প্ৰস্তাৱিত বিধেয়কৰ প্ৰসঙ্গ: খিলঞ্জীয়া, নাগৰিকত্ব আৰু চেকুলাৰ ৰাষ্ট্ৰৰ বাবে প্ৰত্যাহ্বানবোৰ

 

(১)

অসম চুক্তিৰ মূল উদ্দেশ্য আছিল অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ প্ৰাপ্য অধিকাৰ সুৰক্ষিত কৰি খিলঞ্জীয়া-বহিৰাগতৰ লগতে অবৈধ বিদেশী অনুপ্ৰৱেশৰ সমস্যাৰো সমাধান কৰা । এইটো নিশ্চিত যে বিদেশী নাগৰিকৰ প্ৰশ্নত ভিত্তিবৰ্ষৰ বাদে অন্য কোনো সাংবিধানিক উপায় অনুপস্থিত । এই ক্ষেত্ৰত অনস্বীকাৰ্য যে ১৯৫০ চনৰ (সংবিধান প্ৰণয়নৰ) ভিত্তিবৰ্ষতকৈ নাগৰিকত্বৰ অন্য কোনো যুক্তিসংগত সংজ্ঞা থাকিব নোৱাৰে আৰু তাৰবাদে অন্য যিকোনো সংজ্ঞাই মাথোঁ পৰিস্থিতিৰ দাস । অৱশ্যে অসম চুক্তিৰ আধাৰতেই নগৰিকত্ব আইনৰ সংশোধন কৰি ভাৰতীয় সংবিধানৰ ৬ (ক) অনুচ্ছেদত ১৯৭১ চনক ভিত্তিবৰ্ষ হিচাবে লোৱা হয় । যিহেতু দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাত ইতিমধ্যে ৰাষ্ট্ৰীয় নাগৰিকপুঞ্জীৰ উন্নিতকৰণ ১৯৭১ চনত ভিত্তিবৰ্ষ হিচাবে লৈয়ে আৰম্ভ হৈছে, এই প্ৰক্ৰিয়াটোক বিদশী চিনাক্তকৰণৰ এক ন্যায্য প্ৰক্ৰিয়া হিচাবে গ্ৰহন কৰিছে । তথাপিও ভিত্তিবৰ্ষক লৈ বিতৰ্কৰ অৱসান ঘটা নাই ।

উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ ৰাজ্যবোৰ মূলতঃ ভাষাভিত্তিক । কোনো ৰাজ্যিক সীমায়েই সাৰ্বভৌম নহয় আৰু দেশৰ নাগৰিকৰ আন্তঃৰাজ্যিক প্ৰব্ৰজন সাংবিধানিক অধিকাৰেৰে সুৰক্ষিত । সেয়ে এনে ৰাজনৈতিক সীমাৰে আবৃত্ত ভূখণ্ড আৰু তাত বসতি কৰা নাগৰিকসকলক সাঙুৰি ল’ব পৰাকৈ এক জাতিসত্তাৰ দৰে সংহতিৰ মাজত উদ্ভৱ ঐতিহাসিক সংঘাতেই স্বৰাজোত্তৰ ভাৰতৰ আঞ্চলিকতাবাদী ৰাজনীতিৰ মূল চলিকাশক্তি । খিলঞ্জীয়া-বহিৰাগতৰ সংঘাত আৰু খিলঞ্জীয়াৰ অধিকাৰ অসমৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু । নিশ্চিতভাৱে খিলঞ্জীয়াৰ অধিকাৰৰ স্বাৰ্থত হৈ অহা এনে জাতীয়তাবাদী অন্দোলনবিলাকৰ সীমাৱদ্ধতা থাকিলেও ভাৰতীয় সংবিধানৰ পৰিধিৰ ভিতৰতেই এইবোৰ হৈ আহিছে ।

অন্যহাতেদি, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকৰ ৰাজ্যিক সীমাবিলাকৰ অংশবিশেষ ছিদ্ৰযুক্ত আন্তৰ্জাতিক সীমাৰ সৈতে মিলিত হোৱাত খিলঞ্জীয়া-বহিৰাগত সমস্যাৰ লগত এক বিদেশী উপাদানো সংযোজিত হৈছে । সাৰ্বভৌম ৰাষ্ট্ৰৰ সীমা অতিক্ৰম কৰি হৈ অহা অনুপ্ৰৱেশ কেৱল অসমৰ খিলঞ্জীয়া মানুহৰ বাবেই ভাবুকি নহয়, ই সমগ্ৰ ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ প্ৰতিয়েই ডাঙৰ ভাবুকি । অৱশ্যে তাৰ আৰ্থ-সামাজিক প্ৰভাৱ পোনপটীয়াকৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ওপৰত পৰিছে । ভাৰতবৰ্ষৰ নগৰিকত্বৰ সাংবিধানিক সংজ্ঞাৰ ওপৰত প্ৰতিষ্ঠিত আৰু কোনো ৰাষ্ট্ৰই অবৈধ অনুপ্ৰৱেশৰ দৰে সমস্যা সমাধানৰ ক্ষেত্ৰত বিলম্ব কৰাৰ প্ৰশ্ন নাহে, কাৰণ এইটো হ’ল যিকোনো সাৰ্বভৌম ৰাষ্ট্ৰৰ অস্তিত্বৰ প্ৰশ্ন । ই কোনো আঞ্চলিক সমস্যা নহয়, ই ৰাষ্ট্ৰীয় সমস্যা । প্ৰতিজন বহিৰাগত ভাৰতীয় নাগৰিকৰে অসমত বসতি কৰাৰ সাংবিধানিক অধিকাৰ সুনিশ্চিত । কিন্তু কোনো অবৈধ অনুপ্ৰৱেশকাৰীয়েই কেৱল অসমতেই নহয়, ভাৰতবৰ্ষৰ কোনো ঠাইতে বসতি কৰিব নোৱাৰে ।

