ধৰ্ম, সংস্কৃতি আৰু মানৱ অধিকাৰ

প্ৰকৃতিৰ লগত নিৰন্তৰ সংগ্ৰামতেই মানুহে পাৰ্থিৱজগতৰ বস্তুগত সম্পৰ্কবিলাকৰ সৈতে পৰিচিত হৈছিল । মানৱ অন্বেষণৰ প্ৰাৰম্ভিক খোজৰ সম্ভেদ তাহানিৰ ইন্দ্ৰজালৰ ধাৰণাৰ মাজতেই পোৱা যায় । সেই দিনৰ বিজ্ঞান কৌতূহলেৰে আবৃত আছিল আৰু সেয়ে পদাৰ্থজগতৰ অন্তৰ্নিহিত শক্তিসমূহ উপযুক্তভাৱে সঞ্চালন কৰিব পৰাকৈ জ্ঞান আহৰণ সম্ভৱ হৈ উঠা নাছিল । প্ৰাকৃতিক দুৰ্যোগবিলাক আছিল অদৃষ্ট আসুৰিক শক্তি আৰু সেইবোৰক অপতুষ্টিৰে নিয়ন্ত্ৰণ কৰিব বিচৰা হৈছিল । কিন্তু এই অপশক্তিবোৰৰ উৎসক লৈ অন্য উচ্চমানৰ সৃষ্টিশীল ধাৰণা তেতিয়ালৈকে সম্ভৱ হৈ উঠা নাছিল । তেতিয়ালৈকে পদাৰ্থজগতৰ পৰা স্বতন্ত্ৰ এক সৃষ্টিকৰ্তা অথবা অন্য কোনো সত্তাৰ কল্পনাও সম্ভৱ নাছিল । গতিকে, এক অলৌকিক শক্তিৰ ধাৰণা কৰিব পৰা পৰ্যায়লৈকে মানুহৰ চিন্তাশক্তিৰ বিকাশ বহুত পিছৰ পৰিঘটনা । উল্লেখযোগ্য যে অপতুষ্টিৰ সেই ৰীতি আৰু যাদুমন্ত্ৰবোৰ পাছলৈ ধৰ্মীয় পৰম্পৰা হিচাবে বিভিন্ন ৰূপত সমাজ-সংস্কৃতিৰ অভিন্ন অংগ হৈ পৰিছিল ।

এই অলৌকিক শক্তিৰ ধাৰণা অহাৰ সময়ত ইতিমধ্যে সমাজত শ্ৰেণীবিভাজন আৰম্ভ হ’ল, সম্পত্তিয়ে স্থায়িত্ব পালে আৰু শাসকীয় পদ্ধতি হিচাবে একনায়কত্ববাদী প্ৰশাসনিক ব্যৱস্থাৰ প্ৰণয়ন হ’ল । মানুহৰ পৰ্যবেক্ষণত ধৰা পৰিল যে তেওঁৰ চৌপাশৰ প্ৰাকৃতিক জগতখন কিছুমান বিধি অৰ্থাৎ নীতিসংগতভাৱে পৰিচালিত হয় । গতিকে যেনেকৈ এজন প্ৰশাসকে সমাজৰ শাসন নিয়ন্ত্ৰণ কৰে, তেনেকৈ এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰকৃতিজগতৰো নিয়ন্ত্ৰণ কোনো অলৌকিক শক্তিৰ ওচৰত ন্যস্ত আছে । এই পৰ্যবেক্ষণতেই সৃষ্টিকৰ্তাৰ আৱিস্কাৰ হয় । অৱশ্যে কোনটো সামাজিক স্তৰত আৰু বিশেষ সামাজিক পদ্ধতিৰ সহায়ত সৃষ্টিকৰ্তা অথবা অলৌকিক শক্তিৰ ধাৰণা আহিল, সেয়া বিশদ সামাজিক-নৃতাত্বিক গৱেষণাৰ বিষয় । এটা কথা ঠিক যে ব্যাখ্যা ভিন্ন হ’লেও মানৱ সভ্যতাৰ বিভিন্ন ধৰ্মীয় পৰম্পৰাৰ মাজত থকা অলৌকিক শক্তিবিলাকৰ ধাৰণাৰ মাজত সামঞ্জস্য আছে । সকলো ধৰ্মতেই এক অলৌকিক, চৈতন্য আৰু সৰ্বময় সত্তাৰ ধাৰণা আছে যি এই বিশ্বব্ৰহ্মাণ্ডৰ সকলো সৃষ্টি আৰু কাণ্ডৰ মূল । পাৰ্থিৱজগতৰ পৰা স্বতন্ত্ৰ এনে সৰ্বময় সত্তাৰ ধাৰণা কৰিব পৰাকৈ মানুহৰ চিন্তাশক্তিৰ বিকাশেই হ’ল ধৰ্মৰ ঐতিহাসিক গুৰুত্ব । সময়ৰ বুকুত এই অৱধাৰণাই আৰ্থ-সামাজিকভাৱে আধিপত্য বিস্তাৰ কৰে ।

