সময়ৰ শৰ আৰু ব্ৰহ্মাণ্ডৰ কেলেণ্ডাৰ

(১)

“স্বৰ্গৰ ওপৰত, নৰকৰ তলত অথবা দুয়োটাৰ মাজত থকা মহাশূণ্যৰ বুকুত অতীত, বৰ্তমান আৰু ভৱিষ্যতক এখন জালৰ দৰে গুঠি থোৱা আছে” – বৃহদাৰণ্যক উপনিষদ

মানৱ ইতিহাস সময়ৰ সৰলৰৈখিক (Linear) আৰু চক্ৰাকাৰ (Cyclical) ধৰণাৰ সমাহিত ব্যাখ্যাৰে সমৃদ্ধ । দিন, মাহ অথবা বছৰকে ধৰি সময়ৰ চক্ৰাকাৰ ৰাশিবোৰ প্ৰত্যক্ষভাৱে ব্ৰহ্মাণ্ডীয় (Cosmological) । এই বিশাল বিশ্বব্ৰহ্মাণ্ডখনক পৰিচালিত কৰা সূত্ৰবিলাকৰ অনুসন্ধানেই হ’ল জ্যোতিৰ্বিজ্ঞানৰ (Astronomy) বিষয়বস্তু । যেনেকৈ ঋতুৰ পৰিৱৰ্তন অনুসৰি হোৱা সময়ৰ বিভক্তি, এটা মানৱ জীৱন নতুবা বহু প্ৰজন্মৰ সন্মিলিত স্মৃতিৰ ভিতৰত হয়তো এটা দিন এবছৰতকৈ ডাঙৰ চক্ৰত পুনৰাবৃত্ত নহয় । পদাৰ্থবিজ্ঞানৰ বিকাশৰ লগে লগে ব্ৰহ্মাণ্ডীয় সময়ৰ পৰম চক্ৰাকাৰ বৈশিষ্ট্যক ব্ৰহ্মাণ্ডীয় বক্ৰতাই (Universal Curves) প্ৰত্যাহ্বান জনাইছে । তেনেকৈ ভূতাত্বিক সময়ৰ ক্ষণ মাত্ৰ মানৱ সভ্যতাৰ ইতিহাসে মানৱতাৰ ভেঁটি গঢ়ে । কিন্তু এই মানৱ ইতিহাসে এক পৰম ব্ৰহ্মাণ্ডীয় সূত্ৰৰ উদ্ভাৱন, ব্যক্তিগত-সামগ্ৰিক তথা সুক্ষ্ম-স্থুল আদি দ্বৈতবাদৰ দৰে কিছুমান অনিবাৰ্য সংঘাতৰ প্ৰত্যাহ্বান বহন কৰি আহিছে । কেৱল মানৱ জীৱনেই নহয় এই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰো যে ইতিহাস আছে তাৰ অনুধাৱনে মানৱ অন্বেষণৰ পৰিধি বৃদ্ধি কৰে । তেনে পটভূমিতেই হয়তো জে টি ফ্ৰেজাৰে কৈছিল, “The resulting dichotomy between time felt and time understood is a hallmark of scientific-industrial civilization, a sort of collective schizophrenia.”

প্ৰকৃতিৰ লগত নিৰন্তৰ সংগ্ৰামতেই মানুহে পাৰ্থিৱজগতৰ বস্তুগত সম্পৰ্কবিলাকৰ সৈতে পৰিচিত হৈছিল । মানৱ সভ্যতাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ বিজ্ঞান কৌতূহলেৰে আবৃত আছিল আৰু সেয়ে পদাৰ্থজগতৰ অন্তৰ্নিহিত শক্তিসমূহ উপযুক্তভাৱে সঞ্চালন কৰিব পৰাকৈ জ্ঞান আহৰণ সম্ভৱ হৈ উঠা নাছিল । প্ৰাকৃতিক দুৰ্যোগবিলাক আছিল অদৃষ্ট আসুৰিক শক্তি আৰু সেইবোৰক অপতুষ্টিৰে নিয়ন্ত্ৰণ কৰিব বিচৰা হৈছিল । অৱশ্যে, এই অপশক্তিবোৰৰ উৎসক লৈ অন্য উচ্চমানৰ সৃষ্টিশীল ধাৰণা তেতিয়ালৈকে সম্ভৱ হৈ উঠা নাছিল । তেতিয়ালৈকে পদাৰ্থজগতৰ পৰা স্বতন্ত্ৰ এক সৃষ্টিকৰ্তা অথবা অন্য কোনো সত্তাৰ কল্পনাও সম্ভৱ নাছিল । গতিকে, এক অলৌকিক শক্তিৰ ধাৰণা কৰিব পৰা পৰ্যায়লৈকে মানুহৰ চিন্তাশক্তিৰ বিকাশ বহুত পিছৰ পৰিঘটনা । এই অলৌকিক শক্তিৰ ধাৰণা অহাৰ সময়ত ইতিমধ্যে সমাজত শ্ৰেণীবিভাজন আৰম্ভ হ’ল, সম্পত্তিয়ে স্থায়িত্ব পালে আৰু একনায়কত্ববাদী প্ৰশাসনিক ব্যৱস্থাৰ প্ৰণয়ন হ’ল । মানুহৰ পৰ্যবেক্ষণত ধৰা পৰিল যে তেওঁৰ চৌপাশৰ প্ৰাকৃতিক জগতখন কিছুমান বিধি অৰ্থাৎ নীতিসংগতভাৱে পৰিচালিত হয় । গতিকে যেনেকৈ এজন প্ৰশাসকে সমাজৰ শাসন নিয়ন্ত্ৰণ কৰে, তেনেকৈ এই প্ৰকৃতিজগতৰো নিয়ন্ত্ৰণ কোনো অলৌকিক শক্তিৰ ওচৰত ন্যস্ত আছে । এই পৰ্যবেক্ষণতেই সৃষ্টিকৰ্তাৰ আৱিস্কাৰ হয় । সকলো ধৰ্মতেই এক অলৌকিক, চৈতন্য আৰু সৰ্বময় সত্তাৰ ধাৰণা আছে যি এই বিশ্বব্ৰহ্মাণ্ডৰ সকলো সৃষ্টি আৰু কাণ্ডৰ মূল । এইখিনিতে পাৰ্থিৱজগতৰ পৰা স্বতন্ত্ৰ এনে সৰ্বময় সত্তাৰ ধাৰণা কৰিব পৰাকৈ মানুহৰ চিন্তাশক্তিৰ বিকাশেই হ’ল ধৰ্মৰ ঐতিহাসিক গুৰুত্ব ।

এনে প্ৰাকৃতিক নিয়মানুৱৰ্তিতাৰ ভিত্তিত উদ্ভাৱন কৰা সূত্ৰই জ্যোতিৰ্বিজ্ঞানৰ ক্ষেত্ৰতো অগ্ৰগতি অব্যাহত ৰাখে । তেনেদৰে যোৱা তিনিটা শতিকাত পদাৰ্থ বিজ্ঞানৰ অভূতপূৰ্ব বিকাশ পৰিলক্ষিত হয় । প্ৰাকৃতিক ঘটনাবিলাকৰ পুনৰাবৃত্তিৰ এক সৰল পৰ্যবেক্ষণে লাপ্লাচৰ বৈজ্ঞানিক নিশ্চয়তাবাদৰ (Scientific Determinism) দৰে অৱধাৰণাৰ জন্ম দিছিল । অৱশ্যে এই নিশ্চয়তাবাদে বিশ্ব-ব্ৰহ্মাণ্ডৰ বিৱৰ্তনত সৃষ্টিকৰ্তাৰ ভূমিকাক অনিশ্চয়তাৰ পৰা মুক্ত কৰিব পৰা নাছিল । পাছলৈ অনিশ্চয়তাবাদৰ সূত্ৰই (Uncertainty Principle) ব্ৰহ্মাণ্ডীয় পৰিঘটনাবিলাকৰ পৰ্যবেক্ষণ আৰু অনুমানৰ ক্ষেত্ৰত থকা মানৱীয় সীমাৱদ্ধতাক প্ৰতিপন্ন কৰে । মধ্যাকৰ্ষণ শক্তিয়ে বিশ্ব-ব্ৰহ্মাণ্ডৰ সংকুচন-সম্প্ৰসাৰণক প্ৰতিষ্ঠিত কৰে । আপেক্ষিকতাবাদৰ সাধাৰণ সূত্ৰ (General Theory of Relativity) অনুসৰি এক অসীম ঘন অৱস্থাৰ পৰা বৃহৎ বিস্ফোৰণেই বিশ্ব-ব্ৰহ্মাণ্ড আৰু সময়ৰো আৰম্ভনি । তেনে ব্যাখ্যাৰ আলমত কোৱা হ’ল যে এদিন সংকোচিত হৈ এক কৃষ্ণগহ্বৰত পৰিণত হ’লে সময়ৰো অৱসান ঘটিব । কোৱণ্টাম গতিবিজ্ঞান (Quantum Dynamics) আৰু সাধাৰণ আপেক্ষিকতাবাদৰ সন্মিলনে কিছুমান নতুন সম্ভাৱনীয়তাৰ সৃষ্টি কৰে আৰু এক সীমাহীন ব্ৰহ্মাণ্ডৰ অৱধাৰণাৰ যোগেদি সময়ৰ শৰপাত বিচাৰি উলিওৱাৰ দিশত অগ্ৰসৰ হয় । নিউটনীয় বিজ্ঞানে এক ব্ৰহ্মাণ্ডীয়, নিশ্চয়তাবাদী আৰু পৰ্যবেক্ষণিক প্ৰভাৱৰ পৰা মুক্ত প্ৰকৃতিৰ চিত্ৰ দাঙি ধৰে যি এক ঐতিহাসিক সময়ৰ ধাৰণাৰ পৰা মুক্ত । আচলতে শাস্ত্ৰীয় পদাৰ্থবিজ্ঞানৰ এনে স্থিতিশীল সময় আৰু আমাৰ জীৱনৰ অস্তিত্ববোধৰ লগত জৰিত সময়ৰ মাজত সংঘাত ক’ত ?