উপৰোক্ত সমস্যাৰাজিৰ পটভূমি বিচাৰ কৰিলে দেখা যায় যে ভৰতবৰ্ষৰ স্বাধীনতাৰ সমকালিক সময়ছোৱাৰ বিভাজন-কেন্দ্ৰিক সাম্প্ৰদায়িক ৰাজনীতি, স্বৰাজোত্তৰ ভাৰতবৰ্ষৰ কেন্দ্ৰৰ প্ৰভূত্বশীল আচৰণ আৰু সংসদীয় গণতন্ত্ৰৰ নিৰ্বাচন-কেন্দ্ৰিক অধোগতিয়েই অনুপ্ৰৱেশৰ সমস্যাটো ভয়াবহ কৰি তুলিলে । অৱশ্যে ব্ৰিটিছ শাসনকালত অসমৰ বিশাল ভূখণ্ডলৈ পৰিকল্পিতভাৱেই ঔপনিৱেশিক স্বাৰ্থত প্ৰব্ৰজনক উদগনি যোগাইছিল । ১৯০৬ চনৰ পৰা ১৯৪৭ চনলৈ এই সময়ছোৱাত পূৰ্ব বংগৰ মুছলমান ধৰ্মাৱলম্বী এচাম খেতিয়কসকলৰ গাঁওমূখী প্ৰব্ৰজন আৰু হিন্দু ধৰ্মাৱলম্বী সকলৰ চহৰলৈ প্ৰব্ৰজন হৈছিল । তাৰ পাছত, ১৯৪৭ চনৰ বিভাজন বা ১৯৭১ চনৰ চুবুৰীয়া বাংলাদেশৰ (পূব পাকিস্তান)গৃহযুদ্ধৰ সময়ৰ অবৈধ অনুপ্ৰৱেশকাৰীসকল পৰিৱৰ্তিত ৰাজনৈতিক বা যুদ্ধকালীন পৰিস্থিতিৰ অৰাজকতাৰ সৃষ্টি । কিন্তু তাৰ পাছৰ সময়ৰ অনুপ্ৰৱেশৰ কাৰক চুবুৰীয়া ৰাষ্ট্ৰৰ দৰিদ্ৰতা । ১৯৫০ চনত সম্পাদিত ভাৰত-পাকিস্তান চুক্তি অনুসৰি বিভাজনৰ পাছত ১৯৫০ চনৰ ৩১ ডিছেম্বৰলৈকে পাকিস্তানৰ পৰা অহাসকলক ভাৰতীয় বুলি স্বীকাৰ কৰি ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদৰ সংশোধন কৰা হয় । পাছত বাংলাদেশৰ জন্ম হোৱাৰ লগে লগে ভাৰত-বাংলাদেশৰ মাজৰ চুক্তি অনুসৰি ১৯৭১ চনৰ আগতে পূব-পাকিস্তানৰ পৰা আহি ভাৰতত থিতাপি লোৱা অনুপ্ৰৱেশকাৰীসকলক ওভতাই পঠিওৱাৰ বাট বন্ধ হৈ পৰিল । ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাবে লৈ বিদেশী বহিষ্কাৰৰ বাবেই কৰা অসম আন্দোলনৰ পৰিণতিত স্বাক্ষৰ হোৱা অসম চুক্তিৰ আধাৰতে ১৯৮৬ চনত কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব আইনৰ সংশোধন কৰি নতুন দফা সন্নিৱিষ্ট কৰিলে যাতে ১৯৭১ চনলৈ পূব পাকিস্তানৰ পৰা অসমলৈ অহা লোক সকল এই দেশৰ বৈধ নাগৰিক হৈ পৰে । অৱশ্যে, ১৯৭১ চনৰ পাছৰ অবৈধ নাগৰিকসকলৰ বহিষ্কৰণৰ বাবে দৰকাৰী কোনো নিৰ্দিষ্ট প্ৰশাসনিক ব্যৱস্থাৰ কথা অসম চুক্তিত উল্লেখ নাই । গতিকে নিৰ্বাচনী ৰাজনীতিলৈ ঠেলি দিয়া এনে সাময়িক চুক্তিয়ে এখন ৰাজ্যৰ প্ৰশাসন বা এটা আঞ্চলিক ৰাজনৈতিক দলৰ পৰিসৰৰ ভিতৰত একো বিকল্প সমাধানসূত্ৰ নিদিয়াই স্বাভাৱিক ।

(২)

