সামগ্ৰিকতাৰ উপলব্ধিতেই আছে জীৱনৰ অৰ্থ

পদাৰ্থজগতখনৰ অস্তিত্ব মানৱ চেতনাৰ ওপৰত নিৰ্ভৰশীল নহয় । দৰাচলতে পদাৰ্থই হ’ল চিন্তাৰ উৎস । মগজু যাৰ দ্বাৰা মানুহে চিন্তা কৰে সিও পদাৰ্থৰে এক জটিল সংহতি । প্ৰকৃতি আৰু পদাৰ্থজগত যাৰ লগত মগজুৱে আদান প্ৰদান কৰি চিন্তাৰ জন্ম দিয়ে এয়াও পদাৰ্থৰে অনুষ্ঠান । গতিকে পৰিৱেশৰ মাজতেই জন্ম হোৱা চিন্তাই পৰিৱেশৰ পৰিৱৰ্তনৰো কাৰক । পৰিৱেশ বাদ দি চিন্তাচৰ্চা অসম্ভৱ । মনক কাল্পনিক স্বতন্ত্ৰতাৰ মাজত আবদ্ধ কৰি পেলালে পৰিস্থিতিতান্ত্ৰিক এক অসহায় চিত্ৰহে দৃষ্টিগোচৰ হয় । গতিকে উদ্ভৱ হোৱা চিন্তাৰ এক আপেক্ষিক স্বতন্ত্ৰতা থাকে, এক পৰম স্বতন্ত্ৰতা নাথাকে । ই পৰিৱেশৰ পৰা পৃথক পূৰ্ণ স্বাধীন সত্তা নহয় । চিন্তাৰ পৰিৱেশৰ লগত এই সম্পৰ্ক দ্বন্দ্বাত্মক । চিন্তা অথবা ধাৰণা স্থান, কাল আৰু পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল । অৱশ্যে এইটো যান্ত্ৰিকতাৰে আচন্ন হ’ব যদি ভবা হয় যে পৰিৱেশ আৰু পদাৰ্থগত অৱস্থাৰ পৰিৱৰ্তনে চিন্তালৈ তাৎকালিক পৰিৱৰ্তন আনিব । মানৱ চিন্তাৰ ইতিবাচক ভূমিকা সদায় থাকিব ।

ঐতিহাসিকভাৱে ঈশ্বৰৰ ধাৰণাইও বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ’ব লগা হয় । উদাহৰণস্বৰূপে, প্ৰশ্ন আহিল যে ঈশ্বৰে কেৱল ভাল মানুহেই সৃষ্টি কৰেনে? পাৰ্থিৱজগতত তাৰ উত্তৰ দুটা থাকিব পাৰে – ভাল বেয়া দুয়োটাৰ সৃষ্টিকৰ্তা তেৱেঁই নতুবা বেয়াবোৰ আসুৰিক শক্তিয়ে সৃষ্টি কৰে । তেন্তে ভগৱানৰ লগতে চয়তানও বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা হ’ব পাৰে । এনে প্ৰশ্নই নিৰীশ্বৰবাদৰ জন্ম দিলে আৰু ঈশ্বৰৰ অস্তিত্বক মানৱ অন্বেষণৰ পৰিধিৰ বাহিৰলৈ ঠেলি দিলে I তেনেকৈ দুখ-বেদনাৰ অনুধাৱন কোনো যুক্তিশূণ্য ব্ৰহ্মাণ্ডৰ বুকুত নিশ্চয় এৰি দিব নোৱাৰি । জ্যা প’ল ছাট্ৰেৰ দৰে অস্তিত্ববাদীয়ে কৈছে, “Every existing thing is born without reason, prolongs itself out of the weakness of inertia and dies by chance” । তেনেকৈ, একে সুৰতেই এলবাৰ্ট কমুচেও কৈছে, “The absurdity of existence must be lived through, suffered, defied; it cannot be satisfactorily explained” । সেয়ে যদি হয়, তেন্তে দুখ-বেদনাৰ সামগ্ৰিক সত্তা নাথাকে, ই ব্যক্তিগত অনুভৱ আৰু অনুধাৱনলৈ অপসাৰিত হয় । আমি আচলতে অনুভূতি বা মগজুৰ কাৰ্যকলাপক অনুভৱ নকৰোঁ, আমি কোনো বস্তুকহে অনুভৱ কৰোঁ । এই উপলব্ধিৰ অভাৱত পথভ্ৰষ্ট হৈ বাহ্যিক পৃথিৱীখন গৌণ হৈ পৰিলে ব্যক্তিগত প্ৰচেষ্টাবিলাকো অন্ধ হৈ নপৰিবনে ?