পইনকাৰে যেতিয়া এক গতিশীল আবদ্ধ তন্ত্ৰৰ ভিতৰত প্ৰতিটো অৱস্থাৰে পুনৰাবৃত্তি হয় বুলি প্ৰমান কৰে, সময়ৰ শৰপাতৰ দিশ সমন্ধে বল্টজমেনৰ প্ৰাৰম্ভিক অৱধাৰণা সলনি হৈছিল । এণ্ট্ৰপীয়ে (Entropy) প্ৰমাণ কৰা অনুক্ৰমনীয়তাৰ সৈতে এই সময়ৰ শৰপাতৰ কিবা সমন্ধ থাকিব পাৰে নেকি? তেওঁ মত পোষণ কৰিলে যে সময়ৰ দিশ মাথো এক ব্যৱহাৰিক ধাৰণা আৰু অচলতে অতীত আৰু ভৱিষ্যতৰ মাজত কোনো বস্তুগত পাৰ্থক্য নাই । এই বিশ্বব্ৰহ্মাণ্ডখন যিহেতু এক উষ্মীয় সাম্য অৱস্থাত (Thermal Equilibrium) আছে, গতিকে এণ্ট্ৰপীৰ তাৰতম্য এক তেনেই স্থানীয় পৰিঘটনা । তেনেকৈ সময়ৰ শৰৰ ধাৰণাও এক ক্ষেত্ৰ বিশেষৰ মনস্তাত্ত্বিক ধাৰণাহে মাথো । এক নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰত সময়ৰ দিশ হ’ল নিম্ন সম্ভাৱনীয় অৱস্থাৰ পৰা উচ্চ সম্ভাৱনীয় অৱস্থালৈ গতি । অৱশ্যে ই এক নিৰ্দিষ্ট প্ৰাৰম্ভিক অৱস্থাৰ পৰা সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ এক দিশাত্মক পৰিৱৰ্তনক আওকাণ কৰি তাপগতি বিজ্ঞানৰ দ্বিতীয় সূত্ৰৰ অনুধাৱন যে অসম্ভৱ তাক প্ৰতিপন্ন কৰে । গতিকে, বিশ্বব্ৰহ্মাণ্ডৰ এক দিশাত্মক পৰিৱৰ্তন যদি কেৱল এক ভ্ৰম হয়, তেন্তে প্ৰতিটো ঐতিহাসিক ঘটনাই ভ্ৰম হৈ পৰিব ।

কুৰি শতিকাৰ আৰম্ভণিলৈকে এক পৰম আৰু স্থিতিশীল সময়ৰ ধাৰণাই প্ৰভাৱ বিস্তাৰ কৰিছিল । যেতিয়া পোহৰৰ বেগ পৰ্যবেক্ষণিক সীমাৱদ্ধতাৰ পৰা মুক্ত হ’ল আৰু তাৰ ফলস্বৰূপে আপেক্ষিকতাবাদ সূত্ৰৰ জন্ম হ’ল, সময়ৰ ধাৰণাও তেনে প্ৰভাৱৰ পৰা মুক্ত হ’ল আৰু ই পৰ্যবেক্ষণিক সীমাৱদ্ধতাৰে আবৃত্ত হ’ল । আকৌ যেতিয়া মধ্যাকৰ্ষণ আৰু কোৱাণ্টাম প্ৰক্ৰিয়াৰ মাজত সংযোজন ঘটোৱা হয়, এক কাল্পনিক সময়ৰ ধাৰণা সন্নিৱিষ্ট কৰা হয়, যাৰ অগ্ৰগামী আৰু পশ্চাৎগামী দিশৰ মাজত কোনো পাৰ্থক্য নাথাকে । আনকি আইনষ্টাইনৰ মতেও অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ মাজত পাৰ্থক্য নিৰূপন পদাৰ্থবিজ্ঞানৰ পৰিধিৰ বাহিৰত । অপশ্চাৎগামিতা (Irreversibility) হ’ল অসম্ভাৱনীয় প্ৰাৰম্ভিক অৱস্থাই সৃষ্টি কৰা এক ভ্ৰম মাথো । তাৰ বিপৰীতে, আমি সাধাৰণ জীৱনত অতীতক আমি মনত পেলাব পাৰোঁ, কিন্তু ভৱিষ্যতক নোৱাৰোঁ । অৱশ্যে, পদাৰ্থবিজ্ঞানৰ বাবে অতীত আৰু বৰ্তমানৰ এই পাৰ্থক্য অৰ্থহীন । এই পাৰ্থক্যৰ বিশ্লেষণ তাপগতি বিজ্ঞানৰ দ্বিতীয় সূত্ৰৰ দ্বাৰা দিয়া হয় যে যিকোনো আবদ্ধ তন্ত্ৰৰ বিশৃংখলতা অথবা এণ্ট্ৰপী অতীতৰ পৰা ভৱিষ্যতলৈ বৃদ্ধি পায় । কিন্তু, পদাৰ্থবিজ্ঞানত অপশ্চাৎগামিতা অন্তৰ্ভূক্ত কৰাত আইনষ্টাইন সন্মত নাছিল । ফ্ৰেইডমেন আৰু লেমাইত্ৰে আৱিস্কাৰ কৰা সম্প্ৰসাৰিত বিশ্বব্ৰহ্মাণ্ডৰ সৈতে সময়ৰ সম্পৰ্ক নিশ্চয় থাকিব । তথাপি ব্ৰহ্মাণ্ডীয় বিৱৰ্তনৰ এই ঐতিহাসিক আৱিস্কাৰক বহুবছৰলৈকে আইনষ্টাইনকে ধৰি পদাৰ্থবিজ্ঞানীসকলে গ্ৰহন কৰিব বিচৰা নাছিল ।

যদি এই ব্ৰহ্মাণ্ডৰ ইতিহাসে সীমাহীন (Boundary-less) চৰ্তটো পূৰণ কৰে, তেন্তে সময়ৰ আৰম্ভণি আছিল ব্ৰহ্মাণ্ডীয় সময়ৰ এক নিয়মিত আৰু নিৰ্বিঘ্ন বিন্দু আৰু ব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণো নিয়মিত, নিৰ্বিঘ্ন আৰু সুসংগঠিত অৱস্থাত সম্ভৱ হ’ব । ই তাপগতি বৈজ্ঞানিক সময়ৰ শৰপাতৰ অস্তিত্ব প্ৰতিপন্ন কৰিব । কিন্তু, যদি এই ব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণ বন্ধ হৈ সংকুচিত হ’বলৈ আৰম্ভ কৰে তেন্তে কি হ’ব? তেন্তে, তাপগতি বৈজ্ঞানিক শৰডালে বিপৰীত দিশে গতি কৰিব আৰু সময়ৰ লগতে ব্ৰহ্মাণ্ডৰ বিশৃংখলতা হ্ৰাস পাব নেকি ? সম্ভৱতঃ এইটো ঠিক যে সংকোচনৰ পৰ্যায় হ’ল সম্প্ৰসাৰিত অৱস্থাৰ তুলনাত সময়ৰ বিপৰীত দিশ । অৱশ্যে, ডন পেজ নামৰ পদাৰ্থ বৈজ্ঞানিকজনে উল্লেখ কৰিছিল যে ব্ৰহ্মাণ্ডৰ সীমাহীন সূত্ৰ মানেই সংকোচিত অৱস্থাত সময়ে সম্প্ৰসাৰিত অৱস্থাতকৈ বিপৰীতে দিশত গতি কৰাটো নুবুজায় । সীমাহীন অৱস্থাই সংকোচনতো বিশৃংখলতা ক্ৰমান্বয়ে বৃদ্ধি হোৱাটোহে বুজায় । তাৰমানে সংকোচনৰ পৰ্যায় অথবা কৃষ্ণ গহ্বৰৰ ভিতৰত সময়ৰ তাপগতি বৈজ্ঞানিক আৰু মনস্তাত্ত্বিক শৰ বিপৰীত দিশত গতি নকৰে ।