অন্য উত্তৰ-ঔপনিৱেশিক ৰাষ্ট্ৰৰ দৰে স্বৰাজোত্তৰ ভাৰতবৰ্ষতো নিজস্ব ভূখণ্ডৰ ভিতৰত জন্ম গ্ৰহণ কৰা প্ৰতিজন লোকৰেই নাগৰিকত্ব সুনিশ্চিত কৰা হৈছিল । তাৰবাদে, যাৰ পিতৃ-মাতৃ ভাৰতবৰ্ষৰ ভূখণ্ডত জন্ম অথবা ১৯৫০ চনত সংবিধান গৃহীত হোৱাৰ পাছৰ পৰা সাধাৰণভাৱে পাঁচ বছৰতকৈ বেছি কাল বসতি কৰা সকলো নাগৰিকত্বৰ দাবীদাৰ । তাৰ পাছত নাগৰিকত্ব আইন ১৯৫৫ ৰ মতে ১৯৫০ চনৰ ২৬ জানুৱাৰী আৰু তাৰ পাছত জন্ম গহন কৰা সকল জন্মসূত্ৰে ভাৰতীয় নাগৰিক । আকৌ নাগৰিকত্ব সংশোধনী আইন ১৯৮৬ ৰ মতে জন্মৰ সময়ত পিতৃ-মাতৃ ভাৰতীয় নাগৰিক হ’ব লাগিব । নাগৰিকত্ব সংশোধনী আইন ২০০৩ ৰ মতে জন্মসূত্ৰে ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে জন্মৰ সময়ত পিতৃ-মাতৃ দুয়োজনেই ভাৰতীয় নাগৰিক হ’ব লাগিব অথবা পিতৃ-মাতৃৰ কেৱল কোনোবা এজন ভাৰতীয় নাগৰিক হ’লেও অন্যজন অবৈধ অনুপ্ৰৱেশকাৰী হ’ব নালাগিব । গতিকে আমি দেখিছোঁ যে বিভিন্ন সংশোধনৰ যোগেদি জন্মসূত্ৰে প্ৰদান কৰা নাগৰিকত্বৰ বাবে ভাৰতীয় মূলৰ হোৱাটো পূৰ্বচৰ্ত হৈ পৰিছে ।

প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ আগতে ভৰতৰ নাগৰিকত্ব আইন ১৯৫৫ ৰ পাঁচবাৰকৈ সংশোধন হৈছে । ১৯৮৬ আৰু ২০০৩ চনৰ সংশোধনৰ দৰে এই প্ৰস্তাৱিত সংশোধনে ভাৰতীয় মূলৰ বংশগতিক কেৱল জন্মসূত্ৰতকৈ বেছি প্ৰাধান্যতা দিয়াৰ ভিত্তি নিৰ্ণয় কৰিছে । অন্যহাতেদি এইদিশত ধৰ্মক নাগৰিকত্ব নিৰ্ণয় আৰু বাসিন্দাসকলৰ মাজত শ্ৰেণীবিভাজনৰ ভেটি হিচাবে লোৱাটো এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে একেবাৰে বিৰল পদক্ষেপ । ইতিমধ্যে, উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব সংশোধনী আইন ১৯৮৬ ৰ ৬-ক (৩) আৰু (৪) ধাৰাৰ সাংবিধানিক ন্যায্যতাৰ প্ৰশ্নত অসম চুক্তিৰ আধাৰত সীমান্ত বেৰা সুনিশ্চিত কৰা, অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিতাড়নৰ প্ৰক্ৰিয়া উন্নিতকৰণ কৰা আৰু নাগৰিকত্ব (নাগৰিক পঞ্জীয়ন আৰু ৰাষ্ট্ৰীয় প্ৰমানপত্ৰ আদায়) নীতি ২০০৩ ৰ অন্তৰ্গত অসমৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপুঞ্জী প্ৰস্তুত কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ নিৰ্দেশনা জাৰি কৰিছে ।

প্ৰস্তাৱিত বিধেয়কখনৰ দ্বাৰা আফগানিস্থান, পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী সকলক ধৰ্মীয় উৎপীড়ণৰ ভেটিত নাগৰিকত্ব প্ৰদানৰ বিশেষ ব্যৱস্থাই ভাৰতবৰ্ষলৈ হোৱা প্ৰব্ৰজন আৰু বিদেশী অথা অবৈধ অনুপ্ৰৱেশৰ সংজ্ঞা নিৰূপক এতিয়াৰ আইনলৈ ব্যতিক্ৰম আনি নিসন্দেহে ধৰ্মক নাগৰিকত্ব আইনৰ নতুন ভিত্তি কৰি পেলোৱা হৈছে । দৰাচলতে এই ক্ষেত্ৰত ভাৰতীয় সংবিধান আৰু নাগৰিকত্ব আইন ১৯৫৫ ত সন্নিৱিষ্ট আভ্যন্তৰীণকৰণ নীতিৰ বিপৰীতে ইচলাম ধৰ্মাৱলম্বীসকলক অৱশিষ্ট শ্ৰেণীত বিভক্ত কৰি ভাৰত বিভাজনৰ ব্যাখ্যা পুনৰ উত্থাপন কৰা হৈছে । ধৰ্মীয় উৎপীড়ণ যদিও এক যুক্তিসংগত শ্ৰেণীবিভাজন হ’ব পাৰে, কিন্তু ইয়াৰ নীতি নিৰ্দ্ধাৰণে ভাৰতীয় নাগৰিকত্বৰ সংঘীয় আৰু চেকুলাৰ ভেটিক প্ৰত্যাহ্বান জনাব নোৱাৰে আৰু তেনে কৰাটো সাংবিধানিক নৈতিকতাৰ পৰিপন্থী হ’ব । সংখ্যালঘুৰ ওপৰত উৎপীড়ণ কোনো গণতান্ত্ৰিক ৰাষ্ট্ৰই সহ্য কৰিব নোৱাৰে । ইতিমধ্যে, বাংলাদেশ, নেপালকে ধৰি চুবুৰীয়া ৰাষ্ট্ৰবোৰে চেকুলাৰিজমৰ দিশত অগ্ৰসৰ হৈছে । এইখিনিতে মনকৰিবলগীয়া যে হিন্দুৰ বাদে বাকী পাঁচটা ধৰ্মাৱলম্বীৰ লোকসকল ভাৰততো সংখ্যালঘু যদিও তাৰে চাৰিটা ধৰ্মাৱলম্বীৰ লোক হিন্দু নাগৰিক আইনৰ পৰিধিৰ ভিতৰত পৰে । নিশ্চিতভাৱে এনে ধৰণৰ প্ৰৱণতা ভাৰতবৰ্ষৰ চেকুলাৰ ৰাষ্ট্ৰব্যৱস্থাৰ পৰিপন্থী । ভাৰতবৰ্ষৰ এই চেকুলাৰ ৰাষ্ট্ৰ দৰ্শন সংবিধানৰ ২৬ আৰু ২৯ নং অনুচ্ছেদত সন্নিৱিষ্ট আছে ।

