মোক্ষ: আত্মজ নে পাৰ্থিৱ

“ওঁ পূৰ্ণমদঃ পূৰ্ণমিদং পূৰ্ণাৎ পূৰ্ণদমুচ্যতে

পূৰ্ণস্য পূৰ্ণমাদায় পূৰ্ণামেৱাৱশিষ্যতে।”

উপনিষদৰ এই কালজয়ী শ্লোকৰ বৰ্ণনা মতে, যেনেকৈ চৈতন্য সম্পূৰ্ণ তেনেকৈ এই পাৰ্থিৱ জগতখনো সম্পূৰ্ণ, কাৰণ এই পৰিপূৰ্ণতা সেই পূৰ্ণতাৰে প্ৰকাশ ৷ তাৰ ভাৱান্তৰ কৰি শঙ্কৰাচাৰ্যই কৈছে যে চৈতন্য অবিভাজ্য আৰু সদায় ঐকিক ৷ সেয়ে মানৱীয় সত্তাবিলাকৰ মাজত থকা পাৰ্থক্যও ভ্ৰান্ত ধাৰনাহে মাথো ৷ গীতাত কথাষাৰ আৰু স্পষ্ট হৈ পৰিছে ৷ অবিভক্ত হৈয়ো চৈতন্য বিভিন্ন সত্তাবিলাকৰ মাজত বিৰাজমান হৈ থাকে ৷ সনাতন তত্বৰ মতেও ভিন্ন ভিন্ন দেহত সাক্ষীৰূপে থকা ভিন্ন ভিন্ন আত্মাক ভিন্ন ভিন্ন বুলি নেভাৱি এক পৰমেশ্বৰৰে ভিন্ন ভিন্ন প্ৰকাশ বুলি উপলব্ধি কৰাই আত্মজ্ঞানৰ অন্তিম ৰূপ । এই আধ্যাত্মিকতাৰেই বৌদ্ধিক ৰূপান্তৰ হ’ল বিশ্বজনীনতা ৷ তেনেকৈ বৌদ্ধিক জ্ঞান নিষ্ক্ৰিয় কাৰণে হয়তো সহজসাধ্য, কিন্তু আচৰণত প্ৰয়োগ অতি কঠিন । স্বামী বিবেকানন্দই প্ৰতিটো আত্মাৰে স্বৰ্গীয় সম্ভাৱনীয়তাৰ কথা কৈছে ৷ এই স্বৰ্গীয় সম্ভাৱনীয়তাক বাস্তৱ ৰূপ দিয়াটোৱেই হ’ল মানৱ জীৱনৰ উদ্দেশ্য ৷ তাৰ বাবে ব্যক্তিসত্তাবিলাকে পাৰ্থিৱ জগতৰ সঞ্চালন আৰু তাৰ অনুকুলে আত্মজ প্ৰবৃত্তিৰ নিয়ন্ত্ৰন কৰাটো অনিবাৰ্য ৷

 তেনেকৈয়ে মানুহৰ বুদ্ধিমত্তাই চিৰন্তন জগতখনৰ গতিশীলতাৰ অন্বেষণত ব্ৰতী হয় আৰু সমাজ জীৱনৰ সম্পৰ্কবিলাক বিশ্লেষণৰ চেষ্টা কৰে ।মাৰ্ক্সীয় বস্তুবাদ হ’ল তেনে অন্বেষণৰেই মাইলৰ খুটি । লেনিনে ইয়াৰ মহত্ব বৰ্ণনা কৰিছে এনেদৰে, “The limits of approximation of our knowledge to objective, absolute truth are historically conditional, but the existence of such truth is unconditional, and the fact that we are approaching nearer to it is also unconditional.”