যেনেকৈ বিশৃংখলতা ব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণৰ লগত হোৱা সময়ৰ দিশতেই বৃদ্ধি হয়, তেনেকৈ সংকোচন পৰ্যায় মানুহৰ বৌদ্ধিক বিকাশৰ বাবে অনুকূল নহয় । সীমাহীন অৱস্থাৰ সূত্ৰই প্ৰমাণ কৰাৰ দৰে বিশ্বব্ৰহ্মাণ্ডৰ স্ফীত প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা ব্ৰহ্মাণ্ড এক বিশেষ বেগত সম্প্ৰসাৰিত হৈ আছে । তেনেকৈ এই ব্ৰহ্মাণ্ড এদিন যেতিয়া সম্পূৰ্ণকৈ বিশৃঙ্খল হৈ পৰিব, তেতিয়া তাপগতি বৈজ্ঞানিক সময়ৰ শৰে তীক্ষ্ণধাৰ হেৰুৱাই পেলাব । কিন্তু, মানুহৰ বৌদ্ধিক জীৱনৰ বাবে এক শক্তিশালী তাপগতি বৈজ্ঞানিক শৰ অপৰিহাৰ্য । মানৱ জীৱন-যাপন যিহেতু এক শক্তি ব্যয়শীল প্ৰক্ৰিয়া, ব্ৰহ্মাণ্ডৰ সংকোচন পৰ্যায়ত বৌদ্ধিক জীৱন অসম্ভৱ । সেয়ে ব্ৰহ্মাণ্ডীয় আৰু তাপগতি বৈজ্ঞানিক সময়ৰ শৰ একে দিশত বুলি কোৱা হয় । এইটো নহয় যে ব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণে বিশৃংখলতাৰ বৃদ্ধি কৰে । আচলতে সীমাহীন অৱস্থাইহে বিশৃংখলতা বৃদ্ধি কৰে আৰু এক বৌদ্ধিক জীৱনৰ বাবে অনুকুল অৱস্থা কেৱল সম্প্ৰসাৰণ পৰ্যায়তেই আছে ।

ষ্টিফেন হকিঙে এনে তিনি প্ৰকাৰৰ সময়ৰ শৰৰ বৰ্ণনা কৰিছে যি অতীত আৰু বৰ্তমানৰ মাজত পাৰ্থক্য বিচাৰি উলিয়াব পাৰে । তাৰ ভিতৰত, তাপগতি বৈজ্ঞানিক শৰ হৈছে বিশৃংখলতা (Disorder) বৃদ্ধিৰ সমান্তৰালকৈ হোৱা সময়ৰ দিশ । মনস্তাত্ত্বিক শৰ হৈছে সময়ৰ এইটো দিশ যিটো দিশত আমি অতীতক ৰোমন্থন কৰিব পাৰোঁ, কিন্তু ভৱিষ্যতৰ নোৱাৰোঁ । তেনেকৈ ব্ৰহ্মাণ্ডীয় শৰ হৈছে সময়ৰ এইটো দিশ যিটো দিশত বিশ্বব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণ হয় । এইটো প্ৰমাণ কৰিব পাৰি যে মনস্তাত্ত্বিক শৰৰ দিশ তাপগতি বৈজ্ঞানিক শৰৰ সৈতে একে I আগতে উল্লেখ কৰাৰ দৰে তাপগতি বৈজ্ঞানিক আৰু ব্ৰহ্মাণ্ডীয় শৰৰ ঐক্যমত হোৱাৰ কাৰণ হ’ল বৌদ্ধিক সত্তাবিলাকৰ অস্তিত্ব কেৱল সম্প্ৰসাৰিত অৱস্থাতহে সম্ভৱ । তেনেকৈ ব্ৰহ্মাণ্ডৰ সীমাহীন অৱস্থাৰ সূত্ৰই এক স্পষ্ট তাপগতি বৈজ্ঞানিক শৰৰ সম্ভেদ দিয়ে কাৰণ এই ব্ৰহ্মাণ্ড এক সৰল আৰু শৃংখলাবদ্ধ অৱস্থাতেই আৰম্ভ হৈছিল । উল্লেখযোগ্য যে মানৱ সভ্যতাৰ বিকাশে ব্ৰহ্মাণ্ডৰ বৰ্ধিত বিশৃংখলতাৰ মাজত এক শৃংখলাবদ্ধ আয়তনৰ সৃষ্টি কৰে ।

এইখিনিতে অপশ্চাৎমুখী প্ৰক্ৰিয়াৰ সূক্ষ্মদৰ্শী সূত্ৰ (Microscopic Theory) আৰু গতি বিজ্ঞানৰ (শাস্ত্ৰীয় অথবা কোৱাণ্টাম) মাজৰ সম্পৰ্ক এতিয়াও ইমান সহজ নহয় কাৰণ অপশ্চাৎমুখী প্ৰক্ৰিয়া আৰু তাৰ সংলগ্ন এণ্ট্ৰপীৰ বৃদ্ধি গতি বিজ্ঞানৰ সাধাৰণ পৰিনাতি নহয় । অপশ্চাৎমুখী প্ৰক্ৰিয়াৰ সূক্ষ্মদৰ্শী সূত্ৰৰ বাবে অতিৰিক্ত আৰু অধিক বিস্তৃত অৱস্থাৰ প্ৰয়োজন হ’ব । আইনষ্টাইনৰ পশ্চাৎমুখী আৰু হোৱাইটহেদৰ অপশ্চাৎমুখী প্ৰক্ৰিয়াৰ সমাহিত এক বহুত্ববাদী জগতক  (Pluralistic World) সঠিককৈ আয়ত্ব কৰাটো হয়তো সহজ নহয় । কোনো সন্দেহ নাই যে অপশ্চাৎমুখিতা এক সূক্ষ্মদৰ্শী স্তৰত অৱস্থিত আৰু ইয়াৰ এক গুৰুত্বপূৰ্ণ ইতিবাচক ভূমিকা আছে । তেন্তে এই সূক্ষ্মদৰ্শী জগতত এনে কি প্ৰক্ৰিয়া আছে যি এই স্থূল জগতত অপশ্চাৎমুখী প্ৰক্ৰিয়া হিচাবে আত্মপ্ৰকাশ কৰে । বল্টজমেনৰ সূত্ৰই প্ৰমান কৰা বৰ্ধিত এণ্ট্ৰপীয়ে কোনো নিৰ্দিষ্ট তন্ত্ৰৰ বয়সকেই সূচাব । ইল্যা প্ৰিগজিনে কৈছে, “It is only the unification of dynamics and thermodynamics through the introduction of a new selection principle that gives the second law its fundamental importance as the evolutionary paradigm of the sciences.”

(২)

প্ৰাচীন ভাৰতত প্ৰচলিত সময়ৰ ধাৰণা মনুৰ ধৰ্মশাস্ত্ৰ, মহাভৰত আৰু পুৰাণৰ মাজত পোৱা যায় । এঘাৰ শতিকাত প্ৰব্ৰজক আলবেৰুনিয়ে ভাৰতৰ জ্যোতিৰ্বিজ্ঞান আৰু গণিতশাস্ত্ৰৰ অভূতপূৰ্ব বিকাশৰ লগত প্ৰচলিত জনপ্ৰিয় জ্ঞানৰ মাজত থকা পাৰ্থক্যৰ কথা লিখি থৈ গৈছে । উইলিয়াম জনচকে ধৰি প্ৰাৰম্ভিক পৰ্যায়ৰ প্ৰাচ্যবিদসকলৰ পৰ্যবেক্ষণত এই পাৰ্থক্য ধৰা পৰা নাছিল । সেয়ে তেওঁলোকে এই সিদ্ধান্তত উপনীত হৈছিল যে ভাৰতবৰ্ষত সৰলৰৈখিক সময়ৰ ধাৰণা নথকাৰ বাবে ঐতিহাসিক জ্ঞান অনুপস্থিত । ওঠৰ শতিকাৰ শেহৰ ফালে এই সূত্ৰই প্ৰভাৱ বিস্তাৰ কৰিলে যে ভাৰতীয় সময়ৰ জ্ঞান সম্পূৰ্ণ চক্ৰাকাৰ, সময় হ’ল অসীম সংখ্যক চক্ৰৰ পুনৰাবৃত্তি আৰু গতিকে ঐতিহাসিক বিৱৰ্তনৰ মান্যতা দিয়াত ই অসমৰ্থ । গতিকে সময়ৰ চক্ৰাকাৰ ধাৰণাক সৰলৰৈখিক সময়ৰ একেবাৰে বিপৰীতে ভবা হৈছিল কাৰণ সৰলৰৈখিক সময়হে দন্দ্বাত্মক পৰিৱৰ্তনৰ সৈতে সংযুক্ত । এই চক্ৰাকাৰ সময়ৰ ধাৰণাৰ তুলনাত্মকভাৱে কিছুমান খ্ৰীষ্টিয়ান পৰম্পৰাত বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ পৰা এতিয়ালৈকে মাত্ৰ ৬ হেজাৰ বছৰৰ চমু ক্ৰম বুলি উল্লেখ আছে । তেনেকৈ সৰলৰৈখিক সময় আডাম আৰু ইভৰ পৰা ইহুদী দেৱদূত হৈ অৱশেষত ন্যায়ৰ দিনটোলৈকে বিস্তৃত, যিদিনা মৃত্যুৰ পাছত আত্মাক স্বৰ্গ নতুবা নৰকত এক অনন্ত জীৱনৰ উপহাৰ দিয়া হয় । তাৰ বিপৰীতে, প্ৰাচীন ভাৰতীয় উৎসবোৰৰ পৰা পোৱা সময়ৰ সৰলৰৈখিক ধাৰণাবিলাকৰ মাজত এনে অদৃষ্টবাদী আধ্যাত্মিকতা পোৱা নাযায় । সেয়ে সময়ৰ এই সৰলৰৈখিক ধাৰণা খ্ৰীষ্টিয়ান আৰু ইচলামিক পৰম্পৰাৰ বুলি ভবা হৈছিল । ইউৰোপত যেতিয়া এই সৰলৰৈখিক ধাৰণাৰ এক বস্তুনিষ্ঠ দৃষ্টিকোণ গৃহিত হয়, উন্নৈশ শতিকাত সময়ৰ পৰিৱৰ্তনক প্ৰগতিশীল দিশ হিচাবে লোৱা হ’ল । অৱশ্যে ভূ-বিজ্ঞান, জীৱবিজ্ঞান আৰু প্ৰত্নতত্ববিদ্যাৰ দিশত হোৱা অভূতপূৰ্ব বিকাশে এই ধৰণৰ চমু কালক্ৰমৰ ধাৰণাক প্ৰত্যাহ্বান জনালে ।

