খেতিয়কৰ ঋণ মাফ আৰু অৰ্থনৈতিক পাণ্ডিত্য

খেতিয়কৰ ঋণ মাফ কৰাকলৈ উদাৰবাদী অৰ্থনীতিবিদসকলে (Liberal Economists) একেটা বিত্তীয় কাৰণতে পতিয়ন যোৱা দেখা গৈছে । কাৰণ তেওঁলোকৰ সৰ্বোচ্চ ন্যায়ালয় হ’ল বিশ্ববেংক/আই. এম. এফ. আৰু গোলকীকৰণ হ’ল তাৰ মূল বাণী । গোলকীকৰণৰ বাবে বিভিন্ন ৰাষ্ট্ৰই ষ্ট্ৰাক্সাৰেল এডযাষ্টমেণ্টৰ (Structural Adjustment) নামত অৰ্থনৈতিক উদাৰীকৰণ আৰু সংস্কাৰৰ কাৰ্যসূচী হাতত লয় । তেনেকৈয়ে, ভাৰতবৰ্ষত ২০০৩ চনৰ ৰাজকৰ দায়বদ্ধতা আৰু বাজেট সঞ্চালন আইনৰ (Fiscal Responsibility and Budget Management Act 2003) যোগেদি ৰাজহুৱা বিনিয়োগ/খৰচৰ সংস্কাৰ কৰা হয় । লগে লগে এইটো জনমানসত প্ৰতিপন্ন কৰিব বিচৰা হ’ল যে জনকল্যান আঁচনি মানেই জনপ্ৰিয় অৰ্থনীতি (Populist Economy), কাৰণ অধিক ৰাজহুৱা ঋণে বিত্তীয় নীতিৰ ক্ষেত্ৰত বাধা আনি দিয়ে আৰু দীৰ্ঘকালীন বিকাশৰ বাটত নেতিবাচক প্ৰভাৱ পেলায় । অৱশ্যে, তেনেধৰণৰ বিকাশ প্ৰকৃততে কিমান শতাংশ মানুহৰ বিকাশ হৈ পৰিব, তাক বুজি পাবলৈ বিত্তীয় পাণ্ডিত্য নালাগে । গণতন্ত্ৰৰ প্ৰতি অলপো আস্থা নাথাকিলে বুজি পালেও কি হ’ব ? আচলতে, আন্তৰ্জাতিক বিত্তীয় পুঁজিৰ (International Finance Capital) আগমন আৰু তাৰ স্বাৰ্থ সুৰক্ষাৰ বাবে মুদ্ৰাস্ফীতি (Inflation) নিয়ন্ত্ৰণৰ দৰকাৰ । মুদ্ৰাস্ফীতিয়ে যিহেতু বিত্তীয় পুঁজিৰ মুনফাক অৱনমিত কৰিব পাৰে, গতিকে বিধিবদ্ধ ৰাজকৰ পদ্ধতি (Prudent Fiscal System) অৱলম্বন কৰাৰ বাবে সংস্কাৰৰ ব্যৱস্থা হ’ল । কিন্তু সমস্যাটো ইয়াতেই । যি ৰাজকৰ ব্যৱস্থা দেশৰ কৃষিৰ লগত জড়িত ৭০ শতাংশ জনগণৰ বাবে একমাত্ৰ আশাৰ সাৰথি, তাক দেশৰ অৰ্থনৈতিক প্ৰক্ৰিয়াৰ পৰা সম্পূৰ্ণকৈ আঁতৰাই পেলোৱাত নব্য-উদাৰবাদ বদ্ধপৰিকৰ আৰু আজি নব্য-উদাৰবাদী আমোলত ৰাজকৰ যন্ত্ৰটো পুনৰ্জীৱিত কৰাটো একেবাৰে অসম্ভৱ হৈ পৰিল ।

দেশৰ ৭০ শতাংশ জনগণৰ বাবে আঁচনি লোৱাটোক যদি কোনোবা ৰাজনৈতিক চিন্তাধাৰাই কেৱল তথাকথিত ৰাজনৈতিক বাধ্যবাধকতা (Political Compulsion) বুলি ভাৱে, তেনে এই ৰাজনীতি একেবাৰে অগণতান্ত্ৰিক । দেশৰ ৭০ শতাংশ জনগণৰ বাবে ৰাজকৰ ব্যৱস্থা লাগিবই । আমি কি খেতিয়কক অনুদান (Subsidy) দিম, আচলতে আমাকহে আনুদান দি আহিছে । ওপৰৰ ১৫ শতাংশ খেতিয়কক বাদ দি বাকী ৮৫ শতাংশই ক্ষুদ্ৰ খেতিয়ক । তেওঁলোকৰ উৎপাদন প্ৰক্ৰিয়া হয়তো আজি বাণিজ্যিকভাৱে সাধ্যাতীত (Commercially infeasible) আৰু সেয়ে তেওঁলোকক ৰাজকৰ ব্যৱস্থাৰ যোগেদি নিৱেশ (Input) বা উৎপাদনৰ দামৰ ক্ষেত্ৰত অনুদান লাগিব । উদাহৰণস্বৰূপে, আজি বিকল্প শক্তিখণ্ডত (Alternative Energy Sector) ৰাজকৰ ব্যৱস্থাৰ আনুদান নাথাকিলে কোনোবাই বিনিয়োগ কৰিবনে ? তেন্তে ৭০ শতাংশ দেশৰ জনগনৰ বাবে ৰাজকৰ ব্যৱস্থা নালাগিবনে? এতিয়াও ৬০ শতাংশ খেতিৰ মাটি বৰষুণৰ ওপৰত নিৰ্ভৰশীল । তেন্তে বানিজ্যিক প্ৰতিষ্ঠান যিটো অনিশ্চয়তাৰ মাজত সঞ্চালিত হয় তাতকৈ বহুগুণ অনিশ্চয়তাৰ মাজত খেতিয়কে খেতি কৰে । আজি খেতিয়কৰ মাজত বৰ্ধিত ঋণগ্ৰস্ততা (Indebtedness) কৃষিখণ্ডৰ ঐতিহাসিক সংকটৰেই বাস্তৱ প্ৰতিফলন । আচল অৰ্থনীতি হ’ল বৰ্ধিত নিৱেশৰ মূল্য আৰু দামৰ অনিশ্চয়তা । কৃষিখণ্ডত আনুষ্ঠানিক ঋণৰ উপৰিও অনিয়মিতভাৱে মাত্ৰাধিক সুদৰ হাৰতো ঋণ আদায় দিয়া হয় । আনুষ্ঠানিক ঋণত আমোলাতান্ত্ৰিক কৰবোৰ আছেই । এই বেমেজালিবোৰ আঁতৰ হ’ব লাগিব ।