ৰজাই ঈশ্বৰৰ প্ৰতিনিধি হিচাবে ন্যায্যতা পোৱাৰ লগে লগে ঈশ্বৰবিশ্বাসে ৰাজতন্ত্ৰক সুৰক্ষা প্ৰদান কৰিলে । এইখিনিতে এইটোও সত্য নহয় যে ভাৱবাদী দৰ্শন ইতিহাসৰ সকলো স্তৰতে কেৱল শোষক শ্ৰেণীৰ আহিলা বুলি ক’ব বিচৰাটো যেনেকৈ যান্ত্ৰিকতাধৰ্মী, তেনেকৈ বস্তুবাদী দৰ্শন কেৱল শোষিত শ্ৰেণীৰ আহিলা বুলি ভবাটোও ভূল । ইতিহাসৰ বিভিন্ন স্তৰত ইশ্বৰৰ চকুত সকলো সমানৰ দৰে ধৰ্মীয় বিশ্বাসেও শোষিতসকলক সংগঠিত কৰিছে । অন্য এটা দৃষ্টিকোনৰ পৰাও সামাজিক বিকাশৰ এক বিশেষ স্তৰত ধৰ্মই নৈতিকতা, মানৱীয় প্ৰমূল্য আৰু সামাজিক সংগতিৰ যোগেদি প্ৰগতিশীল ভূমিকাও লৈছে । ধৰ্মৰ এই ঐতিহাসিক মূল্যক অস্বীকাৰ কৰা মানে ইতিহাসকেই অস্বীকাৰ কৰা হ’ব ।পৰৱৰ্তী সময়ত বৈজ্ঞানিক পদ্ধতিৰ অভ্যূত্থান আৰু বুদ্ধিদ্বীপ্ত প্ৰমূল্যৰ সম্প্ৰসাৰণৰ লগে লগে আধুনিকতাৰ আগমন হ’ল । আধুনিক ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰ ব্যৱস্থাৰ গঠনৰ লগে লগে মানুহৰ সামাজিক-সাংস্কৃতিক জীৱনো ৰাষ্ট্ৰৰ চাৰিসীমাই বান্ধি ৰাখিবলৈ ল’লে । উদ্যোগিক বিপ্লৱে পুঁজিৰ বিকাশ ঘটালে আৰু উৎপাদনৰ সম্পৰ্কবোৰলৈ আমূল পৰিৱৰ্তন আনিলে । ধৰ্মৰো সামাজিক সংস্কাৰ হ’ল আৰু এক ব্যৱহাৰ্য বিধি-বিধানসমৃদ্ধ আধুনিক সংস্কৰণৰ উদ্ভৱ হ’ল । ধৰ্মৰ সংস্কাৰ মানে হ’ল সমাজ-সংস্কৃতিৰ মাজত থকা ধৰ্মীয় উপাদান তথা আচাৰ-ৰীতিবিলাকৰ সংস্কাৰ ৷ তেনেকৈয়ে আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাৰ পৃষ্ঠভুমিত বিভিন্ন ধৰ্মীয় সংস্কৰণে সময়ানুক্ৰমে সামাজিক ৰাজনৈতিক প্ৰতিনিধিত্ব কৰাৰ ন্যায্যতাও লাভ কৰি আহিল । মধ্যবিত্তৰ উত্থানৰ লগে লগে ধৰ্মীয় বিধি-বিধানবোৰ পৰিচিতি হিচাবে লৈ জাতীয় চেতনাৰো বিকাশ হ’ল ৷ এই প্ৰসংগত প্ৰফেচৰ প্ৰতাপ ভানু মেহতাই লিখিছে, “Religious conflict in India does not stem from doctrinal or theological sources, but is firmly a product of the politics of representation.”