সেয়ে ইতিহাসবিদ মিৰ্ছা এলিডৰ মতে প্ৰাচীন ভাৰতৰ সময়ৰ ধাৰণা মতে সময় হ’ল এক বৃহৎ চক্ৰৰ নিৰন্তৰ পুনৰাবৃত্তি । ইমানেই বৃহৎ যে পাৰ্থিৱ মানৱ কৰ্মকাণ্ড তেনেই সূক্ষ্ম আৰু তুলনামূলকভাৱে মহত্বহীন । এই চক্ৰাকাৰ সময়ৰ কোনো আদি আৰু অন্ত নোহোৱাকৈ অনৱৰত গতিশীল আৰু প্ৰতিটো চক্ৰই এক অপৰিৱৰ্তনীয় ব্যৱস্থা আৰু গাঁথনিলৈ ঘূৰি আহে । কোনো ঘটনাই বিশেষ বা নিৰ্দিষ্ট নহয়, সকলোৱেই পাছৰ কালচক্ৰত পুনৰাবৃত্ত হয় । এনেদৰে ভাৰতৰ পৌৰাণিক চক্ৰাকাৰ সময়ৰ ধাৰণাৰ দোহাই দি পাশ্চাত্যৰ প্ৰাচ্যবিদসকলে প্ৰাচীন ভাৰতীয় সভ্যতাক লৈ গৱেষণাত্মক অধ্যয়নত এক তথাকথিত ভিন্নতাৰ সৃষ্টি কৰিছিল আৰু সেই ভিন্নতাক ঔপনিৱেশিকতাবাদক প্ৰতিপন্ন কৰিবলৈ ব্যৱহাৰ কৰিছিল । প্ৰকৃতাৰ্থত যিকেইখন পুৰাতন ধৰ্মগ্ৰন্থৰ ওপৰত ভিত্তি কৰি এই সিদ্ধান্তত উপনীত হৈছিল সেই কেইখনত চক্ৰাকাৰ সময়ে সৃষ্টিকৰ্তাৰ ৰূপ লৈছিল ।

সৰলৰৈখিক সময়ৰ আদি-অন্ত থাকে আৰু প্ৰতিটো ঘটনাপ্ৰৱাহেই অদ্বিতীয় কাৰণ তাৰ পুনৰাবৃত্তি হ’ব নোৱাৰে । ই ইতিহাসক সময়ৰ পুনৰাবৃত্তি, পৎশ্চাদগমন আৰু পুৰাতন ধাৰণাৰ পৰা মুক্ত কৰি প্ৰগতিশীল পৰিৱৰ্তনক ইয়াৰ কেন্দ্ৰবিন্দু হিচাবে প্ৰতিষ্ঠা কৰে । ভৰতীয় পৰম্পৰাৰ বিভিন্ন দৰ্শনতত্বৰ মাজত সময়ৰ ক্ষেত্ৰত বিভিন্ন ব্যাখ্যা দেখা যায় । কিছুৱে সময়ক পৰিৱৰ্তনৰে বাস্তৱ হিচাবে, কিছুৱে ক্ৰমৰ অধিকৰণগত গঠন আৰু বহুতে সময়ক এক নিৰন্তৰ প্ৰবাহমান নদীৰ লগত তুলনা কৰিছে । উল্লেখযোগ্য যে যেনেকৈ দৰ্শনতত্বই সময়ৰ প্ৰবাহৰ অনুকূলে হোৱা মানৱ প্ৰগতিক এক আধ্যাত্মিক সত্য বুলি উপস্থাপন কৰে তেনেকৈ সময়ৰ প্ৰবাহ এক ইন্দ্ৰজালিক আৰু অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ দৰে ধাৰণাবোৰক অবাস্তৱ বুলিও ব্যাখ্যা কৰে ।

চক্ৰাকাৰ আৰু সৰলৰৈখিক সময়ৰ প্ৰচলিত দ্বৈতবাদৰ পটভূমিত ইতিহাসবিদ ৰমিলা থাপাৰে প্ৰাচীন ভাৰতীয় জ্যোতিৰ্বিজ্ঞান আৰু গণিতশাস্ত্ৰত সন্নিৱিষ্ট সময়ৰ ধাৰণা আৰু ঘড়ী, কুণ্ডলী, কেলেণ্ডাৰ আৰু তাৰিখ সম্বন্ধীয় ব্যৱস্থাত সময়ৰ প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত এক বিশদ ঐতিহাসিক বিশ্লেষণ আগবঢ়াইছে । এইটো অনুধাৱন কৰিব পাৰি যে জ্যোতিৰ্বিজ্ঞান আৰু গণিতশাস্ত্ৰৰ দৰে বিভিন্ন জ্ঞান-বিজ্ঞান পদ্ধতিৰ মাজত জ্ঞানৰ বিকাশ আৰু জনবিশ্বাসৰ মাজত যথেষ্ট পাৰ্থক্য আছিল । সময়ৰ ধাৰণাৰ ক্ষেত্ৰত ভাৰতীয় আৰু গ্ৰীক-বেবিলনীয় দৃষ্টিকোণৰ সামঞ্জস্য লক্ষ কৰা যায় । এই অধ্যয়নে সময় পদ্ধতিৰ বিভিন্ন গাথঁনি, পৌৰাণিক আৰু ঐতিহাসিক সময়ৰ পাৰ্থক্য, জন্মান্তৰবাদ বা আদৰ্শলোকৰ ধাৰণাৰ সৈতে সময়ৰ সম্পৰ্ক, সোণালী যুগৰ ধাৰণা আৰু সমাজৰ নৈতিকতাৰ স্খলন অৰ্থাৎ ধৰ্মৰ অৱনতি আৰু তাৰ আনুষঙ্গিক বিভিন্ন সময় গণনা পদ্ধতিক সাঙুৰি লব লাগিব ।

ইতিহাস যদি অতীতত সংঘটিত মানৱ কৰ্মকাণ্ডৰ অনুক্ৰমিকভাৱে কৰা সাম্প্ৰতিক বৰ্ণনা হয় তেন্তে সময় আৰু ইতিহাসৰ মাজত সম্পৰ্ক বিদ্যমান । মানৱ কৰ্মকাণ্ডই যুগসন্ধিৰ সৃষ্টি কৰি পৰিৱৰ্তনৰ বাস্তৱতাক প্ৰতিপন্ন কৰে । কাৰণ সময় অপ্ৰত্যাৱৰ্তনীয় অৰ্থাৎ অতীতৰ ঘটনাপ্ৰৱাহৰ পুনৰাবৃত্তি অসম্ভৱ । সময়ৰ ধাৰণা আৰু ঐতিহাসিক পৰিৱৰ্তনৰ পাৰস্পৰিক আদান-প্ৰদান ব্যাপক কাৰণ পৰিৱৰ্তনৰ প্ৰক্ষেপিত প্ৰকৃতি কেনেকুৱা – পুনৰাবৃত্তীয়, অৱৰ্তক অথবা সাময়িক – সেই লৈ বিভিন্ন প্ৰকাৰৰ সময়ৰ ধাৰণা গঢ় লৈ উঠিছে । এইবোৰ হ’ল পুনৰাবৃত্তীয় ধাৰণাৰ পৰা নিৰন্তৰ প্ৰগতিশীললৈকে আৰু দিশাত্মক অৰ্থাৎ সৰলৰৈখিকৰ উপৰিও তাৰ মাজত থকা অৱস্থানবোৰ যেনে তৰংগ বা সৰ্পিল ৰেখা । জন্মান্তৰৱাদে চক্ৰাকাৰ আৰু সৰলৰৈখিক সময়ৰ প্ৰভেদ সুস্পষ্ট কৰিছে । চক্ৰাকাৰ সময়ৰ উদ্ভাৱনে ঐতিহাসিক কালক্ৰমৰ দৰে সময়ৰ বিভিন্ন অনুভাগকো সাঙুৰি লৈছিল । এক কথাত চক্ৰাকাৰ সময়ে অন্য প্ৰকাৰৰ সময়ৰ ভাগবিলাকৰ ওপৰত প্ৰতিবন্ধক হৈ ৰোৱা নাছিল । ঐতিহাসিক কালক্ৰমে চক্ৰাকাৰ আৰু সৰলৰৈখিক সময়ৰ স্পষ্ট সীমাঙ্কন কৰাতকৈ বিভিন্ন মধ্যস্থতাকাৰী অৱস্থাৰ জন্ম দিছে । যেতিয়া দুয়োটা ধাৰণাই পৰিপূৰক হৈ পৰে তেতিয়া দ্বৈতবাদৰ অৱসান ঘটে ।