এইটো সহজেই অনুমেয় যে মানৱতা এক পাৰ্থিৱ অস্তিত্ব যি মুক্তভাৱে বিচৰণ কৰা ব্যক্তিসত্তাবিলাকৰ সুসংহত সমষ্টি ৷ ওঠৰ শতিকাৰ ”Single individuals in civil society”ৰ বুদ্ধিদ্বীপ্ততাই বৈজ্ঞানিক, ৰাজনৈতিক আৰু সামাজিক জাগৰণৰ বাট মুকলি কৰে যদিও এক সন্মিলিত বিৱৰ্তিত পৃথিৱীৰ পৰা যেন মানৱতাক পৃথক কৰি পেলালে ৷ তেনে সন্ধিক্ষণত ’প্ৰতিজন’ৰ পৰা ‘সকলো’লৈ হোৱা স্বাভাৱিক প্ৰত্যাৱৰ্তনত সংগঠিত হৈ উঠা সামগ্ৰিক জনজীৱনৰ বাদে কি হ’ব পাৰে মানৱতাৰ অন্য সুৰক্ষা কবচ ? অনস্বীকাৰ্য যে ভূতাত্বিক ক্ষণ মাত্ৰ মানৱতাৰ এই ঐতিহাসিক বিৱৰ্তনৰ অন্তৰালত মানৱীয় আৰু চিৰন্তনীয় এই দুয়োটা কাৰকেই থাকিব ৷ সেয়ে মানুহৰ মাজত থকা আৰ্থ-সামাজিক সম্পৰ্কবিলাকৰ পুনৰ্নিৰ্মাণৰ প্ৰচেষ্টা কেৱল ৰাষ্ট্ৰব্যৱস্থাৰ প্ৰযুক্তিতেই সীমাবদ্ধ নহয়, ব্যক্তিসত্তাবিলাকৰ সচেতনতা অবিহনে সেয়া অসাৰ ৷ কাৰণ ব্যক্তিসচেতনতাই হ’ল পাৰ্থিৱ আৰ্থ-সামাজিক শক্তিবিলাকৰ ৰাজনৈতিক প্ৰকাশ ৷ মানৱ সমাজত ব্যক্তিসচেতনতা গঢ় দিয়ে সমাজ-সাংস্কৃতিক বিৱৰ্তনেহে । সেয়ে, সামাজিক-সাংস্কৃতিক বিবৰ্তনেহে যে ৰাজনৈতিক সমাজব্যৱস্থা প্ৰতিষ্ঠা কৰিব লাগিব তাত কোনো সন্দেহ নাই ৷ তাৰ বিপৰীতে কোনো ৰাষ্ট্ৰব্যৱস্থা কেৱল ৰাজনৈতিকভাৱে ওপৰৰ পৰা জাপি দি প্ৰগতিশীল সামাজিক-সাংস্কৃতিক বিৱৰ্তন আনিব নোৱাৰি ৷ তেনেকৈ, এই সামাজিক-সাংস্কৃতিক বিৱৰ্তন অবিহনে গনতন্ত্ৰও অৰ্থহীন ৷ কাৰণ সামগ্ৰিক চেতনাৰ ব্যৱস্থাগত প্ৰয়োগৰ ক্ষেত্ৰত গনতন্ত্ৰ কেৱল মাত্ৰ এক প্ৰযুক্তি ৷ ৰাষ্ট্ৰব্যৱস্থা আৰু সামজিক-সাংস্কৃতিক জগতখনৰ মাজত যোগসূত্ৰৰ এক সাঁকো নিৰ্মাণ হ’লেহে ব্যক্তিগত, সমষ্টিগত আৰু সামগ্ৰিক দিশবোৰৰ মাজত এক সন্তুলন বজাই ৰখাটো সম্ভৱপৰ হ’ব ৷

এই সামগ্ৰিক চেতনা কি ? কেইদিনমানৰ আগতে কোটি কোটি ভক্তই এজন ধৰ্ষণত অভিযুক্ত সম্পত্তিশালী ব্যক্তিৰ প্ৰতি আনুগত্য দেখুৱাই ন্যায়ালয়ৰ ৰায়ৰ প্ৰতিবাদত ওলাই অহাৰ দৃশ্যাৱলী সকলোৰে জ্ঞাত ৷ এনে ধৰণৰ অন্ধ ব্যক্তিনমস্যতাই মানৱতাকেই প্ৰত্যাহ্বান জনায় ৷ আমি জানো যে বস্তুনিষ্ঠ অধ্যয়নৰ বাবে ”ভক্তি” ভিতৰৰ পৰা উলিয়াই একেবাৰে মুক্ত হৈ লোৱাটো হ’ব পুৰ্বচৰ্ত ৷ শ্ৰীমন্ত শংকৰদেৱৰ এক আলোচনাৰ পাতনিত ড০ হীৰেণ গোহাঁইয়ে লিখিছে যে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে বস্তুনিষ্ঠ আলোচনাৰ বাবে প্ৰথম চৰ্ত হ’ল তেখেতক অলৌকিক সত্তাৰপৰা মানৱীয় হৃদয়-মনৰ অধিকাৰী যুগন্ধৰ মানৱ হিচাপে প্ৰতিষ্ঠা কৰা । প্ৰশ্ন আহিব ভক্তিক সম্পূৰ্ণৰূপে পৰিহাৰ কৰিলে নৈতিকতা কেনেকৈ অটুট থাকিব ? কাৰণ বাস্তৱতা নৈতিকভাৱে নিষ্ক্ৰিয় ৷ আৰু যদি ঘৃণাৰ বশৱৰ্তী হৈ পৰে ৷ গতিকে ঘৃণাও পৰিহাৰ কৰি ব্যক্তি নিৰ্বিশেষে এক সামগ্ৰিক মানৱীয়তাৰ দৃষ্টি ল’ব লাগিব ৷ সেয়ে হ’ব ব্যক্তিনমস্য অধ্যয়নৰ পৰা মুক্ত এক সামগ্ৰিক চেতনাৰ সন্ধান ৷ বহুলাৰ্থত এই সামগ্ৰিক চেতনাৰ উপলব্ধিয়েই চৈতন্য নহয়নে ?