এইখিনিতে উল্লেখযোগ্য যে ব্যক্তিগত জীৱনত মহম্মদ আলি জিন্না আৰু ৱিনায়ক দামোদৰ সাৱাৰকাৰ দুয়োজন নাস্তিক আছিল যদিও সামাজিক-ৰাজনৈতিক জীৱনত ধৰ্মীয় আদৰ্শবাদৰ পোষকতা কৰিছিল । এই ধৰ্মীয় আদৰ্শবাদ আধুনিকতাৰ পৰশত জাগি উঠা আৰু সেয়ে মধ্যযুগৰ ধৰ্ম সংস্কাৰৰ ইতিবাচক দিশ ইয়াত অনুপস্থিত ৷ আধুনিক ৰাষ্ট্ৰব্যৱস্থা প্ৰতিষ্ঠালৈকে হৈ থকা ধৰ্ম সংস্কাৰবিলাকেই আছিল আধুনিকতাৰো পথ প্ৰদৰ্শক ৷ তাৰ বিপৰীতে, এতিয়াৰ ধৰ্মীয় অথবা গোষ্ঠীগত আদৰ্শবাদ হ’ল সংস্কৃতিৰ পুনৰুত্থানবাদী জাতীয় চেতনা ৷ ধৰ্ম অথবা গোষ্ঠীচেতনাৰ আধাৰত এনে বিশেষত্ববাদী অথবা বিচিন্নতাবাদী আদৰ্শবাদৰ পোষকতাৰ বাবে সংস্কৃতিৰ উপাদান হিচাবে থকা আচাৰ-ৰীতিৰ বিশেষত্বই একমাত্ৰ সমল । কাৰণ ধৰ্মৰ সংগঠিত ৰূপ দিবলৈ যাওঁতে সাধাৰণতে গৌণ আচাৰ ৰীতিবিলাকেই সমল হৈ পৰে ৷ এনেদৰে ধৰ্মীয় আধ্যাত্মিকতাৰ উপস্থাপনত প্ৰকাশভঙ্গী অথবা প্ৰতীকধৰ্মিতাৰ ভিন্নতাৰ লগে লগে সংস্কৃতিৰ অংশ হৈ পৰা আচাৰ-ৰীতিবিলাকেহে ধৰ্মীয় বিশেষত্বৰ সৃষ্টি কৰে । এই আচাৰ-ৰীতি বিলাকে মানুহৰ ব্যক্তিত্বৰ স্তৰবোৰ খহাই এক সামুহিক সত্বাত বিলীন কৰি দিয়ে । সেয়ে, এক প্ৰশাসনিক প্ৰযুক্তি হিচাবে আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ সন্মুখত ধৰ্মৰ ৰাজনৈতিক ব্যাখ্যা এই আচাৰ-ৰীতিবিলাকতেই সীমিত হোৱাটো স্বাভাৱিক ।

প্ৰসঙ্গক্ৰমে ড° আম্বেদকাৰে কৈছিল, “Religion must mainly be a matter of principles only. It cannot be a matter of rules. The moment it degenerates into rules, it ceases to be a religion, as it kills responsibility which is an essence of the true religious act.” তেনে এটা দৃষ্টিকোণৰ পৰা মানুহৰ একান্ত ঈশ্বৰ ভক্তিত ধৰ্ম বিশ্বজনীন আৰু ভতৃত্ববোধৰ ই নিভাঁজ প্ৰকাশ । কিন্ত ধৰ্মৰ সংগঠিত ৰূপ হিচাবে ধৰ্মীয় সংস্কাৰ অথবা আদৰ্শবাদৰ পোষকতা ব্যক্তিগত ভক্তিৰ উৰ্ধত এক আৰ্থ-সামাজিক প্ৰকল্প । উল্লেখযোগ্য যে পৰৱৰ্তী সময়ছোৱাত যুক্তিবাদী আৰু বৈজ্ঞানিক চিন্তাধাৰাৰ ছত্ৰছায়াতেই ধৰ্মীয় অধ্যাত্মিকতাৰো বিকাশ হৈছিল । ঈশ্বৰ বিশ্বাসৰ মাজতেই পাৰ্থিৱ জগতৰ অনুসন্ধান অব্যাহত আছিল ৷ গতিকে মানৱ সভ্যতা বিকাশৰ এক ঐতিহাসিক স্তৰত ধৰ্মৰ উত্থান হয় আৰু ই ক্ৰমান্নয়ে সমাজ সংগঠন আৰু বিৱৰ্তনৰ ভূমিকা লয় । ই সামাজিক ব্যৱস্থা হিচাবে মানুহৰ সমসাময়িক জনজীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰাৰ লগে লগে একনায়কত্ববাদী ৰাষ্ট্ৰব্যৱস্থা প্ৰতিষ্ঠাৰো মূলভেঁটি হৈ পৰিল । তেনেদৰে, কালক্ৰমে ধৰ্মীয় আচাৰ-ৰীতিবোৰ সংস্কৃতিৰ লগত বিলীন হৈ গ’ল ৷ এইবোৰৰ সংস্কাৰ হৈ থাকিল আৰু নতুন নতুন কালোপযোগী আচাৰ-ৰীতিৰ প্ৰৱৰ্ত্তন হ’ল । ঐতিহাসিকভাৱে আৰ্থ-সামাজিক বিৱৰ্তনে জন্ম দিয়া ধৰ্মীয় আদৰ্শবাদ নতুবা আচাৰ-ৰীতিৰ সংস্কাৰ বিভিন্ন সময়ত ধৰ্মৰ সংগঠিত ৰূপ হিচাবে আত্মপ্ৰকাশ কৰিছে আৰু সময় সাপেক্ষে এই বিভিন্ন সংস্কৰণবোৰ আৰ্থ-সামাজিক শক্তিবিলাকৰ আত্মপ্ৰকাশৰ মাধ্যম হৈ পৰিছে ৷

এনেদৰে বিভিন্ন বিশেষত্ববাদী ধাৰা ৰাষ্ট্ৰব্যৱস্থাৰ লগত সন্নিৱিষ্ট হয় আৰু সাংস্কৃতিক অধিকাৰ হিচাবে গৃহীত হয় । সাংস্কৃতিক ভিত্তিত পৃথক হোৱাৰ এই আধিকাৰেই নিশ্চয় জাতীয়তাবাদ আৰু বিভিন্ন উপ-জাতীয়তাবাদ । জাতীয়তাবাদৰ আত্মপ্ৰকাশ পৰিচিতি ভিত্তিক ভিন্নতা হ’লেও ই এক বিশ্বস্তৰীয় পৰিঘটনা । কাৰণ, সংস্কৃতিৰ ঐতিহাসিক বিভাজনবোৰ আচলতে বিশ্বজনীন মানৱাধিকাৰৰে কেৱল মাথো স্থান আৰু কাল সাপেক্ষ ভিন্নৰূপী প্ৰকাশ ৷ সেয়ে এক ঐক্য সন্ধানী সামাজিক বিৱৰ্তন অৱশ্যাভাম্বী । তাৰ বাবে বিভিন্ন ধৰ্মীয় তথা সাংস্কৃতিক জনগোষ্ঠীবিলাকৰ মাজত তৃণমূল পৰ্যায়ৰ পৰাই সংস্কাৰমুখী আন্দোলন লাগিব । বাস্তৱ প্ৰয়োজনীয়তাই হ’ল মৌলিক অধিকাৰৰ ভেটি আৰু তাৰ মাপকাঠি লৈয়ে সংস্কাৰ হ’ব লাগিব । কাৰণ সাংস্কৃতিকভাৱে পৃথক হোৱাৰ অধিকাৰ নিশ্চয় আছে, কিন্তু অকাৰণে অথবা মৌলিক অধিকাৰৰ পৰিপন্থী