প্ৰাচীন সভ্যতাবিলাকত কেলেণ্ডাৰ নিৰ্মাতাই সময় গণনাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিছিল । কেলেণ্ডাৰ হৈছে বৃহৎ সময় মাপক পদ্ধতিৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু বহুলাৰ্থৎ কেলেণ্ডাৰ নিৰ্মান জ্যোতিৰ্বিজ্ঞানৰ সম্যক জ্ঞান অবিহনে অসম্ভৱ । গতিকে ইতিহাসৰ বিভিন্ন সময়ত সময়ৰ ধাৰণা আৰু জ্যোতিৰ্বিজ্ঞানৰ সূত্ৰ উদ্ভাৱন প্ৰায়ে সমান্তৰালকৈ হ’লেও দুয়োটা পৰিপূৰক বুলি ক’ব নোৱাৰি । ৰাতিৰ আকাশখনৰ বহু শতিকাজুৰি নিৰন্তৰ পৰ্যবেক্ষণ আৰু ছায়াৰ দৈনিক অধ্যয়নৰ পৰা সাম্প্ৰতিক সময়লৈকে জ্যোতিৰ্বিদসকলে গ্ৰহ-উপগ্ৰহৰ দূৰত্ব, গতিপথ, নক্ষত্ৰপুঞ্জ আৰু গ্ৰহনবিলাকৰ বিষয়ে প্ৰচুৰ জ্ঞান আৰ্জন কৰে আৰু তাৰ প্ৰয়োগ বিভিন্ন গাণনিক ক্ষেত্ৰত বিস্তাৰিতভাৱে কৰিবলৈ সক্ষম হয় । বিভিন্ন ধৰ্মগ্ৰন্থবিলাকত প্ৰকাশ পোৱা প্ৰচলিত সময়ৰ ধাৰণা সমকালিক জ্যোতিৰ্বিজ্ঞান আৰু গণিতশাস্ত্ৰৰ বিকাশৰ দ্বাৰা প্ৰভাৱিত হ’লেও এইবিলাকৰ ৰচনাৰ মাজত কাল্পনিক উপাদানো বিদ্যমান ।

সময়ৰ ৰাশিবোৰ বিভিন্ন প্ৰাকৃতিক চক্ৰৰ পৰা সংজ্ঞাবদ্ধ কৰা হৈছে – যেনেকৈ আহোৰাত্ৰ অৰ্থাৎ দিন-ৰাতিৰ চক্ৰ, চন্দ্ৰকলা অনুসৰি মাহেকীয়া চক্ৰ আৰু পষেক, বছৰৰ ঋতুবিলাকৰ চক্ৰ । এটা বছৰ সূৰ্যৰ অৱস্থান অনুসৰি উত্তৰায়ণ আৰু দক্ষিণায়ন নামৰ দুই আয়নান্তত ভাগ কৰা হৈছে । প্ৰতিটো চন্দ্ৰমা তিথিয়েই ক্ষুদ্ৰ ক্ষুদ্ৰ মূহুৰ্তত বিভক্ত । ভাৰতীয় সময় পদ্ধতি মতে চন্দ্ৰ আৰু সূৰ্যৰ গতিপথৰ গাণনিক ৰূপন্তৰেই হৈছে বছৰটোৰ কেলেণ্ডাৰখন । বিভিন্ন ধৰ্মিক-সামাজিক অনুষ্ঠান প্ৰাকৃতিক চক্ৰৰ মতে পালন কৰা হয় । ঋতুভিত্তিক পৰম্পৰাগত অনুষ্ঠান বিলাক বছৰটোৰ নিয়মিত কাৰ্যাৱলীৰ পৰা উদ্ভৱ হয় । উদাহৰণস্বৰূপে, পশুপালকৰ চৰোৱা পৰিক্ৰমা অথবা চহাৰ শস্য ৰোপণ, চপোৱা বা গোটোৱাৰ সময় । এনে অনুষ্ঠানিক সময়বোৰ প্ৰায়ে পূৰ্ব অনুমেয় । কিন্তু মাঙ্গলিক মূহুৰ্তৰ গণনা জ্যোতিষশাস্ত্ৰৰ লগত জড়িত আৰু ই বিধিপূৰ্বক । সময়ৰ চক্ৰাকাৰ সূত্ৰ আচলতে সূৰ্য, চন্দ্ৰ আৰু ঋতুৰ মাজত থকা সম্পৰ্কই সৃষ্টি কৰা লয়যুক্ত ক্ৰমনিকাৰ পৰ্যবেক্ষণৰ পৰা উৎপত্তি হৈছে । প্ৰাচীন ভাৰতীয় সাহিত্যত সময়ক পাচডাল কাঠিৰ এটা চকা হিচাবে আখ্যা দিয়া হৈছে যি সমবেগত নিৰন্তৰ ঘূৰি থাকে । খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ ভাৰতীয় জ্যোতিষশাস্ত্ৰত এনে পাঁচ বছৰীয়া যুগৰ বৰ্ণনা পোৱা যায় । পাছলৈ মধ্য প্ৰাচ্যৰ সংস্পৰ্শলৈ আহি সময় গণনাৰ ক্ষেত্ৰত পৰিৱৰ্তন আহে । পাঁচ বছৰৰ এটা চক্ৰত সূৰ্য আৰু চন্দ্ৰৰ কেলেণ্ডাৰ দুখনৰ মাজত সামঞ্জস্য স্থাপিত কৰা হয় । মল মাহৰ ধাৰণা তেনেকৈয়ে আহিছে । প্ৰথম অৱস্থাত যুগৰ ধাৰণাটো পাঁচ বছৰতে সীমিত আছিল যদিও ই পাছলৈ যথেষ্ট দীঘলীয়া সময়লৈ বৃদ্ধি হৈছিল ।

তেনেদৰে প্ৰাচীন কালৰ কেলেণ্ডাৰ আছিল মানুহৰ ব্যক্তিগত জীৱন চক্ৰ আৰু প্ৰকৃতিৰ সন্মিলিত সময় চিহ্ন কিছুমানৰ সমষ্টি যিবোৰ বিধিসন্মত অনুষ্ঠানলৈ ৰূপান্তৰিত কৰা হৈছিল । কিছুমান অনুষ্ঠান চন্দ্ৰকলাৰ ভিত্তিত কৰা গণনাৰ যোগদি প্ৰতিষ্ঠিত কৰা হৈছিল । সৌৰ কেলেণ্ডাৰৰ যথাৰ্থতা কৃষি কৰ্ম আৰু কুণ্ডলীৰ বাবে সুন্দৰকৈ ব্যৱহৃত হৈছিল আৰু ই এক সামাজিক নিয়ন্ত্ৰণৰ মাধ্যম হৈ পৰিছিল । পিছৰ পৰ্যায়ত অৰ্থাৎ প্ৰাৰম্ভিক খ্ৰীষ্টিয়ান সময়ছোৱাত গ্ৰীক আৰু ৰোমান সকলৰ মাজতো জন্মকুণ্ডলীক দেৱত্বাৰোপ কৰা হৈছিল আৰু জ্যোতিষচক্ৰ অনুসৰি এসপ্তাহৰ ভৱিষ্যৎবাণী কৰা হৈছিল । পাছলৈ আচাৰ-ৰীতি বিলাকৰ মুহূৰ্তৰ নিখুঁত গণনাৰ বাবে কেলেণ্ডাৰ আৰু জন্মকুণ্ডলীৰ উন্নিতকৰণ হৈছিল ।