বিধেয়কখনে পোনপটীয়াকৈ সংবিধানৰ ১৪ নং অনুচ্ছেদৰ (সমতাৰ অধিকাৰ) উলংঘন কৰিছে যিটো হ’ল সংবিধানৰ অস্তিত্ব নিৰূপণ কৰা মৌলিক গাঁথনি । এইক্ষেত্ৰত আমি কিছুৱে এনেদৰে মতপোষণ কৰা দেখিছোঁ যে সংবিধানৰ এই অনুচ্ছেদ কেৱল ভাৰতীয় নাগৰিকৰ ক্ষেত্ৰতহে প্ৰযোজ্য । এইটো সত্য নহয় কাৰণ সংবিধানৰ ১৪ নং অনুচ্ছেদ মতে “The state shall not deny to any person equality before the law or the equal protection of the laws withn the territory of India”। ১৯৬১ চনৰ দশৰথ আৰু অন্ধ্ৰপ্ৰদেশ ৰাজ্য, ১৯৬৪ চনৰ দেৱদশন আৰু ভাৰত ৰাষ্ট্ৰ আৰু ১৯৬২ চনৰ সাধাৰণ সঞ্চালক আৰু এ ৰঙ্গাচাৰিৰ গোচৰৰ ৰায়বিলাকৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষন আছিল এনেধৰণৰ, “Articles 14-16, taken together, enshrine the principle of equality and absence of discrimination. While the principle is generally stated in Article 14, which extends to all persons, – citizens or aliens, Articles 15 and 16 deal with particular aspects of that equality which are available to citizens only” ।

অন্যহাতেদি ১৯৪৭ চনৰ ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিললৈ ভাৰতীয় নাগৰিকত্বৰ ওপৰত হোৱা সংবিধান সভাৰ বিতৰ্কৰ পৰা সংবিধানৰ ১৪ নং অনুচ্ছেদৰ তাৎপৰ্য অনুধাৱন কৰিব পাৰি । এইখিনিতে উল্লেখ কৰিব পাৰি যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান তাৰ পাছৰ বিভিন্ন ৰাষ্ট্ৰবিলাকৰ সংবিধানবিলাকতকৈ মৌলিক অধিকাৰৰ ক্ষেত্ৰত কিছু পৃথক । আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানত দেশৰ যিকোনো বাসিন্দাৰ কাৰণে কিছুমান মৌলিক অধিকাৰ সুনিশ্চিত কৰা হৈছে । তাৰ বিপৰীতে, পাছৰ প্ৰায় সংবিধানবিলাকত কেৱল নাগৰিকৰ মৌলিক অধিকাৰৰ কথা কোৱা হৈছে । ১৯৪৬ চনৰ ২৩ ডিচেম্বৰত কে টি শ্বাহে উল্লেখ কৰা মতে ভাৰতীয় সংবিধান সভাই এইক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানত সন্নিৱিষ্ট আভ্যন্তৰীণকৰণ আৰ্হি গ্ৰহন কৰিছিল । সংবিধান সভাৰ সদস্য কে টি শ্বাহে উল্লেখ কৰা মতে, “It may be said that the Constituent Assembly followed the inclusive model of the United States, by not limiting all fundamental rights to citizens, but only those which required a relationship of obligation between citizens and the state. While the general level of civilization and the amenities of life provided there under would be common to citizens and strangers, certain rights of citizens which become the obligation of the state are necessarily confined or at least primarily belong to the citizen.”

(৩)