সাংস্কৃতিক অধিকাৰ অমানৱীয়ও হ’ব পাৰে । সাংস্কৃতিক অধিকাৰ বাস্তৱিক প্ৰয়োজনীয়তাৰ গণ্ডীৰ ভিতৰতহে কাৰ্যকাৰী হ’ব লাগিব । সেয়ে, গনতান্ত্ৰিক সমাজত দাবী উত্থাপনৰ অধিকাৰ সকলোৰে আছে যদিও সকলো দাবী যুক্তিসংগত নহ’বও পাৰে ৷ কাৰণ ব্যক্তিগত বা গোষ্ঠীগত অধিকাৰ মৌলিক প্ৰয়োজনীয়তাৰ উৰ্ধত কাৰ্যকৰী হ’লেই বৈষম্য অৱশ্যাভাম্বী ৷

প্ৰশ্ন হ’ল আধুনিক যুগটো এই অযুক্তিকৰ দাবীবোৰ কিয় উত্থাপিত হৈ আহিছে ? কাৰণ আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ নেপথ্যত মধ্যযুগীয়া পৰিচিতিবিলাক আৰ্থ-সামাজিক শক্তি হিচাবে বৰ্তি আছে ৷ প্ৰকৃতাৰ্থৎ এই বিৱৰ্তিত আৰ্থ-সামাজিক সমীকৰণেই আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থালৈও সীমবদ্ধতা আনি দিছে । সেয়ে আজিও মানৱ সমাজত বাস্তৱিক প্ৰয়োজনীয়তাৰ সংকট বিদ্যমান । যেনেকৈ ঐতিহাসিক প্ৰক্ৰিয়াত ভিন্ন ভৌগলিক পৰিবেশ আৰু অধিনায়কত্ববাদী শক্তিয়ে সংস্কৃতিৰ বিভাজন আনে, তেনেকৈ সামাজিক আদান-প্ৰদানেৰে এক সমন্বয় প্ৰক্ৰিয়াও গঢ়ি উঠে । এই সমন্বয়ে বাস্তৱিক প্ৰয়োজনীয়তাৰ যুক্তিযুক্ততাক অধিক সবল কৰে আৰু তাৰ আধাৰতেই প্ৰতিষ্ঠা হয় আধুনিক ৰাষ্ট্ৰব্যৱস্থা ৷ গতিকে দুবেলা-দুমুঠিৰ বাবে সংগ্ৰামৰ দাবী আচল আৰু তাৰ সন্মুখত সকলো বস্তুগত সমৃদ্ধিৰ দাবীয়েই অযুক্তিকৰ ৷ সম্প্ৰতি মানৱ উন্নয়নৰ দাবী একচেটিয়া বস্তুগত সমৃদ্ধিৰ প্ৰৱণতাই পথভ্ৰষ্ট কৰিছে ৷ মানৱ উন্নয়নৰ বাবে প্ৰযুক্তিহে লাগিব, সম্পত্তি নালাগে ৷ সামগ্ৰিক মানৱ কল্যান আৰু উন্নয়নৰ অনিবাৰ্যতাক জলাঞ্জলি দি কেৱল বিকাশৰ দাবী আচলতে মধ্যযুগীয়া প্ৰবৃত্তিৰ আধুনিক সংস্কৰণ ৷ কাৰণ, তাৰ ফলশ্ৰুতিত পুঁজিবোৰ আকৌ মধ্যযুগীয়া সম্পত্তিলৈ অৱনমিত হয় ৷

