞানোদ্বীপ্ত প্ৰমূল্যৰ সৰ্বাধিক প্ৰয়োগ আৰু মানৱ যুক্তিবাদৰ অফুৰন্ত দক্ষতাই অনিছে এক আধ্যাত্মিকতা ৰহিত জীৱন । গতিকে, জ্ঞানোদ্বীপ্ত প্ৰমূল্যেৰে কৰা সূষম আৰু সৰলীকৰণৰ প্ৰকল্পবোৰো আচলতে ওপৰৰ পৰা জাপি দিয়া মুষ্টিমেয় উদ্যম যি ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক পৰম্পৰাৰ মাজত থকা মানবীয় মূল্যবোধকো হয়তো উলাই কৰিব পাৰে । এই প্ৰত্যাহ্বানৰ কথা আশীষ নন্দীয়ে এনেদৰে বৰ্ণনা কৰিছে, “However uncomfortable the thought might be, the intellectual challenge of our times may well be to identify the means – the institutional structures and personality resources – that can reconcile diversity with exclusions that are not destructive, demeaning or driven by hatred; for some degree of discomfort with or suspicion of strangers – you may call it tolerable ethnocentrism – is an inescapable part of living cultures.”

প্ৰফেচৰ আশীষ নন্দীয়ে ধৰ্মৰ দুটা দিশৰ কথা কৈছে । এটা হ’ল একান্ত ভক্তি হিচাবে পালন কৰা ধৰ্ম যি বিশ্বজনীনতা, সহিষ্ণুতা আৰু ভতৃত্ববোধৰ এক নিভাঁজ প্ৰকাশ । অন্যটো হ’ল ধৰ্মীয় আদৰ্শবাদ যি আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ মাজতেই মুৰ দাঙি উঠা ধৰ্মভিত্তিক পৰিচিতিৰ ৰাজনীতি । তাকেই, প্ৰফেচৰ প্ৰতাপ ভানু মেহতাইও কৈছে যে ‘Religious conflict in India does not stem from doctrinal or theological sources, but is firmly a product of the politics of representation.’ । ধৰ্মীয় আদৰ্শবাদ প্ৰকৃতাৰ্থৎ অন্যান্য পৰিচিতিকেন্দ্ৰিক ৰাজনীতিৰ দৰে একে । ধৰ্মৰ সংগঠিত ৰূপ হিচাবে এই ধৰ্মীয় আদৰ্শবাদ আধুনিকতাৰ পৰশত জাগি উঠা আৰু সেয়ে মধ্যযুগৰ ধৰ্ম সংস্কাৰৰ দৰে ইতিবাচক দিশ ইয়াত অনুপস্থিত । আমি জানো যে আধুনিক ৰাষ্ট্ৰব্যৱস্থা প্ৰতিষ্ঠাৰ সমকালিকভাৱে হৈ থকা ধৰ্ম সংস্কাৰবিলাকেই আছিল আধুনিকতাৰো পথ প্ৰদৰ্শক ৷ তাৰ বিপৰীতে, আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ মাজত ধৰ্মীয় আদৰ্শবাদ হ’ল প্ৰকৃতাৰ্থত সংস্কৃতিৰ পুনৰুত্থানবাদী জাতীয় চেতনা ৷ ধৰ্মৰ আধাৰত এনে বিশেষত্ববাদী অথবা বিচিন্নতাবাদী আদৰ্শবাদৰ ধ্বজা উৰাবলৈ সংস্কৃতিৰ উপাদান হিচাবে থকা আচাৰ-ৰীতিৰ বিশেষত্বই একমাত্ৰ সমল হ’ব । কাৰণ ধৰ্মৰ সংগঠিত ৰূপ দিবলৈ যাওঁতে সাধাৰণতে গৌণ আচাৰ ৰীতিবিলাক অথবা সেইবোৰৰ মধ্যবিত্তীয় সৃষ্টিশীল ৰূপান্তৰবিলাকেই সমল হৈ পৰে ৷