ভাৰতীয় আৰু গ্ৰীক-বেবিলনীয় চিন্তা-চৰ্চাৰ সন্মিলনে ভাৰতীয় জ্যোতিৰ্বিজ্ঞান আৰু গণিতশাস্ত্ৰৰ ক্ষেত্ৰত অভূতপূৰ্ব বিকাশ ঘটায় । তেনেদৰে চাৰি শতিকাত সিদ্ধান্ত জ্যোতিষবিদ্যাই বেদাংগা জ্যোতিষবিদ্যাৰ স্থান গ্ৰহন কৰে । আগৰ নক্ষত্ৰমণ্ডল আৰু চন্দ্ৰমাৰ পৰ্যবেক্ষণ ভিত্তিক গণনা পদ্ধতিৰ ঠাই সৌৰ আৰু ভুমণ্ডলীয় গতিৰ পৰ্যবেক্ষণৰ ভিত্তিক পদ্ধতিয়ে ল’লে । পঞ্চম শতিকাৰ যুগ জ্যোতিৰ্বিজ্ঞান অনুসৰি ভাৰতীয় জ্যোতিৰ্বিদসকলে আটাইতকৈ দীঘলীয়া সময় এক কল্প ৪৩২০ মিলিয়ন বছৰৰ বুলি গণনা কৰি উলিয়াইছিল । এক কল্প সময়ৰ ধাৰণা হয়তো পৌৰাণিক উৎসৰ পৰাই লোৱা হৈছিল । সময়ৰ ধাৰণা যেতিয়া এই ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ অৱধাৰণাৰ সৈতে সমাহিত কৰা হয় তেতিয়াই ব্ৰহ্মাণ্ডীয় সময়ৰ বিভিন্ন ব্যাখ্যাৰ উদ্ভৱ হয় ৷ এই ব্যাখ্যাবোৰ বিভিন্ন পৌৰানিক ধৰ্মগ্ৰন্থ প্ৰধানকৈ মনুৰ ধৰ্মশাস্ত্ৰ, মহাভাৰত আৰু পুৰাণসমূহত পোৱা যায় ৷ অৱশ্যে এই উৎসবোৰে সেই সময়ৰ জ্যোতিৰ্বিজ্ঞানৰ গাণনিক বিকাশক কিমান দূৰ সমল হিচাবে লৈছিল সেয়া এতিয়াও বিচৰ্য বিষয় ৷ বিভিন্ন সময়ত জনপ্ৰিয় হৈ থকা সময়ৰ ধাৰণাবিলাকৰ মাজত কিমান তথ্যভিত্তিক আৰু কিমান কাল্পনিক সৃষ্টিশীল উপাদান আছে, তাৰ অধ্যয়ন যথেষ্ট হৈছে ৷ মনুৰ মতে মহৰ্ষি ভৃগুৱে যুগৰ দুই ধৰণৰ সময়ৰ কথা কৈছে – মানৱীয় সময় আৰু ব্ৰহ্মাৰ স্বৰ্গীয় সময়, যিটো এটা ডাঙৰ ৰাশি ৷ চকুৰ পলকৰ দৰে ক্ষুদ্ৰ ৰাশিৰ পৰা মানৱীয় বছৰলৈকে বিশদভাৱে গণনা কৰাৰ উপৰিও মহাজাগতিক পৰিঘটনাবিলাকৰো সময় নিৰূপণ সম্ভৱ হৈছিল ৷ সেয়া মহাকাশ আৰু পৃথিৱীৰ শতিকাযোৰা পৰ্যবেক্ষণৰ ফলশ্ৰুতিত গঢ়ি উঠা এক প্ৰাৰম্ভিক পৰ্যায়ৰ জ্যোতিৰ্বিজ্ঞানেই আছিল ৷

আকৌ পিতৃপুৰুষ আৰু দেৱতাৰ বাবে সময়ৰ এই মাপৰাশি ডাঙৰ আছিল ৷ সময়ৰ মাপৰাশি এক ন্যায্য সামাজিক তথা প্ৰশাসনিক গাঁথনিৰ দৰে ক্ৰমবদ্ধভাৱে উৰ্ধমুখী আছিল ৷ যেনেকৈ এটা মানৱ মাহ পুৰ্বজৰ বাবে এটা দিন আৰু এটা ৰাতি আছিল আৰু তেনেকৈ এটা মানৱ বৰ্ষ দেৱতাৰ বাবে মাত্ৰ এটা দিন আছিল ৷ মনুৰ ধৰ্মশাস্ত্ৰত উল্লেখ থকা চাৰিটা যুগ আছিল এনেধৰণৰ ৷ কৃত যুগ আছিল চাৰি হাজাৰ বছৰৰ আৰু তাৰ অগাপিছাকৈ ৪০০ বছৰৰ দুটা সংক্ৰান্তি বিৰাম আছিল ৷ তেনেকৈ ত্ৰেটা, দ্বপাৰা আৰু কলি যুগ এক হাজাৰ বছৰকৈ কমাই গণনা কৰা হৈছিল আৰু সংক্ৰান্তি বিৰাম ১০০ বছৰকৈ কমি আহিছিল ৷ তেনেকৈ মুঠ ১২,০০০ বছৰৰ এক চক্ৰাকাৰ মহাযুগৰ ৰচনা হৈছিল ৷ তাৰে এক হাজাৰ বছৰ ব্ৰহ্মাৰ বাবে মাত্ৰ এটা দিন আছিল আৰু এটা ৰাতিৰ বাবে অন্য এক হাজাৰ বছৰ ধৰা হৈছিল ৷ মনবন্টৰা অৰ্থাৎ মনুৰ বয়স দেৱতাসকলতকৈ ৭১ গুণ বেছি আছিল ৷ অৱশ্যে সময়ৰ এই ক্ৰমবৰ্ধমান বৰ্ণনাক আইনষ্টাইনৰ বহু পাছত আবিস্কৃত বিশ্বব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণ প্ৰক্ৰিয়াৰ এক প্ৰতীকধৰ্মী প্ৰকাশ বুলি কব বিচাৰিলেও দুয়োটাৰ মাজত এক যুক্তিসংগত সামঞ্জস্য বিচৰাটো কঠিন ৷

মহাভাৰততো এই চাৰিটা যুগৰ বৰ্ণনা আছে য’ত চাৰিটা যুগৰ চক্ৰ অৰ্থাৎ মহাযুগৰ অৱসান ঘটাৰ পাছত পুনৰ কৃত যুগলৈ ঘূৰি অহাৰ কথা কোৱা হৈছে ৷ মনুৰ দৰে ইয়াতো যুগৰ পৰিৱৰ্তনৰ লগত ধৰ্মৰ অৱনতি ঘটি কলি যুগত একেবাৰে বিধংস হোৱাৰ কথা কোৱা হৈছে ৷ তেনেকৈ প্ৰথম সহস্ৰাব্দৰ মাজভাগৰ পুৰাণত ব্ৰহ্মাণ্ডীয় সময়ৰ ধাৰণা হিচাবে প্ৰতিষ্ঠিত এই চাৰি যুগ সূত্ৰৰ বিশদ বিবৰণ আছে ৷ বিশেষকৈ বিষ্ণু পুৰাণত ব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু ব্ৰহ্মাণ্ডীয় ধাৰণাৰ বৰ্ণনা আছে ৷ ইয়াত ১২,০০০ বছৰৰ মহাযুগক স্বৰ্গীয় বৰ্ষ বুলি অভিহিত কৰা হৈছে আৰু তাক মানৱ বৰ্ষলৈ ৰূপান্তৰ কৰিবলৈ ৩৬০ ৰে পূৰণ কৰাৰ কথা কোৱা হৈছে, যটো হ’ল ৪,৩২০,০০০ মানৱ বৰ্ষ ৷ তেনেকৈ এক মনৱন্টৰা হ’ল ৩০৬,৭২০,০০০ (১২,০০০ x ৩৬০ x ৭১) মানৱ বৰ্ষ ৷ এইখিনিতে গুৰুত্বপূৰ্ণ যে আটাইতকৈ চুটি কলিযুগৰ ৪৩২,০০০ (১২০০ x ৩৬০) মানৱবৰ্ষৰ সংখ্যাটো গ্ৰিক অধিচক্ৰ সূত্ৰৰ লগতো সন্নিৱিষ্ট হৈ আছে ৷ তেনেকৈ মহাযুগ সাঙুৰি লোৱা এক কল্প মানে হ’ল এক হাজাৰ যুগ অথবা ১৪ মনৱন্টৰা ৷ এই মহাযুগৰ ভূতত্ববিদসকলৰ গভীৰ সময়ৰ (Deep Time) লগত সমঞ্জস্য থকা যে লাগিলেও সংখ্যাই তাৰ বৰ্ণনা নিদিয়ে ৷

পৌৰানিক ব্ৰহ্মাণ্ডীয় সূত্ৰত মহাযুগ কল্পতকৈ বেছি প্ৰয়োগ হয় কাৰণ এইবোৰ পোনপতীয়াকৈ মনুৰ পৰা লোৱা হৈছে আৰু প্ৰতিটো যুগক অনুৰূপ মানৱ বৰ্ষলৈ ৰূপান্তৰ কৰা হয় ৷ কৃত যুগৰ ১,৭২৮,০০০ মানৱবৰ্ষক ১২ ৰে হৰন কৰিব পাৰি, ত্ৰেতা যুগ এক চতুৰ্থাংশ কম অৰ্থাৎ ১,২৯৬,০০০ মানৱবৰ্ষক ৯ ৰে হৰন কৰিব পাৰি, দ্বপাৰা এক তৃতিয়াংশ কম অৰ্থাৎ ৮৬৪,০০০ মানৱবৰ্ষক ৬ ৰে হৰন কৰিব পাৰি ৷ কলি যুগ আধা কম অৰ্থাৎ ৪৩২,০০০ মানৱবৰ্ষক ৩ ৰে হৰন কৰিব পাৰি ৷ এই সংখ্যাবিলাকে বিভিন্ন উৎসৰ সম্ভেদ দিয়ে ৷ ঋক বেদৰ মুঠ শ্লোক সংখ্যা ৪৩২,০০০ বুলি কোৱা হয় আৰু বাকী তিনিখনৰ মুঠ সংখ্যা ৮৬৪,০০০ বুলি উল্লেখ আছে ৷ খ্ৰীষ্টপূৰ্ব তিনি শতিকাৰ বেবিলনৰ ঐতিহাসিক বেৰ’চ’ৱে উল্লেখ কৰা মতে ৪৩২,০০০ ক পূৰ্ব দিলুভিয়ান ৰজাসকলৰ সময় বুলি কোৱা হৈছে ৷ গতিকে এই সংখ্যাবিলাক ভাৰত আৰু পশ্চিম এচিয়াৰ মাজত আদান-প্ৰদান হৈ আহিছে ৷