তেনেকৈ ই সহজেই বোধগম্য যে ব্যক্তিনমস্যতাৰ কবলৰ পৰা নিজকে উদ্ধাৰ কৰিব নোৱাৰিলে সমাজ অধ্যয়ন অসম্ভৱ ৷ এই অধ্যয়ন যদি মানুহৰ ভক্তি বা ঘৃণাৰে নিৰ্ণয় কৰিবলৈ হয়, তেন্তে ই বস্তুনিষ্ঠ হৈ থাকিব নোৱাৰে ৷ বৰঞ্চ কাৰোবাৰ স্তুতি বা সংহিতালৈহে ৰূপান্তৰ হ’ব ৷ যেনেদৰে মাৰ্ক্স বা গান্ধীক কোনো ভক্তিবাদী গুৰুৰ দৰে চালে মাৰ্ক্সবাদ বা গান্ধীবাদ হৈ নাথাকে, তেনেকৈ ব্যক্তিসত্তাবিলাকৰ প্ৰবৃত্তিগত দুৰ্বলতাবোৰেৰে সামগ্ৰিক চিন্তা আৰু চেতনাৰ গভীৰতাক ঢাকি ৰাখিবলৈ যত্নপৰ হোৱাওঁ সততে দৃষ্টিগোচৰ হয় ৷ ইতিহাস অধ্যয়নো স্থুল অভিসন্ধিৰ অৱধাৰনাতেই সীমাবদ্ধ হৈ আৰ্থ-সামাজিক শক্তিবোৰৰ ঐতিহাসিক ন্যায্যতাৰ ব্যাখ্যালৈ ৰূপান্তৰ হয় ৷ অনুধাৱন কৰাটো অসম্ভৱ হৈ পৰে যে একোজন ব্যক্তিৰ লগত সাঙুৰ খাই পৰা এনে মতবাদবোৰ আচলতে ঐতিহাসিকভাৱে সৃষ্টি হোৱা একোটা বিশ্লেষণাত্মক অধ্যয়ন পদ্ধতি তথা সমাজ উত্তৰণৰ বৈকল্পিক পথ ৷ 

যান্ত্ৰিকতাৰে আক্ৰান্ত হ’লেও মানৱ ইতিহাসৰ অৰ্থনৈতিক বিশ্লেষণ অবিহনে সামগ্ৰিক চেতনাৰ অনুধাৱন অসম্ভৱ কাৰণ মানৱতাকেই আওকাণ কৰা অৰ্থনৈতিক বৈষম্যৰ পৰা মুক্তিয়েহে মানৱতাৰ পথ দেখুৱাব । পুঁজিবাদী বিকাশৰ অন্তৰ্দ্বন্দ্বৰ আভাস দি হেগেলে কৈছে, “Despite an excess of wealth bourgeois society is not rich enough to check excessive poverty and the creation of a penurious rabble” । এই সামগ্ৰিক চেতনাৰ কৰ্মভূমি ঐতিহাসিকভাৱে গতিশীল আৰু লগে লগে মানৱ প্ৰযুক্তিও উন্নয়নশীল ৷ এইখিনিতে প্ৰণিধানযোগ্য যে তৈত্তিৰীয় উপনিষদৰ তলৰ শ্লোকতো অন্তৰ্নিহিত হৈ আছে এক সামগ্ৰিক বিকাশৰ আৰাধনা ৷