গতিকে যেনেকৈ কেৱল বিধি-বিধানেৰে সমৃদ্ধ ধৰ্মৰ আধুনিক সংস্কৰণবোৰ এতিয়া ঐতিহাসিকভাৱেই ফোঁপোলা আৰু অৰ্থহীন, তেনেকৈ প্ৰফেচৰ নন্দীয়ে এই আধুনিক ৰাষ্ট্ৰ ব্যৱস্থাক আচলতে ওপৰৰ পৰা জাপি দিয়া মুষ্টিমেয় প্ৰকল্প বুলি অভিহিত কৰিছে ৷ সেয়ে ৰাষ্ট্ৰব্যৱস্থা আৰু সামাজিক-সাংস্কৃতিক জগতখনৰ মাজত যোগসূত্ৰৰ সাঁকো হেৰাই যায় ৷ গনজীৱনৰ পৰা সংস্কাৰে যেন বাট হেৰুৱায় ৷ স্বৰাজোত্তৰ ভাৰতৰ নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিও এই অসংলগ্নতাৰ বাবে কম জগৰীয়া নহয় ৷ এনে সাময়িক প্ৰত্যাহ্বানবিলাকৰ মাজেদিয়েই সংস্কৃতিৰ অধিকাৰক বিশ্বজনীন মানৱ অধিকাৰৰ ভেঁটিত কাৰ্যকৰী কৰাৰ দিশত তৃণমূল পৰ্যায়ৰ পৰা এক নিৰন্তৰ সংস্কাৰমুখী প্ৰক্ৰিয়া অব্যাহত থাকিব লাগিব ৷ কাৰণ মানৱীয় মুল্যবোধৰ সন্ধানত প্ৰগতিশীল মানৱতাবাদে আশীষ নন্দীৰ তৃণমূল পৰ্যায়ৰ পৰম্পৰাৰ লগত এক আধুনিক যোগসূত্ৰ ৰক্ষা কৰাৰ প্ৰয়োজন নিশ্চয় হ’ব । তেনেদৰে, সামাজিক চেকুলাৰকৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আশীষ নন্দীৰ সমালোচনায়ো নিশ্চয় এক গঠনমূলক দিশ দিব পাৰে ।

এইখিনিতে, মৌলিক অধিকাৰৰ এক ঐকিক আৰু বিশ্বজনীন সংজ্ঞা নিৰূপণ আৰু প্ৰণয়নত সাংস্কৃতিক অধিকাৰ আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ সন্মুখত প্ৰত্যাহ্বান হিচাবে থিয় দিয়ে । অন্যহাতেদি মৌলিক অধিকাৰ হ’ল ব্যক্তি স্বাধীনতাৰ স্তৰৰ আৰু সেয়ে গণতান্ত্ৰিক ৰাষ্ট্ৰই কেতিয়াও পৰিচিতিকেন্দ্ৰিক সামূহিক অধিকাৰক অগ্ৰাধিকাৰ দিব নোৱাৰে ৷ মধ্যযুগীয়া প্ৰভূত্বশীল উপাদানৰ বিৰুদ্ধে এই পৰিচিতিকেন্দ্ৰিক অধিকাৰে মৌলিক অধিকাৰৰ স্বাৰ্থতহে সাময়িকভাৱে স্বীকৃতি পায় ৷ আকৌ, বাস্তব ক্ষেত্ৰত বিশ্বজনীন ভাৱধাৰাও নিষ্ক্ৰিয় হোৱাৰ বিপৰীতে প্ৰভাৱশালী সাংস্কৃতিক গোষ্ঠীৰ শৰনাপন্ন হৈ এক সৰলীকৃত আৰু সুষম সাংস্কৃতিক পৰিচিতিৰ পোষকতা কৰে আৰু অন্যান্য গোষ্ঠীসত্তাবোৰে নিজস্ব পৰিচয় হেৰুওৱাৰ আশংকাত ভোগে ৷ গতিকে সংস্কৃতিৰ ভিন্নতাক স্বীকৃতি দিবলৈ যাওঁতে বিশ্বজনীন নাগৰিকত্বকেই প্ৰত্যাহ্বান জনালে নহ’ব ৷ ৰাষ্ট্ৰব্যৱস্থাৰ এই সংঘাতৰ কথা পাৰ্থ চেটাৰ্জীয়ে লিখিছে, “The ‘challenge of multiculturalism’ is sought to be met by asserting the value of diversity itself for the flowering of culture and making room for divergent ways of life within a fundamentally agreed set of universalist values.”