পদাৰ্থজগতৰ বিকাশ এক সাৰ্বজনীন প্ৰক্ৰিয়া, যাৰ তৰ্কসাধ্যতা, নিশ্চয়তা আৰু কাৰণত্বতাই বিসংগতি, অনিশ্চয়তা আৰু দুৰ্ঘটনাৰ বস্তুগত অস্তিত্ব আৰু মহত্ব নিশ্চয় অন্তৰ্ভুক্ত কৰিছে । অসাধাৰণ মানেই হ’ল অনিয়মিত পৰিঘটনা যিবোৰ আচলতে চৰ্তবিহীন নতুবা অনিয়ন্ত্ৰিত নহয় । বাস্তৱতাৰ যথাদৃষ্ট বৈশিষ্ট্যবিলাক নিয়মিততাতকৈ মৌলিক হ’ব নোৱাৰে । যিকোনো আকস্মিক স্থিতি অনিবাৰ্যতাৰ বৈপৰীত্যত অৱস্থিত । তথাপিও, আকস্মিক স্থিতিৰ নিজস্ব আচাৰ থাকিব যি পৰিসাংখ্যিক নিয়মিততাৰ বাবে ভেদ হৈ ৰ’ব । জীৱন বীমাৰ ব্যৱসায়ে আমাক দেখুৱাই কেনেকৈ ব্যক্তিগত দুৰ্ঘটনাবোৰক সামগ্ৰিক অনিবাৰ্যতালৈ ৰূপান্তৰিত কৰিব পাৰি ।

তেন্তে, প্ৰকৃতি, সমাজ তথা একোজন ব্যক্তিৰ জীৱনত অত্যন্ত দুখ আৰু যান্ত্ৰনাদায়ক অসংগতিবোৰৰ উপলব্ধি ভৌতিক আৰু সামাজিক সম্পৰ্কবিলাকৰ বস্তুনিষ্ঠতাৰ মাজত সম্ভৱ নহ’বনে ? তাৰ বিপৰীতে অস্তিত্ববাদৰ অকস্মিক ব্ৰহ্মাণ্ডখনৰ অনিশ্চয়তাই ধৰ্ম । সেয়া হয়তো আমাৰ ব্যক্তিগত স্তৰত অনিশ্চয়তাৰ মাত্ৰা অতি তীব্ৰ । মানুহৰ পৰ্যবেক্ষণিক সীমাবদ্ধতাই এই অনিশ্চয়তা আনে, কিন্তু বস্তুগত সত্যতা আৰু সত্য অন্বেষণৰ সম্ভাৱনীয়তা নুই নকৰে । “একো অবোধগম্য নহয়” হ’ল মানৱ প্ৰেৰণাৰ মূলমন্ত্ৰ ।

মানৱীয় কাৰ্যকলাপ হ’ল বাহ্যিক-অৱধাৰণ আৰু আত্ম-নিৰ্ধাৰণৰ এক অসম সংশ্লেষণ । মানুহে পৰিৱেশৰ প্ৰতি এক সচেতন আৰু বলিষ্ঠ প্ৰতিক্ৰিয়া ব্যক্ত কৰাই নহয় কিছুমান নিৰ্দিষ্ট অৱস্থাৰ পৰিৱৰ্তনৰ দিশত উদ্যোগ লয় । সামাজিক স্তৰতো মানুহে নিজৰ স্বতন্ত্ৰতাৰ পৰিসৰ ঐতিহাসিক কাৰকবিলাক আওকাণ কৰি নহয় বৰঞ্চ, এইবিলাকক স্বীকৃতি প্ৰদান কৰি আৰু সেইবিলাকৰ প্ৰয়োজনীয়তাৰ হ’কে সন্মিলিত হৈহে বৃদ্ধি কৰিবলৈ সক্ষম হৈছে । মানুহৰ ঐচ্ছিক কাৰ্যকলাপবিলাকো প্ৰাৰম্ভিক পৰিৱেশ আৰু পৰিশেষৰ সংযোগ ৰেখা ।