এটা কথা স্পষ্ট যে ১৯৭৬ চনত সংবিধান সংশোধন কৰি প্ৰস্তাৱনাত চেকুলাৰ শব্দটো অন্তৰ্ভুক্ত কৰাৰ কাৰণেহে ভাৰতবৰ্ষ এখন চেকুলাৰ ৰাষ্ট্ৰ হৈ যোৱা নাই । স্বৰাজোত্তৰ ভৰতৰ সামাজিক চেকুলাৰকৰণ ধৰ্ম অথবা অন্যান্য পৰিচিতিবিলাকৰ মাজত নিহিত থকা মধ্যযুগীয়া প্ৰভূত্বশীল উপাদানসমূহৰ প্ৰভাৱৰ পৰা মুক্ত কৰাৰ অবিহনে অসম্ভৱ । ৰাষ্ট্ৰব্যৱস্থাৰ সন্মুখত তাৰবাবে একমাত্ৰ বিকল্প হ’ল নাগৰিকৰ মৌলিক অধিকাৰ সুনিশ্চিতকৰণ । সেয়ে পৰিচিতিকেন্দ্ৰিক সামূহিক অধিকাৰসমূহ মৌলিক অধিকাৰৰ উৰ্দ্ধত নহয় । ব্যক্তিগত বা গোষ্ঠীগত অধিকাৰ মৌলিক প্ৰয়োজনীয়তাৰ উৰ্ধত কাৰ্যকৰী হ’লেই বৈষম্য অৱশ্যাভাম্বী ৷ বিভিন্ন জনগোষ্ঠীবিলাকৰ মাজত সামাজিক সংস্কাৰ আৰু আৰ্থ-সামাজিক কল্যানৰ পৰিকল্পনাৰ বাবে প্ৰয়োজনীয় এক উমৈহতীয়া পটভূমি নিৰূপনেই হ’ল চেকুলাৰিজম ৷ অন্যথা সাংস্কৃতিক আপেক্ষিকতাৰ সুযোগ লৈ ধৰ্মান্ধতাৰ পৃষ্ঠপোষকসকলে সুৰুঙা বিচৰি থাকিব আৰু সংস্কাৰৰ ঐতিহাসিক প্ৰক্ৰিয়াক বাধা দি আহিব ।

এক আকাংক্ষিত চেকুলাৰ সমাজত সকলো নাগৰিকৰ সামাজিক কল্যাণ সুনিশ্চিত হ’ব লাগিব । সেইটো প্ৰত্যেকৰ বাবে নিয়োগৰ সুবিধা তথা আয়, স্বাস্থ্যসেৱা আৰু শিক্ষাৰ সুবিধাৰ যথোচিত বিতৰণ আৰু মানৱ অধিকাৰ সুনিশ্চিত কৰাৰ যোগেদি সম্ভৱ হ’ব । এই দিশত ভাৰতীয় সংবিধানে এক বিস্তৃত ৰূপৰেখা দিছে যদিও দেশৰ আয় আৰু সম্পদৰ পুনৰ বিতৰণৰ কোনো চুড়ান্ত পদ্ধতি সন্নিৱিষ্ট কৰা নাই যিটো ভৱিষ্যতৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ওপৰত এৰি দিছে । স্বৰাজোত্তৰ ভাৰতৰ পৰৱৰ্তী সময়ছোৱাত সমাজ জীৱনৰ চেকুলাৰকৰনৰ ক্ষেত্ৰত ৰাষ্ট্ৰব্যৱস্থাৰ ভূমিকাৰ ওপৰত পৰ্যালোচনা কৰাৰ প্ৰয়োজনীয়তা আছে । তেতিয়াহে সাংবিধানিক দায়বদ্ধতা আৰু তাৰ সামাজিক-ৰাজনৈতিক ৰূপান্তৰৰ মাজত অন্তৰালৰ আচল ছবিখন স্পষ্ট হ’ব । ভাৰতবৰ্ষৰ সাংবিধানিক প্ৰক্ৰিয়া যে ঐতিহাসিকভাৱে অনিবাৰ্য তাত কোনো দ্বিমত নাই । ভৰতবৰ্ষৰ জাতীয়তাবাদী মধ্যবিত্তৰ মুক্তিকামী আকংক্ষাই স্বাধীনতাৰ পাছত ধৰ্মীয় আৰু সামাজিক সংস্কাৰেৰে এক নতুন সাংবিধানিক আৰু প্ৰশাসনিক ব্যৱস্থাৰ সূচনা কৰে । আজি যি ধৰণেৰে এক প্ৰগতিশীল হিন্দুসমাজক লৈ আমি গৌৰৱাম্বিত, তাৰ মূল সেই আধুনিকতাই অনা সামাজিক সংস্কাৰেই নহয়নে ?

হিন্দুসমাজৰ বিভিন্ন প্ৰগতিশীল সামাজিক সংস্কাৰৰ ফলস্বৰূপেই এক সমন্বিত হিন্দু নাগৰিক আইন আমি পাইছোঁ আৰু তাত উপনীত হোৱাৰ প্ৰক্ৰিয়াটো বিবাদমুক্ত নাছিল ৷ হয়তো ঔপনিৱেশিক সময়ৰ পৰাই হিন্দু ধৰ্মৰ যিমানখিনি সংস্কাৰ হৈছে, ভাৰতবৰ্ষত অন্য ধৰ্ম বা সংস্কৃতিক উৎসবোৰৰ কম হৈছে । কিন্তু সকলোৰে হোৱাটো অৱশ্যম্ভাৱী । তাৰ বাবে বিভিন্ন ধৰ্মীয় জনগোষ্ঠীবিলাকৰ মাজত তৃণমূল পৰ্যায়ত সংস্কাৰমুখী আন্দোলন লাগিব । এইক্ষেত্ৰত প্ৰশাসনিক দায়বদ্ধতাৰ ওপৰতো আলোচনা হ’ব লাগিব । নিশ্চিতভাৱে প্ৰতিটো ধৰ্মৰ বিশেষকৈ হিন্দু আৰু ইচলাম ধৰ্মৰ ক্ষেত্ৰত পৃথককৈ হ’লেও একোখনকৈ নাগৰিক আইন প্ৰণয়ন কৰাটোও কম সংঘাতপূৰ্ণ নাছিল আৰু এইটোও সংস্কাৰৰে এটা গুৰুত্বপূৰ্ণ স্তৰ । সামাজিক সংস্কাৰৰ এই গতি নিশ্চয় অব্যাহত থাকিব । ভাৰতীয় সংবিধানৰ নিৰ্দেশনা বিধিত (Directive Principles) ৰাষ্ট্ৰই সকলো নাগৰিককে সামৰি এক সুষম নাগৰিক সংহিতাৰ (Uniform Civil Code) দিশত প্ৰচেষ্টা কৰাৰ কথা উল্লেখ আছে । এই লক্ষত উপনীত হোৱাৰ বাবে সাৰ্বজনীন মানৱ অধিকাৰৰ বাস্তৱ ৰূপান্তৰ অৰ্থাৎ সামাজিক চেকুলাৰকৰণৰ কোনো বিকল্প নাই ।