অনস্বীকাৰ্য যে বাস্তৱ জীৱনত ব্যক্তিগত বা শ্ৰেণীগত সত্তাবোৰ প্ৰকৃতাৰ্থত এক ভুৱা সামুহিক সত্তাৰ বশৱৰ্তী হৈ পৰে । কাৰণ সাংস্কৃতিক ৰক্ষনশীলতাই হওক নতুবা তাৰ ৰাষ্ট্ৰ-সৰ্বস্ব বিকল্পই হওক, পুঁজিৰ একচেটিয়া বিকাশৰ ঐতিহাসিক সমলবোৰ শক্তিশালী হৈ উঠে । এইটো সহজেই অনুধাৱন কৰিব পাৰি যে ঐতিহাসিক প্ৰক্ৰিয়াত একচেটিয়াকৈ গঢ়ি উঠা সম্পত্তিয়ে তাৰ পৰৱৰ্তী পৰ্যায়ত বৰ্ধিত সম্পত্তি আৰু আয়ৰ অনুপাতেৰে পুঁজিৰ বিকাশৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলায় । গনতান্ত্ৰিক প্ৰক্ৰিয়াক প্ৰভাৱশালী আৰ্থ-সামাজিক শক্তিৰ কবলৰ পৰা মুক্ত কৰাটো কঠিন হৈ পৰে । তাৰ লগে লগে ৰাষ্ট্ৰব্যৱস্থাৰ প্ৰযুক্তিগত ৰূপায়নত প্ৰত্যাহ্বানবোৰ আহি পৰে ৷ সেয়ে কেৱল বিকাশৰ দাবী আচলতে মধ্যযুগীয়া ৰাগী আৰু তেনে দাবী প্ৰকৃতাৰ্থৎ এমুঠিমান সামন্তীয় অথবা সাম্ভাব্য নব্য সামন্তীয় মুষ্টিমেয়ৰ ৷ গতিকে দাবীবোৰেই সমাধান নহয় । দাবীৰ যুক্তিযুক্ততা নিৰুপনত মৌলিক প্ৰয়োজনীয়তাহে মাপকাঠি হ’ব লাগিব ৷

বহু বিতৰ্কিত অসহিষ্ণুতাৰ প্ৰশ্নও কোনো ব্যক্তি বা গোষ্ঠী বিশেষৰ নহয়, বৰঞ্চ সামাজিক স্তৰৰ সামগ্ৰিক সহিষ্ণুতাৰহে । সাম্প্ৰতিক পটভূমি নিশ্চয় চেকুলাৰ ৰাষ্ট্ৰব্যৱস্থাৰ প্ৰতি বিতৃষ্ণা নহয় বৰঞ্চ চেকুলাৰিজমৰ নামত যোৱা দশকবিলাকৰ অসন্তুষ্টি আৰু আমোলাতান্ত্ৰিক পৰাক্ৰম । ৰাষ্ট্ৰ ব্যৱস্থা হ’ল আচলতে এক প্ৰযুক্তি, আৰ্থ-সামাজিক বাস্তৱৰ লগত সংগতি ৰাখি তাৰ সময়োপযোগী সংস্কাৰ অৱশ্যাভাম্বী । তেনেকৈ ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰশাসনীয় সংস্কাৰৰ দৰে ধৰ্মীয় সামাজিক ক্ষেত্ৰটো সংস্কাৰ লাগিব । বিভিন্ন ধৰ্মীয় জনগোষ্ঠীবিলাকৰ মাজত তৃণমূল পৰ্যায়ত সংস্কাৰমুখী আন্দোলন লাগিব । মৌলিক প্ৰয়োজনীয়তাৰ সংকট অতিক্ৰম কৰাই হ’ল মানৱতা, ই হ’ল মৌলিক অধিকাৰৰ ভেটি আৰু তাৰ মাপকাঠি লৈয়ে সংস্কাৰ হ’ব লাগিব ।