ব্যক্তিগত স্বাৰ্থ আৰু বাস্তৱিক প্ৰয়োজনীয়তাৰ মৌলিক ঐক্যসাধনেই হ’ল সামগ্ৰিকতা । অনস্বীকাৰ্য যে বাস্তৱ জীৱনত ব্যক্তিগত বা শ্ৰেণীগত সত্তাবোৰ প্ৰকৃতাৰ্থত এক ভুৱা সামুহিক সত্তাৰ বশৱৰ্তী হৈ পৰে । কাৰণ সাংস্কৃতিক ৰক্ষনশীলতাই হওক নতুবা তাৰ ৰাষ্ট্ৰ-সৰ্বস্ব বিকল্পই হওক, পুঁজিৰ একচেটিয়া বিকাশৰ ঐতিহাসিক সমলবোৰ শক্তিশালী হৈ উঠে । এইটো সহজেই অনুধাৱন কৰিব পাৰি যে ঐতিহাসিক প্ৰক্ৰিয়াত একচেটিয়াকৈ গঢ়ি উঠা সম্পত্তিয়ে তাৰ পৰৱৰ্তী পৰ্যায়ত বৰ্ধিত সম্পত্তি আৰু আয়ৰ অনুপাতেৰে পুঁজিৰ বিকাশৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলায় । গনতান্ত্ৰিক প্ৰক্ৰিয়াক প্ৰভাৱশালী আৰ্থ-সামাজিক শক্তিৰ কবলৰ পৰা মুক্ত কৰাটো কঠিন হৈ পৰে । তাৰ লগে লগে ৰাষ্ট্ৰব্যৱস্থাৰ প্ৰযুক্তিগত ৰূপায়নত প্ৰত্যাহ্বানবোৰ আহি পৰে ৷ সেয়ে কেৱল বিকাশৰ দাবী আচলতে মধ্যযুগীয়া ৰাগী আৰু তেনে দাবী প্ৰকৃতাৰ্থৎ এমুঠিমান সামন্তীয় অথবা সাম্ভাব্য নব্য সামন্তীয় মুষ্টিমেয়ৰ ৷ গতিকে দাবীৰ যুক্তিযুক্ততা নিৰুপনত মৌলিক প্ৰয়োজনীয়তাহে মাপকাঠি হ’ব লাগিব ৷

গতিকে দাবীবোৰেই সমাধান নহয় ৷ সমাধান সদায় সামগ্ৰিক আৰু মৌলিক প্ৰয়োজনীয়তাৰ ওপৰত প্ৰতিষ্ঠিত ৷ গনতন্ত্ৰ, সমাধিকাৰ আৰু প্ৰকৃতিৰ অন্তৰ্নিহিত মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত এক সৰ্বস্ব প্ৰণালীৰ পোষকতা হ’ল সমগ্ৰিকতাৰে প্ৰযুক্তি ৷ কিন্তু কৌশলগতভাৱে এই ‘সামগ্ৰিক’টো অস্তিত্বহীন বা ভুৱা বুলি নিচাসক্ত কৰি পেলোৱা হয় ৷ জনমানসত মুষ্টিময় উদ্যমত তেওঁলোকৰ অনুকুলে থকা বাগধাৰাই প্ৰতিষ্ঠা লাভ কৰে ৷ সেয়ে সামগ্ৰিকতা অনুধাৱন কৰাটো সহজ হৈ নাথাকে ৷ কিন্তু প্ৰতিজন দায়িত্বশীল মানুহেই এই সামগ্ৰিক সত্তাটো উপলব্ধি নকৰিলে মধ্যযুগীয়া ৰাগীত মতলীয়া হৈ থকাৰ সম্ভাৱনাই বেছি ৷ প্ৰগতিশীল ধাৰাৰ ভূমিকা ইয়াতেই আছে ৷ এই সামগ্ৰিক সত্তাটো ৰাষ্ট্ৰব্যৱস্থাৰ আৱেষ্টনতেই আবদ্ধ নহলেও ৰাষ্ট্ৰৰ মাজতেই মীমাংসাৰ প্ৰচেষ্টা এটা প্ৰাৰম্ভিক পদক্ষেপ ৷ আগতে আলোচনা কৰাৰ দৰে মুষ্টিমেয় উদ্যমত গঢ়ি উঠা আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ প্ৰয়োগিক সীমবদ্ধতা মধ্যযুগীয়া আৰ্থ-সামাজিক শক্তিবিলাকেই আনি দিছে ।