আমাৰ উদাৰবাদী আৰ্থনীতিবিদসকলৰ নিত্য-নৈমিত্তিক পৰ্যালোচনাত অৱশ্যে আচৰিত হ’বলৈ একো নাই । কাৰণ বিত্তীয় কাৰক বিচাৰি দিয়াটোৱেই সাম্প্ৰতিক পৃথিৱীৰ আটইতকৈ সহজ কাম । আচল অৰ্থনীতিৰ মাজত কাৰণ বিচাৰি পোৱাটোহে কঠিন কাম । আজি আন্তৰ্জাতিক পুঁজি গোলকীকৰণ নামৰ নতুন সংস্কৰণে গঢ় দিয়া এক ঔপনিৱেশিক ভাৱধাৰাৰ দ্বাৰা পৰিচালিত । তাৰ নিচাসক্তিত সকলো মতলীয়া হৈছে । বানিজ্যিক প্ৰতিষ্ঠানবিলাকৰ লাখ-কোটি টকাৰ ঋণ মাফ হেনো আৰ্থনৈতিক পুনৰ্জন্ম (Economic Rejuvenation) আৰু খেতিয়কৰ ঋণ মাফ অৰ্থনৈতিক অপৰিপক্কতা (Bad Economics) । তেওঁলোকৰ পাণ্ডিত্যৰ সুন্দৰ অনুমান পাব পাৰি যেতিয়া তেওঁলোকে বানিজ্যিক প্ৰতিষ্ঠানবিলাকৰ ঋণ মাফক Write-off আৰু খেতিয়কৰ ঋণ মাফক Waive-off বুলি প্ৰযুক্তিগতভাৱে তাৰ প্ৰভেদ বৰ্ণনা কৰিবলৈ চেষ্টা কৰে । ২০০৯ চনৰ পৰা এতিয়ালৈকে বানিজ্যিক প্ৰতিষ্ঠানবিলাকৰ ৪,৮০,০৯৩ কোটি টকাৰ ঋণ যে Write-off কৰা হ’ল তাৰ ভিতৰত এতিয়ালৈকে কিমান ঘূৰাই পালে বাৰু? এই প্ৰক্ৰিয়া কিমান স্বচ্ছ (Transparent)?

গোলকীকৰণ যে ঔপনিৱেশিকবাদৰ নতুন সংস্কৰণ, আচল অৰ্থনীতিৰ এই সাৰমৰ্মকণ কিন্তু তেওঁলোকৰ পাণ্ডিত্যৰ বাবে একেবাৰে অস্পৃশ্য বস্তু । ৰাজকৰ অনুশাসনে (Fiscal Discipline) যে আচলতে ৰাষ্ট্ৰীয় অৰ্থনীতিত অনুশাসনহীনতাৰহে সৃষ্টি কৰিব পাৰে তাৰ অনুধাৱন কৰাৰ সৌভাগ্যৰ পৰা তেওঁলোক বঞ্চিত হ’ল । বৃটিছ শাসনকালত ঔপনিৱেশিক চৰকাৰেহে সন্তুলিত বাজেট (Balanced Budget) বনাইছিল আৰু বিনিয়োগকাৰী খৰচৰ ক্ষেত্ৰটো কাঢ়া প্ৰতিফল দৰৰ (Strict Rate of Return) মাপকাঠি বান্ধি দিছিল । ফলস্বৰূপে পানীযোগান আৰু অন্যান্য কৃষিক্ষেত্ৰৰ বুনিয়াদী সা-সৰঞ্জামৰ ক্ষেত্ৰত বিনিয়োগ তেনেই সীমিত আছিল । এতিয়া কি বেলেগ ? এতিয়াও ৰাষ্ট্ৰই ৰাজকৰ ঘাটি (Fiscal Deficit) নিম্ন স্তৰত ৰাখিবলৈ আই. এম. এফৰ চৰ্তসমূহ মানি লবলৈ বাধ্য আৰু লগতে বিশ্ববেংক/আই. এম. এফৰ আদৰ্শবাদ মতে কাঢ়া প্ৰতিফল দৰৰ মাপকাঠিৰ ঢোল-ডগৰ বাজিয়েই আছে ।

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.