এইটো ঐতিহাসিক সত্য যে ভাৰতৰ সাংবিধানিক জাতীয়তাবাদৰ মাজতেই বিভিন্ন জাতিসত্তাবিলাকৰ জাতীয়তাবোধত বিশেষত্ববাদী প্ৰৱণতা জাগৃত হয় । স্বৰাজোত্তৰ ভাৰতৰ উন্নয়নৰ পৰিকাঠামোৰত হেৰাই যোৱা বিকাশৰ পৰিকল্পনাবোৰেই এনে জাতীয় প্ৰশ্নবোৰলৈও ইন্ধন যোগায় । স্বৰাজোত্তৰ ভাৰতৰ আধুনিক সাংবিধানিক জাতিৰাষ্ট্ৰৰ প্ৰত্যাহ্বানবোৰ আছিল ক্ষুদ্ৰ ক্ষুদ্ৰ – আঞ্চলিকতাবাদ, বৰ্ণবাদী চেতনা আৰু অন্যান্য বিচিন্নতাবাদী আন্দোলনবোৰ । ভাৰতৰ সাংবিধানিক জাতীয়তাবাদক গিলিব খোজা হিন্দুত্ববাদী ধাৰাও এক ধৰ্মভিত্তিক পৰিচিতি । এই প্ৰত্যাহ্বানবিলাকৰ মকামিলা কৰাত উন্নয়নবাদী জাতিৰাষ্ট্ৰ বিফল হোৱাৰ লগে লগে হিন্দুত্ববাদে এক ৰাজনৈতিক বিকল্প শক্তি হিচাবে ব্যাপকতা লাভ কৰে ৷ উল্লেখযোগ্য যে স্বৰাজোত্তৰ ভাৰতত অন্যান্য ক্ষুদ্ৰ ক্ষুদ্ৰ পৰিচিতিৰ আন্দোলন বিলাকৰ ভিতৰত হিন্দু জাতীয়তাবাদেই হৈ পৰিছিল আটাইতকৈ শক্তিশালী । এনে ক্ষুদ্ৰৰ পৰা বৃহৎ বিস্তৃতিৰ গোষ্ঠীগত জাতীয়তাবাদী আন্দোলনবিলাকৰ প্ৰভূত্বশীল প্ৰৱণতাই ৰাষ্ট্ৰযন্ত্ৰক নিয়ন্ত্ৰণত ৰাখিব বিচাৰে । অৱশ্যে এখন আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে কোনোটোৱেই ঐকিক মতবাদ হ’ব নোৱাৰে কাৰণ প্ৰতিটোৱেই “আমি আৰু তেওঁলোক”ৰ এক কটকটীয়া সংজ্ঞাৰে জাতিৰাষ্ট্ৰক পৰিচালিত কৰিব বিচাৰে । যেনেকৈ উগ্ৰ-জাতীয়তাবাদে আমি-তেওঁলোকৰ সংজ্ঞা দিওঁতে ‘আমি’বোৰ তেনেই সংকুচিত হৈ ক্ষনিক আৰু অবহনীয় হৈ পৰে । যিকোনো পৰিচিতিকেন্দ্ৰিক জাতীয়তাবাদে ৰাষ্ট্ৰীয়তাবাদৰ দৰে গণতান্ত্ৰিক ভেটি এটা গ্ৰাস কৰিব বিচাৰিলেই অধিনায়কত্ববাদৰ জন্ম হয় । ধৰ্মভিত্তিক পৰিচিতিয়ে ধৰ্মৰাষ্ট্ৰৰো জন্ম দিব পাৰে । অৱশ্যে, আধুনিক গণতান্ত্ৰিক পৰম্পৰাৰ মাজত ধৰ্মীয় পৰিচিতিৰ ৰাজনীতিয়ে ৰাষ্ট্ৰব্যৱস্থাক নিয়ন্ত্ৰণত ল’লেও সততে ফেচীবাদ অথবা ধৰ্মৰাষ্ট্ৰৰ সৃষ্টি কৰিব পাৰিব যেন মনে নধৰে ৷