মানুহৰ জীৱনশৈলী এক পদ্ধতিগত অন্বেষণেৰে (যাক আমি বৈজ্ঞানিক পদ্ধতি বুলি কওঁ) সমৃদ্ধ নোহোৱা পৰ্যন্ত ধৰ্মৰ সামাজিক গুৰুত্ব থাকি গৈছিল আৰু ঐতিহাসিক গুৰুত্ব সদায় থাকিব । কিন্তু, সম্প্ৰতি গৌণ আচাৰ-ৰীতিবিলাকৰ উৰ্ধত “মানৱতাই ধৰ্ম” বুলি কওঁতে সচৰাচৰ প্ৰশ্ন হয় যে সমাজৰ অবিছেদ্য অংগ হৈ থকা ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক পৰম্পৰাত নিহিত থকা নৈতিক মূল্যবোধৰ উপযুক্ত বিকল্প আধুনিক বাষ্ট্ৰব্যৱস্থাৰ পৰিধিৰ ভিতৰত সম্ভৱ হ’বনে? ৰাষ্ট্ৰ ব্যৱস্থা হ’ল আচলতে এক প্ৰযুক্তি, আৰ্থ-সামাজিক বাস্তৱৰ লগত সংগতি ৰাখি তাৰ সময়োপযোগী সংস্কাৰ অৱশ্যাভাম্বী । কোৱা যায় যে মূলতঃ উদ্যোগিক বিকাশৰ লক্ষত আধুনিক ৰাষ্ট্ৰই সামাজিক-সাংস্কৃতিক জীৱনৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে । প্ৰফেচৰ আশীষ নন্দীয়ে কোৱাৰ দৰে জ্ঞানোদ্বীপ্ত প্ৰমূল্যৰ সৰ্বাধিক প্ৰয়োগ আৰু মানৱ যুক্তিবাদৰ অফুৰন্ত দক্ষতাই অনিছে এক আধ্যাত্মিকতা ৰহিত জীৱন । গতিকে, জ্ঞানোদ্বীপ্ত প্ৰমূল্যেৰে কৰা সূষম আৰু সৰলীকৰণৰ প্ৰকল্পবোৰো আচলতে ওপৰৰ পৰা জাপি দিয়া মুষ্টিমেয় উদ্যম যি ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক পৰম্পৰাৰ মাজত থকা মানবীয় মূল্যবোধকো হয়তো উলাই কৰিব পাৰে । এই প্ৰত্যাহ্বানৰ কথা আশীষ নন্দীয়ে এনেদৰে উল্লেখ কৰিছে, ”However uncomfortable the thought might be, the intellectual challenge of our times may well be to identify the means—the institutional structures and personality resources—that can reconcile diversity with exclusions that are not destructive, demeaning or driven by hatred; for some degree of discomfort with or suspicion of strangers—you may call it tolerable ethnocentrism—is an inescapable part of living cultures.”