জীৱনৰ দূদৰ্শাবোৰ জানো একেবাৰে প্ৰতিকূল, অলংঘনীয় আৰু পৰিৱৰ্তন কৰিব পৰা ক্ষমতাৰ বাহিৰত । এই অসহায় অৱস্থা অতিক্ৰম কৰাৰ উপায় কি ? মানৱ বুদ্ধিমত্তা আৰু কুশলতাইয়ো মানুহকেই অসহায় আৰু সত্তাবিহীন কৰি তুলিব পাৰে নেকি ? মানুহৰ যান্ত্ৰনা যদি কেৱল এক অলৌকিক আৰু অদৃষ্ট সৃষ্টি হ’লহেতেন তাৰ পৰিত্ৰাণৰ উপায় একেবাৰে অসম্ভৱ নহ’লহেঁতেন নে ? তাৰ বিপৰীতে ই এক ঐতিহাসিক পৰিঘটনা হ’লেহে তাৰ সংকট মোচন সম্ভৱ ।

ধৰ্মীয় পৰম্পৰাত মৃত্যুৰ ভূমিকা অপাৰ, য’ত মৃত্যু হৈছে নৈতিকতাৰ আধাৰ আৰু যান্ত্ৰণাকাতৰ জীৱনৰ পৰা সনাতন মুক্তি । আকৌ অস্তিত্ববাদৰ মতে বিভিন্ন ৰূপত প্ৰকাশিত হৈ অহা যান্ত্ৰণাকাতৰ জীৱনেই মানৱতাৰ এক অপৰিৱৰ্তিত ভেঁটি । তাৰ বিপৰীতে মানৱতাবাদে পৃথিৱীৰ বুকুত মানৱ জীৱনৰ সৰ্বোচ্চ মূল্যাঙ্কন কৰিছে । ব্যক্তিগত অথবা সামাজিক অভিজ্ঞতাত কষ্ট, কঠোৰতা আৰু যান্ত্ৰণা যিমানেই নহওঁক, জীৱন হ’ল মানৱতাৰ সৰ্বোত্তম মূল্য । মৃত্যু কেতিয়াও মানৱ অস্তিত্বৰ মৌলিক অথবা কেন্দ্ৰীয় বস্তু নহয় । বৰঞ্চ মৃত্যুৰ বিভীষিকা ঐতিহাসিকভাৱে গঢ়ি উঠা এক মনস্তাত্ত্বিক প্ৰতিক্ৰিয়া । মৃত্যুক প্ৰতিহত কৰি নশ্বৰ মানুহে নিজস্ব জীৱনটো অধিকতম উৎপাদনশীল আৰু আনন্দময় কৰি গঢ় দিয়াটোৱেই মানৱীয় সত্তা । ঐতিহাসিক বস্তুবাদৰ মতে আমাৰ যান্ত্ৰণাৰ মূল হ’ল প্ৰকৃতি আৰু সামাজিক শক্তিবিলাকৰ সন্মুখত আমাৰ অপাৰগতা আৰু এইবোৰ সঞ্চালিত হৈ থকা বস্তুগত সম্পৰ্কবিলাকৰ ক্ষেত্ৰত আমাৰ অজ্ঞতা । ইয়েই মানৱীয় সত্তালৈ বিপন্নতা আনে, স্বাস্থ্যৰ অৱনতি ঘটায় আৰু এক সুখময় জীৱনৰ অৱসান হয় । এই মানসিক আৰু আবেগিক অশান্তিবিলাকে আমাৰ দৈনন্দিন জীৱনতো অশেষ মনোবিকাৰৰ সৃষ্টি কৰে । গতিকে, আমাৰ জীৱনৰ এই অন্ধ আৰু নৈৰাশ্য শক্তিবিলাকৰ ওপৰত আধিপত্য বিস্তাৰ কৰি কেনেকৈ জীৱনৰ এই যান্ত্ৰণাবোৰ অতিক্ৰম কৰিব পৰা যাব ?

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.