কোনো দ্বিমত নাই যে মধ্যযুগীয়া পিপাসাইহে চেকুলাৰিজমৰ ওপৰত প্ৰশ্ন তুলিছে ৷ সম্পত্তিৰ সম্পৰ্কই বৰ্তাই ৰখা প্ৰভূত্বৰ স্বাৰ্থতেই এই ৰাজনৈতিক বাগধাৰাৰ ৰচনা হৈছে ৷ নহ’লে নিত্য নৈমিত্তিক প্ৰতিষ্ঠান বিৰোধিতা কেতিয়ালৈকে পুনৰাবৃত্তি হৈ কৌতুহলী কৰি ৰাখিব ৷ এয়া নব্য উদাৰবাদৰ অন্তৰ্নিহিত সংকটক ধুলি দিয়া বিশ্বস্তৰীয় পৰিঘটনা যি উপৰিসৌধত প’ষ্ট ট্ৰোথ হিচাবে সকলোকে মনোৰঞ্জন কৰিছে ৷ যদি আৰ্থ-সামাজিক সমীকৰণ এক চালিকা শক্তি হিচাবে অব্যাহত থাকে, তেন্তে এখন চেকুলাৰ ৰাষ্ট্ৰ কেনেকৈ সঞ্চালিত হ’ব? আচল প্ৰত্যাহ্বান ইয়াতেই । গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাই আনুষ্ঠানিকভাবে সামাজিক মৰ্যদাভিত্তিক বৈষম্য শেষ কৰিলেও প্ৰকৃতাৰ্থৎ এক স্থায়ী সম্পত্তিৰ সম্পৰ্কৰ যোগেদি আৰ্থসামাজিক সমীকৰণৰ প্ৰতি সহিঞ্চু হৈ পৰাহে দেখা যায় ৷ ফলস্বৰূপে, এলেক্স ডি টেকভাইলে কোৱাৰ দৰে গণতন্ত্ৰৰ দৰে ৰাষ্ট্ৰ প্ৰযুক্তিৰ এনে ন্যায়িক-প্ৰশাসনিক মেৰপাকত বৈষম্যৰ প্ৰশ্নত কোনো ধৰণৰ বৈপ্লৱিক পৰিৱৰ্তনৰ আশা ক্ষীণ হৈ পৰে ৷ দৰাচলতে যি ৰাষ্ট্ৰব্যৱস্থাই আনুষ্ঠানিকভাবে বৈষম্য নিৰ্মূলৰ কথা মৌখিকভাৱে ঘোষনা কৰে, তাত এনেধৰণৰ এক কাল্পনিক সমতাই মনস্তাত্বিক জগতখন দখল কৰি লয় যে প্ৰকৃত বৈষম্যৰ বাস্তৱলৈ ঘূৰি অহাটো অসম্ভৱ হৈ পৰে ৷