ভৰতবৰ্ষৰ সাংবিধানিক চেকুলাৰ ৰাষ্ট্ৰব্যৱস্থাৰ সন্মুখত ধৰ্ম, জনগোষ্ঠী, ভাষা আদি বিভিন্ন পৰিচিতিকেন্দ্ৰিক জাতীয়তাবাদী ধাৰাবিলাকে ঐতিহাসিকভাৱে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । এনে ধাৰাবিলাকৰ মাজত প্ৰকট হোৱা উগ্ৰতাই অধিনায়কত্ববাদ আৰু বিচ্চিন্নতাবাদৰ জন্ম দিয়ে । এই বিভিন্ন পৰিচিতিবিলাকৰ ভিতৰতেই ধৰ্মীয় আদৰ্শবাদ মধ্যযুগীয়া আৰু তাৰ প্ৰবল সমাজ-সাংস্কৃতিক ভেটিৰ আলমত গঢ়ি উঠা প্ৰভূত্বশীল প্ৰৱনতা ব্যাপক । এইখিনিতে প্ৰফেচৰ আশীষ নন্দীয়ে ধৰ্মৰ দুটা ৰূপৰ কথা কৈছে । এটা হ’ল একান্ত ভক্তি হিচাবে পালন কৰা ধৰ্ম যি বিশ্বজনীনতা, সহিষ্ণুতা আৰু ভতৃত্ববোধৰ এক নিভাঁজ প্ৰকাশ । অন্যটো হ’ল ধৰ্মীয় আদৰ্শবাদ যি আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ মাজতেই মুৰ দাঙি উঠা ধৰ্মভিত্তিক পৰিচিতিৰ ৰাজনীতি । তাকেই, প্ৰফেচৰ প্ৰতাপ ভানু মেহতাইও কৈছে যে ‘Religious conflict in India does not stem from doctrinal or theological sources, but is firmly a product of the politics of representation.’ । গতিকে, ধৰ্মীয় আদৰ্শবাদ প্ৰকৃতাৰ্থৎ অন্যান্য পৰিচিতিকেন্দ্ৰিক ৰাজনীতিৰ দৰে একে ।

সম্প্ৰতি প্ৰস্তাৱিত বিধেয়কখনৰ প্ৰসঙ্গত দেশ বিভাজনৰ সময়ৰ সাম্প্ৰদায়িক ৰাজনৈতিক ব্যাখ্যাৰ পুনৰাবৃত্তি পুনৰুত্থানবাদী প্ৰৱণতাৰ বাদে একো নহয় । ধৰ্মীয় আদৰ্শবাদ হ’ল ধৰ্মৰ সংগঠিত ৰূপ যি ব্যক্তিগত ভক্তিৰ উৰ্ধত । ব্যক্তিগত জীৱনত মহম্মদ আলি জিন্না আৰু ৱিনায়ক দামোদৰ সাৱাৰকাৰ দুয়োজন নাস্তিক আছিল যদিও সামাজিক-ৰাজনৈতিক জীৱনত ধৰ্মীয় আদৰ্শবাদৰ পোষকতা কৰিছিল । গতিকে বিভাজনৰ পটভূমিলৈ চালে নিঃসন্দেহে জিন্নাৰ আদৰ্শবাদী সতীৰ্থ সাৱাৰকাৰহে আছিল । এই ধৰ্মীয় আদৰ্শবাদ আচলতে আধুনিকতাৰ পৰশত জাগি উঠা আৰু সেয়ে মধ্যযুগৰ ধৰ্ম সংস্কাৰৰ দৰে ইতিবাচক দিশ ইয়াত অনুপস্থিত । আমি জানো যে আধুনিক ৰাষ্ট্ৰব্যৱস্থা প্ৰতিষ্ঠাৰ সমকালিকভাৱে হৈ থকা ধৰ্ম সংস্কাৰবিলাকেই আছিল আধুনিকতাৰো পথ প্ৰদৰ্শক ৷ তাৰ বিপৰীতে, আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ মাজত এনে ধৰ্মীয় আদৰ্শবাদ হ’ল প্ৰকৃতাৰ্থত সংস্কৃতিৰ পুনৰুত্থানবাদী জাতীয় চেতনা ৷ ধৰ্মৰ আধাৰত এনে বিশেষত্ববাদী অথবা বিচিন্নতাবাদী আদৰ্শবাদৰ ধ্বজা উৰাবলৈ সংস্কৃতিৰ উপাদান হিচাবে থকা আচাৰ-ৰীতিৰ বিশেষত্বই একমাত্ৰ সমল হ’ব । কাৰণ ধৰ্মৰ সংগঠিত ৰূপ দিবলৈ যাওঁতে সাধাৰণতে এনে গৌণ আচাৰ ৰীতিবিলাক অথবা সেইবোৰৰ মধ্যবিত্তীয় সৃষ্টিশীল ৰূপান্তৰবিলাকেই সমল হৈ পৰে ৷ এই আচাৰ-ৰীতি বিলাকৰ সাধাৰণ প্ৰভাৱে মানুহৰ ব্যক্তিত্বৰ স্তৰবোৰ খহাই এক সামুহিক সত্তাত বিলীন কৰি দিয়ে ।