অন্যহাতেদি এই বিভিন্ন প্ৰাচীন গাণনিক সূত্ৰবিলাকৰ ওপৰত সেইসময়ৰ জ্যোতিৰ্বিদসকলৰ মাজত সহমত নাছিল ৷ পঞ্চম শতিকাত আৰ্যভট্টই ১,০৮০,০০০ বছৰৰ চাৰিটা সমান যুগৰ পোষকতা কৰিছিল ৷ তাৰ পাছত ব্ৰহ্মগুপ্তই তাৰ ওপৰত অসন্মতি প্ৰকাশ কৰিছিল আৰু তাৰ বিকল্প সংখ্যাৰ পোষকতা কৰিছিল ৷ পৃথিৱী যে গোলাকাৰ তেতিয়াই প্ৰমানিত হৈছিল ৷ অষ্টম শতিকাৰ মাজভাগত লাল্লা নামৰ জ্যোতিৰ্বিদজনে পুৰাণৰ সময় গণনাৰ ওপৰত প্ৰশ্ন কৰিছিল ৷ তাৰ পাছলৈ ৱটেশ্বৰে ব্ৰহ্মগুপ্তক অগ্ৰাহ্য কৰি আৰ্যভট্টৰ গণনা গ্ৰহন কৰিছিল ৷ প্ৰশ্ন হ’ল সংখ্যাবোৰ একে যদিও পৌৰানিক আৰু তাৰ পাছৰ জ্যোতিৰ্বিদসকলৰ গণনা পদ্ধতিৰ মাজত কিবা সামঞ্জস্য আছেনে? তৃতীয় শতিকাত য়াৱানা-জাতাক নামৰ গ্ৰিক জ্যোতিষশাস্ত্ৰৰ পুথি এখন সংস্কৃতলৈ অনুবাদ কৰাৰ কথা পোৱা যায় ৷ যুগ পুৰাণ আৰু বৰাহমিহিৰে পাশ্চাত্যৰ সংস্পৰ্শৰ কথা প্ৰকাশ কৰিছে আৰু চন্দ্ৰ কেন্দ্ৰিক গণনাৰ পৰা সূৰ্য কেন্দ্ৰিক গণনা পদ্ধতিলৈ হোৱা ৰূপান্তৰে তাৰেই ইংগিত দিয়ে ৷ পুৰানিক সময়ৰ ধাৰণাত ব্ৰহ্মাণ্ডীয় সময়ৰ লগত সামাজিক আৰু নৈতিক অৱক্ষয়ৰ সূত্ৰ সংযোজন কৰা হৈছিল । সত্যৰ পৰা কলিযুগ আছিল সম্পূৰ্ণভাৱে বিপৰীত সময় । প্ৰথম যুগত মানুহৰ গড় বয়স আছিল ৪০০ বছৰ আৰু কলি যুগত সেয়া কমি গৈ ১০০ বছৰ হৈছিলগৈ । জৈন পৰম্পৰতো মানুহৰ উচ্চতা ক্ৰমান্বয়ে কমি যোৱাৰ কথা কোৱা হৈছে । মানুহৰ কামি হাড়ৰ সংখ্যা ২৫৬ ডালৰ পৰা ১৬ ডাললৈ কমি যোৱা বুলি উল্লেখ কৰিছে । এনেদৰে চক্ৰীয়ভাৱে পৰিৱৰ্তনশীল যুগৰ গুণ অনুসৰি মানুহে কৰ্মকাণ্ড কৰা বুলি কোৱা হৈছে । প্ৰথম শতাব্দীৰ সমকালিক সময়ছোৱাত ধৰ্মীয় আৰু সামাজিক পৰিৱৰ্তনৰ পটভূমিতেই কলিযুগৰ বিভীষিকাৰ কথা বৰ্ণনা কৰি বিষ্ণুৰ দশম অৱতাৰ কল্কীয়ে কলি যুগৰ পতন ঘটাব বুলি বৰ্ণনা কৰা হৈছে বুলি অনুমান কৰিব পাৰি ।

তেনেদৰে জন্মান্তৰবাদৰ মতে আত্মাৰ পুনৰজনম চক্ৰ কৰ্ম আৰু সংস্কাৰেৰে নিৰ্ণিত হয় । উপনিষদৰ মতে মৃত্যুৰ পাছত আত্মা দুটা পথেৰে গতি কৰে – দেবায়ন আৰু পৃত্যায়ন । যি পুনৰ্জন্মৰ চক্ৰৰ পৰা মুক্তি পায় তেওঁ দেৱায়নৰ পথ লয় আৰু সূৰ্যৰ সন্মিলিত হৈ ব্ৰহ্মাৰ আধ্যাত্মিক জীৱনৰ লগত সমাহিত হয় । যি পূৰ্বজৰ পথ লয় তেওঁলোক চন্দ্ৰমাৰ সৈতে সন্মিলিত হৈ পৃথিৱীলৈ ঘূৰি আহে । তেনেদৰে মুক্তিদাতা দেৱদূত বৰ্ণিত ধৰ্মবিলাকতো সিদ্ধান্তৰ দিনৰ বৰ্ণনা আছে । অৰ্থাৎ কোনোৱে তেওঁৰ কৰ্মৰ ফলৰ পৰা সাৰি যাব নোৱাৰে । গতিকে যদি বৰ্তমানে ভৱিষ্যত নিৰূপন কৰে, তেন্তে অতীত, বৰ্তমান আৰু ভবিষ্যতৰ মাজত এক অনিবাৰ্য সম্পৰ্ক আছে । এই সম্পৰ্কৰ ভেটিতেই কুণ্ডলী নিৰ্মাণৰ ক্ষেত্ৰত সময়ৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছিল । এইখিনিতে এইটোও কব পাৰি যে ইয়েই পাছৰ পৰ্যায়ত ভক্তিবাদৰো ভেঁটি গঢ়িছে । দেৱভক্তিৰ যোগেদিও পুনৰজনম চক্ৰৰ পৰা মুক্তি পাব পাৰি । কৰ্মৰ ব্যক্তিগত স্তৰ আৰু কালচক্ৰৰ অনিবাৰ্যতাৰ মাজত এক দ্বন্দ্বাত্মক সম্পৰ্ক গঢ়ি উঠিছিল । সময় চক্ৰৰ পুনৰাবৃত্তিয়ে কৰ্ম কৰি যোৱাৰ বাবে এক প্ৰয়োজনীয় আশাবাদৰ জন্ম দিয়ে, অতীতৰ কৰ্মকাণ্ডই মান্যতা পায় আৰু ঐতিহাসিক বিশ্লেষণে ন্যায্যতা লাভ কৰে ।

বিষ্ণু পুৰাণত কোৱা হৈছে যে কলিযুগ মহাভাৰতৰ যুদ্ধৰ পাছতেই আৰম্ভ হৈছে যাৰ সময় নক্ষত্ৰপুঞ্জৰ অৱস্থিতি মতে নিৰ্ণয় কৰা হৈছিল আৰু কলিযুগৰ সময় খ্ৰীষ্টপূৰ্ব ৩১০২ ৰ পৰা ১ বুলি গণনা কৰা হৈছিল ৷ গতিকে জ্যোতিৰ্বৈজ্ঞানিক ব্ৰহ্মাণ্ডীয় সময়ে অন্য কাল্পনিক সময় গণনাক পোনপতীয়াকৈ প্ৰভাৱিত কৰা নাছিল ৷ এনে কাল্পনিক সময়ৰ বিভক্তিবিলাক ব্ৰহ্মাণ্ডীয় সময়ৰ মাজতেই সন্মিলিত কৰা হৈছিল, যিবোৰ বৃহৎ চক্ৰৰ মাজৰ এক সৰলৰৈখিক খণ্ড হিচাবে বৰ্ণনা কৰা হৈছিল ৷

উল্লেখযোগ্য যে সৰলৰৈখিক সময়ৰ ব্যৱহাৰ খ্ৰীষ্টিয়ান ধৰ্মৰ আবিৰ্ভাৱৰ সময়ৰ পৰা ব্যাপক হৈছে ৷ এনেদৰে মালৱা, বিক্ৰম, শক, কালাছাৰি চেডি, গুপ্ত আদি যুগ হিচাবে প্ৰতিষ্ঠিত হৈছিল আৰু তাৰ গণনা পদ্ধতি জ্যোতিৰ্বৈজ্ঞানিক আছিল ৷ ব্যৱহাৰিক স্তৰত এনে যুগৰ নিৰ্মানে ৰাজকীয় নথিপত্ৰত অধিক নিখুঁতকৈ দিনাঙ্কন কৰাত সহায় কৰে ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই ব্যৱহাৰিক সময় গণনা জ্যোতিৰ্বৈজ্ঞানিক ব্ৰহ্মাণ্ডীয় গণনাৰ পৰা পৃথক নাছিল ৷ এটা কথা স্পষ্ট যে প্ৰাচীন ভাৰতৰ সৰলৰৈখিক সময়ৰ উৎপত্তিৰ কাৰক আছিল মূলতঃ ব্যৱহাৰিক যিটো যুদীয়-খ্ৰীষ্টয়ান পৰম্পৰাত ধৰ্মীয় আছিল ৷ ভাৰতবৰ্ষত বৌদ্ধ ধৰ্মৰ পৰম্পৰাইয়ো ঐতিহাসিক যুগৰ প্ৰসাৰত অৰিহনা যোগাইছিল ৷ বুদ্ধৰ মৃত্যু অৰ্থৎ মহাপৰিনিৰভানাৰ পাছৰ সকলো প্ৰধান ঘটনাৰে দিনাঙ্কন কৰা হয় ৷