তেনেদৰে স্বৰাজোত্তৰ ভাৰতবৰ্ষৰ সাংবিধানিক দায়বদ্ধতা আৰু তাৰ আৰ্থসামাজিক আৰু ৰাজনৈতিক ৰূপান্তৰৰ মাজৰ বৃহৎ অন্তৰালৰ ছবিখন যোৱা দশকত বৰকৈ স্পষ্ট হৈ পৰিছিল ৷ সমকালিক মুষ্টিমেয়ৰ ন্যস্তস্বাৰ্থই এনেদৰেই স্থিতাৱস্থা বজাই ৰখাৰ আপ্ৰাণ চেষ্টা কৰিলেও ৰাজনৈতিক পৰিৱৰ্তন অনিবাৰ্য আছিল ৷ এক বিশদ পৰ্যালোচনা, প্ৰশাসনিক সংস্কাৰ আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াক অধিক সবল কৰি তোলাৰ দিশত ভৱিষ্যত কৰ্মপন্থাৰ নিৰূপন অপৰিহাৰ্য হৈ পৰিছিল ৷ কাৰণ আৰ্থসামাজিক সমীকৰণ সলনি হৈছিল আৰু লগে লগে প্ৰয়োজন হৈছিল ৰাজনৈতিক পৰিৱৰ্তনৰ নতুন চুক্তি ৷ আমোলাতান্ত্ৰিক আতিশস্যৰ মাজতেই নতুন পুঁজি বিকশিত হৈছিল ৷ উত্তৰ ঔপনিৱেশিক পৃথিৱীত এয়া শ্ৰেণীৰ বিকাশ আৰু অস্তিত্বৰ সংগ্ৰাম ।

কিন্তু, এই বৃহৎ আৰ্থসামাজিক বিৱৰ্তনৰ ৰাজনৈতিক নেতৃত্ব ধৰ্মৰ মেৰুবিভাজনেৰে দিব লগা হোৱাটো ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসৰ বাবেই এক দুৰ্ভাগ্যজনক কথা ৷ যদিও বিভিন্ন ৰাজনৈতিক দল নিৰ্বিশেষে ধৰ্ম অথবা অন্যন্য পৰিচিতিক লৈ অনিয়মিত স্তৰত কৰি থকা নিৰ্বাচনী ৰাজনীতি বহু পুৰণা ৷ উন্নয়নবাদী ব্যৱস্থাৰ অধোগতিয়েই এনে নিৰ্বাচনী কুটিলতাৰ কাৰণ ৷ প্ৰশাসনিক ক্ষেত্ৰত ন্যস্তস্বাৰ্থৰ পোনপটীয়া হস্তক্ষেপ হৈ পৰিছিল এক স্বাভাৱিক পৰিঘটনা ৷ এনে অৰাজকতাৰ বিকল্প সকলোৰে কাম্য আছিল ৷

এই কথা স্পষ্ট যে স্বৰাজোত্তৰ ভাৰতৰ সংবিধানিক গণতন্ত্ৰৰ কোনো গত্যন্তৰ নাই । তাৰমানে এইটো নহয় যে ভাৰতবৰ্ষৰ সাংবিধানিক গণতন্ত্ৰ একেবাৰে বিতৰ্কৰ বাহিৰত ৷ সাংবিধানিক চেকুলাৰ ৰাষ্ট্ৰব্যৱস্থাৰ ৰূপায়নৰ দিশত আৰু পৰৱৰ্তী সময়ছোৱাত সমাজ জীৱনৰ চেকুলাৰকৰনৰ ক্ষেত্ৰত ৰাষ্ট্ৰব্যৱস্থাৰ ভূমিকাৰ ক্ষেত্ৰত আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে । এনে আলোচনাই সাংবিধানিক দায়বদ্ধতা আৰু তাৰ সামাজিক-ৰাজনৈতিক ৰূপান্তৰৰ মাজৰ অন্তৰালৰ আচল ছবিখন স্পষ্ট কৰিব আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াক অধিক সবল কৰি তোলাৰ দিশত ভৱিষ্যত কৰ্মপন্থা নিৰূপন হ’ব ৷ লগে লগে পুঁজিৰ বিকাশৰ উৎপাদনশীল ক্ষেত্ৰবোৰ চিনাক্ত কৰি বিকাশৰ বাবে পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তা নিশ্চয় আছে ৷ নৱ প্ৰজন্মৰ উদ্যমিতাক বিকাশৰ অংশীদাৰ কৰি তোলাৰ প্ৰয়োজনীয়তাত কোনো দ্বিমত নাই ৷

 

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.