গতিকে এনে ধৰ্মীয় আদৰ্শবাদৰ নেতৃত্ব দিয়াসকল ব্যক্তিগত জীৱনত কেতিয়াও ঈশ্বৰ বিশ্বাসী বা ধাৰ্মিক হোৱাৰ সম্ভাৱনা কম, বৰঞ্চ সামাজিক জীৱনত তেওঁলোকে ছদ্মবেশী হিচাবে ভক্তিক প্ৰদৰ্শনীমূলকভাৱেহে ব্যৱহাৰ কৰে । এইসকল নাস্তিক ছদ্মবেশী, কিন্তু মানৱতাবাদী নাস্তিক নহয় । ধৰ্মীয় আদৰ্শবাদেৰে বিশেষত্ববাদী নতুবা বিচিন্নতাবাদী নিচাৰ বিষবাষ্প বিয়পোৱা এনে ছদ্মবেশী নাস্তিকতা আচলতে আধুনিকতাৰেই এক কদৰ্য ৰূপ । এয়া উগ্ৰ জাতীয়তাবাদ য’ত আমি-তেওঁলোকৰ সংজ্ঞা দিওঁতে ‘আমি’বোৰ তেনেই সংকুচিত হৈ অবহনীয় হৈ পৰে । অৰ্থাৎ এনে প্ৰৱণতা তেনেই ক্ষনিক আৰু কেতিয়াও বহনক্ষম হ’ব নোৱাৰে ।

এইটো ঐতিহাসিক সত্য যে ভাৰতৰ সাংবিধানিক জাতীয়তাবাদৰ মাজতেই বিভিন্ন জাতিসত্তাবিলাকৰ জাতীয়তাবোধত বিশেষত্ববাদী প্ৰৱণতা জাগৃত হয় । স্বৰাজোত্তৰ ভাৰতৰ উন্নয়নৰ পৰিকাঠামোৰত হেৰাই যোৱা বিকাশৰ পৰিকল্পনাবোৰেই এনে জাতীয় প্ৰশ্নবোৰলৈও ইন্ধন যোগায় । উদাহৰণস্বৰূপে, অসম আন্দোলনৰ পটভূমি যেনেকৈ জাতীয়তাবাদ, তেনেকৈ বৰাক উপত্যকাত বাংলাভাষী সকলৰ অস্তিত্বৰ প্ৰশ্ন অথবা অসমৰ জনজাতীয় জনগোষ্ঠীবিলাকৰ স্বায়ত্তশাসনৰ দাবীও জাতীয়তাবাদ । ভাৰতৰ সাংবিধানিক জাতীয়তাবাদক গিলিব খোজা হিন্দুত্ববাদী ধাৰাও এক ধৰ্মভিত্তিক পৰিচিতি । উল্লেখযোগ্য যে স্বৰাজোত্তৰ ভাৰতত অন্যান্য ক্ষুদ্ৰ ক্ষুদ্ৰ পৰিচিতিৰ আন্দোলন বিলাকৰ ভিতৰত হিন্দু জাতীয়তাবাদেই হৈ পৰিছিল আটাইতকৈ শক্তিশালী । এনে ক্ষুদ্ৰৰ পৰা বৃহৎ বিস্তৃতিৰ গোষ্ঠীগত জাতীয়তাবাদী আন্দোলনবিলাকৰ প্ৰভূত্বশীল প্ৰৱণতাই ৰাষ্ট্ৰযন্ত্ৰক নিয়ন্ত্ৰণত ৰাখিব বিচাৰে । অৱশ্যে এখন আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে এইবিলাকৰ কোনোটোৱেই ঐকিক মতবাদ হ’ব নোৱাৰে কাৰণ প্ৰতিটোৱেই “আমি আৰু তেওঁলোক”ৰ এক কটকটীয়া সংজ্ঞাৰে জাতিৰাষ্ট্ৰক পৰিচালিত কৰিব বিচাৰে । এইটো সহজেই অনুধাৱন কৰিব পাৰি যে ৰাষ্ট্ৰৰ নাগৰিকসকলক “আমি আৰু তেওঁলোক”ত বিভক্ত কৰাটোক জাতীয়তাবাদ হ’লেও ৰাষ্ট্ৰীয়তাবাদ বুলি কেতিয়াও ক’ব নোৱাৰি । যিকোনো পৰিচিতিকেন্দ্ৰিক জাতীয়তাবাদে সাংবিধানিক ৰাষ্ট্ৰীয়তাবাদৰ দৰে গণতান্ত্ৰিক ভেটি এটা গ্ৰাস কৰিব বিচাৰিলেই অধিনায়কত্ববাদৰ জন্ম হয় । ধৰ্মভিত্তিক পৰিচিতিয়ে ধৰ্মৰাষ্ট্ৰৰো জন্ম দিব পাৰে । অৱশ্যে, আধুনিক গণতান্ত্ৰিক পৰম্পৰাৰ মাজত ধৰ্মীয় পৰিচিতিৰ ৰাজনীতিয়ে ৰাষ্ট্ৰব্যৱস্থাক নিয়ন্ত্ৰণত ল’লেও সততে ফেচীবাদ অথবা ধৰ্মৰাষ্ট্ৰৰ সৃষ্টি কৰিব পাৰিব যেন মনে নধৰে ৷ স্বৰাজোত্তৰ ভাৰতৰ সংবিধানিক গণতন্ত্ৰৰ কোনো গত্যন্তৰ নাই । তাৰমানে এইটো নহয় যে স্বৰাজোত্তৰ ভাৰতবৰ্ষৰ সাংবিধানিক গণতন্ত্ৰ একেবাৰে বিতৰ্কৰ বাহিৰত ৷ সাংবিধানিক চেকুলাৰ ৰাষ্ট্ৰব্যৱস্থাৰ ৰূপায়নৰ দিশত আৰু পৰৱৰ্তী সময়ছোৱাত সমাজ জীৱনৰ চেকুলাৰকৰনৰ ক্ষেত্ৰত ৰাষ্ট্ৰব্যৱস্থাৰ ভূমিকাৰ ক্ষেত্ৰত আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে । এনে আলোচনাই সাংবিধানিক দায়বদ্ধতা আৰু তাৰ সামাজিক-ৰাজনৈতিক ৰূপান্তৰৰ মাজৰ অন্তৰালৰ আচল ছবিখন স্পষ্ট কৰিব আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াক অধিক সবল কৰি তোলাৰ দিশত ভৱিষ্যত কৰ্মপন্থা নিৰূপন হ’ব ৷