গতিকে, মৌলিক অধিকাৰৰ এক ঐকিক আৰু বিশ্বজনীন সংজ্ঞা নিৰূপণ আৰু প্ৰণয়নত সাংস্কৃতিক অধিকাৰ আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ সন্মুখত প্ৰত্যাহ্বান হিচাবে থিয় দিয়ে । এফালেদি বিশ্বজনীন ভাৱধাৰাও নিষ্ক্ৰিয় হোৱাৰ বিপৰীতে প্ৰভাৱশালী সাংস্কৃতিক গোষ্ঠীৰ শৰনাপন্ন হৈ এক সৰলীকৃত আৰু সুষম সাংস্কৃতিক পৰিচিতিৰ পোষকতা কৰে আৰু অন্যান্য গোষ্ঠীসত্তাবোৰে নিজস্ব পৰিচয় হেৰুওৱাৰ আশংকাত ভোগে ৷ গতিকে সংস্কৃতিৰ ভিন্নতাক স্বীকৃতি দিবলৈ যাওঁতে বিশ্বজনীন নাগৰিকত্বকেই প্ৰত্যাহ্বান জনালে নহ’ব ৷ ৰাষ্ট্ৰব্যৱস্থাৰ এই সংঘাতৰ কথা পাৰ্থ চেটাৰ্জীয়ে লিখিছে, “The ‘challenge of multiculturalism’ is sought to be met by asserting the value of diversity itself for the flowering of culture and making room for divergent ways of life within a fundamentally agreed set of universalist values.”

আধুনিক ৰাষ্ট্ৰব্যৱস্থাক গতিশীল সংস্কৃতিৰ ধাৰাবাহিকতাৰে বিশ্বস্তৰীয় মানৱীয় মূল্যক আকোঁৱালি লোৱাকৈ সক্ষম কৰি তোলাটো নিশ্চয় এক জটিল প্ৰক্ৰিয়া । সাংস্কৃতিক ভিন্নতাক ৰক্ষণাবেক্ষণ দি গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থা মানৱ অধিকাৰৰ ঐকিক যুক্তিযুক্ততাৰ সৈতে সমাহিত হ’বলৈ যাওতে বাধা আহি পৰে । যেনেকৈ কেৱল বিধি-বিধানেৰে সমৃদ্ধ ধৰ্মৰ আধুনিক সংস্কৰণবোৰ এতিয়া ঐতিহাসিকভাৱেই ফোঁপোলা আৰু অৰ্থহীন, তেনেকৈ এই আধুনিক ৰাষ্ট্ৰ ব্যৱস্থাক আচলতে ওপৰৰ পৰা জাপি দিয়া মুষ্টিমেয় প্ৰকল্প বুলি অভিহিত কৰা হয় ৷ সেয়ে ৰাষ্ট্ৰব্যৱস্থা আৰু সামজিক-সাংস্কৃতিক জগতখনৰ মাজত যোগসূত্ৰৰ সাঁকো হেৰাই যায় ৷ গনজীৱনৰ পৰা সংস্কাৰে যেন বাট হেৰুৱায় ৷ স্বৰাজোত্তৰ ভাৰতৰ নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিও এই বিলম্বৰ বাবে কম জগৰীয়া নহয় ৷ এনে সাময়িক প্ৰত্যাহ্বানবিলাকৰ মাজেদিয়েই সংস্কৃতিৰ অধিকাৰক বিশ্বজনীন মানৱ অধিকাৰৰ ভেঁটিত কাৰ্যকৰী কৰাৰ দিশত তৃণমূল পৰ্যায়ৰ পৰা এক নিৰন্তৰ সংস্কাৰমুখী প্ৰক্ৰিয়া অব্যাহত থাকিব লাগিব৷ কাৰণ মানৱীয় মুল্যবোধৰ সন্ধানত প্ৰগতিশীল মানৱতাবাদে আশীষ নন্দীৰ তৃণমূল পৰ্যায়ৰ পৰম্পৰাৰ লগত এক আধুনিক যোগসূত্ৰ ৰক্ষা কৰাৰ প্ৰয়োজন নিশ্চয় হ’ব ।

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.