শাসকীয় লেখপত্ৰত উল্লেখ থকা দিনাঙ্কনৰ ভিত্তিত ঐতিহাসিক যুগৰ ৰূপ দিয়া হয় ৷ এনেদৰে দিনপঞ্জীৰ প্ৰয়োজনীয়তাই গণনাৰ ক্ষেত্ৰতো প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতাৰ বিকাশ ঘটায় ৷ সেয়ে জ্যোতিষী এজনৰ কৰ্তৃত্ব কেৱল কুণ্ডলীতেই সীমাবদ্ধ নাথাকি চন্দ্ৰ-সূৰ্য দুয়োটা দিনপঞ্জীৰ তদাৰকতাৰ দায়িত্বত ন্যস্ত হয় ৷ দিনাঙ্কনৰ শুদ্ধতা জ্যোতিষশাস্ত্ৰৰ মতে সঠিন দিন বা মূহুৰ্ত নিৰ্দ্ধাৰনৰ বাবে জৰুৰী হৈ পৰিল ৷ বংশচাৰিতা বা অন্যান্য যুগৰ লেখপত্ৰবিলাকত থকা ৰাজবংশীয় উৎসৰ বৰ্ণনাত এক অলৌকিকতা নিশ্চিতভাৱে থাকে ৷ যেনে ব্যৱহাৰিক দিনপুঞ্জীতেই মনু অথবা অন্য পৌৰানিক সময় পদ্ধতিৰ লগত শাসকীয় বংশানুক্ৰমৰ সম্পৰ্ক স্থাপন কৰা হয় ৷ এনেদৰে ৰাজবংশীয় প্ৰতিষ্ঠাপকসকলৰ লগত পৌৰানিক সময়ৰ পুৰ্বপুৰুষৰ সম্পৰ্ক স্থাপন কৰা হয় ৷ উল্লেখযোগ্য যে ভাৰতবৰ্ষত ৰাজকীয় দিনপুঞ্জৰ দৰে ক্ৰমবদ্ধ সময় পদ্ধতিয়ে ব্ৰহ্মাণ্ড সৃষ্টিৰ আদি আৰু অন্ত সমাহিত কৰি কোনো নতুন আধ্যাত্মিকতাৰ সৃষ্টি নকৰিলে, বৰঞ্চ সময়ৰ চক্ৰাকাৰ সূত্ৰ ব্ৰহ্মাণ্ডীয় সময়ৰ ভিত্তি হৈয়ে থাকিল ৷ সৰলৰৈখিক সময়ৰ আধ্যাত্মিক উপাদানসমূহ বৃহৎ চক্ৰৰ মাজতেই ৰখা হ’ল যদিও চেমিটিক ধৰ্মবিলাকৰ দৰে কোনো এক দেৱদূতে সময় নিয়ন্ত্ৰন কৰাৰ ধাৰণা ইয়াত নাই ৷ ইয়াত সময়ে সৃষ্টিকৰ্তা হিচাবে নিজে দেৱত্ব ৰূপ লাভ কৰিছে ৷

জৈন ব্ৰহ্মাণ্ডীয় জ্ঞানৰ মতে সময়ক ১২ ডাল দণ্ড থকা এটা চকাৰে বুজোৱা হয় ৷ ছয়ডাল উৰ্ধমূখী দণ্ড অৰ্থাৎ উৎসৰ্পিনি হ’ল মূল্যবোধ আৰু সম্প্ৰীতিৰ যি এক মন্থৰ গতিত পৰিৱৰ্তনশীল । আকৌ অন্য ছয়ডাল অৱসৰ্পিনি অৰ্থাৎ নিম্নগামী দণ্ড যি যুগৰ অৱনতিৰ পৰ্যায়ৰ বৰ্ণনা দিয়ে । এই দুই পৰ্যায়েই একেলগে এক সম্পূৰ্ণ চক্ৰ হয় যিটো এক কল্পৰ সমান ৷ তেনেকৈ বৌদ্ধ ধৰ্মৰ কালচক্ৰৰ ধাৰণা অনুসৰি কোনো নিৰ্দিষ্ট বিৰতি নোহোৱাকৈ চাৰিযুগৰ পৰাৱৰ্তন হৈ থাকে ৷ সোনালী যুগলৈ ঘূৰি অহাৰ লগে লগে পুনৰ এক নতুন চক্ৰৰ সূত্ৰপাত হয় ৷ এনেদৰে ধাৰাবাঢ়িক চক্ৰৰ সমাহাৰে এক সৰ্পিল ৰূপ লয় আৰু সৰ্পিলটো যদি টানি দিয়া হয় সি এক সৰলৰৈখিক আকাৰৰ সমকক্ষ হৈ পৰে ৷ তেনেকৈ বৃহৎ ব্ৰহ্মাণ্ডীয় চক্ৰৰ মাজতেই বৌদ্ধবিহাৰৰ বংশাৱলী লিপিবদ্ধ হৈছিল ৷ বৌদ্ধ মৈত্ৰেয়ৰ সোনালী যুগত আগমন হ’ল কালচক্ৰৰ উৰ্ধমুখী গতি ৷

এইখিনিতে সহস্ৰাব্দ আৰু মুক্তিদাতাৰ ধাৰণা সৰলৰৈখিক সময়েৰে পুষ্ট আধ্যাত্মিকতাত বেছি প্ৰবল যদিও মুক্তিদাতাৰ আগমন সম্বন্ধীয় ধাৰণা চক্ৰাকাৰ সময়ৰ ক্ষেত্ৰটো প্ৰযোজ্য হ’ব পাৰে ৷ বৌদ্ধ মৈত্ৰেয়ৰ সমান্তৰালকৈ বিষ্ণুৰ দশম অৱতাৰ কল্কি চক্ৰাকাৰ সময়ৰ লগতেই বৰ্ণিত হৈছে ৷ যেনেকৈ বৌদ্ধ ধৰ্ম প্ৰতিষ্ঠাই মৈত্ৰেয় আগমনৰ মূল উদ্দেশ্য তেনেকৈ কল্কিয়ে কলি যুগৰ অৱসান ঘটাব ৷ এই আধ্যাত্মিক ব্যাখ্যাবিলাকৰ মতে সোনালী যুগেৰে সদায় চক্ৰৰ আৰম্ভনি হয় আৰু চক্ৰটো সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ ঘূৰি আহে ৷ সোণালী যুগ বা আদৰ্শলোকত যিহেতু কোনো পাৰ্থিৱ প্ৰচেষ্টা বা শ্ৰমৰ প্ৰয়োজন নহয় কোনো ধৰণৰ সংঘাতৰ অৱকাশ নাথাকে ৷ কিন্তু এই অৱস্থাৰ অৱনতিয়ে শ্ৰমৰ প্ৰয়োজনীয়তাৰ সৃষ্টি কৰে আৰু মানুহৰ মাজত সংঘাতৰ উপক্ৰম হয় ৷

খ্ৰিষ্টিয়ান ধৰ্মবিশ্বাসৰ আধ্যাত্মিক ব্যাখ্যা মতে প্ৰাৰম্ভিক আনন্দলোক হৈছে ইডেন উদ্যান আৰু যিসকলৰ পক্ষে ন্যয় বিচাৰ হ’ব সেইসকল ভাগ্যশালীৰ কাৰণে সময়ৰ এই যাত্ৰাপথ স্বৰ্গলোকত শেষ হৈছে ৷ এইটো আছিল প্ৰাচীন ভাৰতীয় আৰু গ্ৰিকসকলৰ চক্ৰাকাৰ সময় ধাৰণাৰ প্ৰত্যাখ্যান ৷ কিন্তু ঐতিহাসিক চেতনাৰ বাবে প্ৰয়োজনীয় সৰলৰৈখিক সময়ে চক্ৰাকাৰ সময়ৰ ধাৰণাক ইতিহাস বিৰুদ্ধ বুলি প্ৰতিপন্ন নকৰে ৷ এটা কথা ঠিক যে আধ্যাত্মিক চিন্তাচৰ্চাত নিহিত ঐতিহাসিক সময়ৰ ধাৰণাবিলাকে সেই সময়ৰ জ্যোতিৰ্বৈজ্ঞানিক গণনা পদ্ধতিক প্ৰতিফলিত নকৰিবও পাৰে ৷ আমাৰ মনস্তাত্ত্বিক সময়ৰ লয়লাস কল্পনাপ্ৰৱণ নহয়, বৰঞ্চ মানৱ সমাজৰ ঐতিহাসিক সন্ধিক্ষণৰ ই এক অবাধ চিত্ৰ ।

গতিকে, ঐতিহাসিকভাৱে ভাৰতীয় জ্যোতিৰ্বিজ্ঞান আৰু আধ্যাত্মিক চৰ্চা দুয়োটা ক্ষেত্ৰতে সৰলৰৈখিক আৰু চক্ৰাকাৰ এই দুয়োটা ধাৰণাই সমান্তৰালকৈ প্ৰচলিত আছিল ৷ তেনে এক উমৈহতীয়া ভিত্তিতেই চন্দ্ৰ আৰু সূৰ্যক কেন্দ্ৰ কৰি বিভিন্ন দিনপঞ্জী অৰ্থাৎ সময় পদ্ধতিৰ প্ৰচলন হৈ আহিছে ।

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.