গতিকে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ খনে এক সংবিধানিক সৃষ্টিশীলতাৰ পৰিচয় দিলেও এইক্ষেত্ৰত মৌলিক প্ৰশ্নটো হ’ল সাংবিধানিক নৈতিকতাহে আৰু ইয়াৰ নেতিবাচক প্ৰভাৱ ভাৰতীয় সাংবিধানিক গনৰাজ্যৰ ওপৰত বাৰুকৈয়ে পৰিব । অসমৰ অবৈধ অনুপ্ৰৱেশৰ সমস্যা সমাধানৰ দিশত এই বিধেয়কখনৰ প্ৰভাৱ যে নেতিবাচক তাত কোনো সন্দেহ নাই । ই উচ্চতম ন্যায়ালয়ৰ বিদেশী বিতাড়নৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ দিয়া নিৰ্দেশনাৰ এক সম্পূৰ্ণ বিপৰীত পদক্ষেপ । তাতোকৈ অনস্বীকাৰ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সাংবিধানিক দিশটো আওকাণ কৰি কেৱল অসমৰ অনুপ্ৰৱেশৰ সমস্যাৰ দৃষ্টিৰে পৰ্যালোচনা কৰিবলৈ গ’লে বহুত কথাই হয়তো স্পষ্ট নহ’ব । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে অসমীয়াৰ দৰে ক্ষুদ্ৰ জাতিসত্তাবিলাকৰ জনগনৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰিবলৈ সংবিধানৰ সংঘীয় আৰু চেকুলাৰ গাঁথনিটো অক্ষুন্ন ৰখাটো নিতান্তই প্ৰয়োজন আৰু প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কখনে এই মৌলিক গাঁথনিটোলৈ ভাবুকিৰ সৃষ্টি কৰিছে । ইতিমধ্যে হিন্দু জাতীয়তাবাদীসকলে অনুপ্ৰৱেশৰ ধৰ্মভিত্তিক পৰিসাংখ্যিক তথ্যৰ আলমত হিন্দু সংস্থাপনৰ যুক্তিযুক্ততাৰে বিধেয়কখনৰ ন্যায্যতা প্ৰতিপন্ন কৰিব বিচাৰিছে । শতকৰা অংশ হিচাবে অসমৰ মুছলমান জনসংখ্যা ১৯০১ চনত ১২.৪ পৰা ১৯৫১ চনত ২৫.৪ লৈ বৃদ্ধি হৈছিল । এয়া ঔপনিৱেশিক সময়ৰ কথা । তাৰ পাছত ক্ৰমে ১৯৭১ চনত ২৪.৬ আৰু ২০১১ চনত ৩৪.২ শতাংশ হ’লগৈ । তাৰ বিপৰীতে হিন্দু জনসংখ্যা  ১৯৫১ চনত ৭০.৮ শতাংশৰ পৰা ৬১.৫ শতাংশলৈ হ্ৰাস পায় । এইখিনিতে মুছলমান জনসংখ্যা বৃদ্ধিৰ কাৰণ অনুপ্ৰৱেশৰ লগতে অধিক জন্মৰ হাৰো আছে । আধুনিক শিক্ষা-দিক্ষাই স্পৰ্শ নকৰাৰ ফলত এতিয়াও ধৰ্মীয় অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বলি হৈয়ে আছে অসমৰ বংগীয় মূলৰ মুছলমানসকল । গতিকে আমি দৃঢ়তাৰে ক’ব পাৰোঁ যে অনুপ্ৰৱেশ অথবা জনসংখ্যা বৃদ্ধিৰ দৰে এনে সমস্যাৰ সমাধান ধৰ্মীয় মেৰুকৰণত নাই । বিদেশী বিতৰণৰ ক্ষেত্ৰত স্পষ্ট নীতি, সামগ্ৰিকভাৱে জনসাধাৰণৰ আৰ্থ-সামাজিক নীতি, সামাজিক সংস্কাৰ আৰু চেকুলাৰকৰণৰ কোনো গত্যন্তৰ নাই । ধৰ্মীয় মেৰুকৰণে সমস্যাৰ জটিলতাহে বৃদ্ধি কৰিব ।

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.