ওঁ সহনাববতু সহনৌভূনক্তু সহ বীর্য্যং কৰবাবহৈ

তেজস্বী নাবধিতমস্তু মা বিদ্বিষাবহে ।

একনায়কত্ববাদৰ পৰা গনতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থালৈ উত্তৰণ মানৱ ক্ৰমবিকাশৰ এক যুগান্তকাৰী পৰিঘটনা । এই বিৱৰ্তন সংঘাতৰ অবিহনে হোৱা নাই । গনতান্ত্ৰিক অধিকাৰ তৃনমূল পৰ্যায়লৈকে প্ৰবাহিত কৰাটোৱেই হ’ল এই বিৱৰ্তনৰ লক্ষ্য । কেৱল শাসক শাসিতৰ সাময়িক স্থান পৰিৱৰ্তন নিশ্চয় নহয় । কিন্তু, ঐতিহাসিক জাগৰণবিলাকেও অনা যুগান্তকাৰী বুলি ভবা পৰিৱৰ্তনবোৰো কেৱল সাময়িক স্থান পৰিৱৰ্তনলৈ ৰুপান্তৰ হোৱাটো এক ঐতিহাসিক বাস্তৱ । ই হ’ল পৰিৱৰ্তনৰ কাৰক হিচাবে অগ্ৰণী আৰ্থ-সামাজিক শক্তিবোৰ অথবা ৰাষ্ট্ৰ-সৰ্বস্ব ব্যৱস্থাবোৰৰ সীমান্তবৰ্তী হিচাবেই গঢ়ি উঠা নব্য আৰ্থ-সামাজিক শক্তিবোৰে পৰৱৰ্তী সময়ত সৃষ্টি কৰা স্থিতাৱস্থাবাদী প্ৰৱণতাৰে পৰিণতি । সামগ্ৰিক ব্যৱস্থা বিলাকৰ লগত মকামিলা কৰি ক্ষমতাশালী হৈ উঠা একচেটিয়া শক্তিবিলাকৰ বিকাশ যদিও অৰ্থনৈতিক গতিশীলতাৰ চালিকা শক্তি ই মানৱতাৰ সন্মুখতেই এক ডাঙৰ প্ৰত্যাহ্বান ।

ব্যক্তিকেন্দ্ৰিক চিন্তাক পাৰ্থিৱ সামগ্ৰিক সমাজ জীৱনতকৈ আধিক গুৰুত্ব আৰোপ কৰা দৰ্শন ভাৱবাদৰেই এক সংস্কৰণ । ব্যক্তিগত স্বাৰ্থক সুৰক্ষিত কৰিবলৈ অনিয়ন্ত্ৰিত ৰাষ্ট্ৰবাদ লাগিব আৰু ই আচলতে একচেটিয়া স্বাৰ্থসিদ্ধিৰ বাবে ৰক্ষণশীল প্ৰতিক্ৰিয়াৰহে সৃষ্টি । কাৰণ নিয়ন্ত্ৰন নকৰিবলৈ কোনো মানৱ প্ৰযুক্তি নালাগে । কিন্তু নিয়ন্ত্ৰণ জ্ঞানোদ্বীপ্ত প্ৰমূল্য, উদ্যমশীল ভাৱনা আৰু পুঁজিৰ সম্প্ৰসাৰণৰ অধিকাৰৰ ওপৰত প্ৰতিষ্ঠিত নিশ্চয় হ’ব পাৰে । সেয়ে ব্যক্তি স্বাধীনতা আৰু অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ ভূমিকা আধুনিক গণতান্ত্ৰিক ব্যৱস্থাত এক বিতৰ্কিত অধ্যায় হৈ পৰিল ।

আজি সচৰাচৰ চহৰীয়া জীৱনৰ দৃশ্যপটত পৰিচ্ছন্ন বাসগৃহবোৰৰ বাহিৰত আৱৰ্জনাৰ পাহাৰবোৰ অথবা খলাবমা ৰাস্তাবোৰে আমাৰ জনমানসত ৰাজহুৱা আৰু ব্যক্তিগত বিভেদৰ ছবিখন প্ৰকট কৰি তোলে। ব্যক্তিকেন্দ্ৰিকতা আৰু সামগ্ৰিকতাৰ এই অৱহেলিত আৰু অসঞ্চালিত সংঘাতেই বৈষম্য আৰু যান্ত্ৰনাৰ বাস্তৱ পটভূমি । কাৰণ, ব্যক্তিকেন্দ্ৰিক পৰিধিৰে সামগ্ৰিক কাৰ্যপন্থা এটা ৰূপায়ন কৰিবলৈ যাওঁতে সি এক অবহনীয় ব্যক্তিকেন্দ্ৰিক সংস্কৰণলৈ ৰূপান্তৰ হয় । তাৰ বিপৰীতে, ব্যক্তিগত স্বাৰ্থ আৰু বাস্তৱিক প্ৰয়োজনীয়তাৰ মৌলিক ঐক্যসাধনেই সামগ্ৰিকতাৰ মূল । গণতন্ত্ৰ, সমতা, মৌলিক আধিকাৰ আৰু প্ৰকৃতিৰ অন্তৰ্নিহিত মূল্যবোধৰ প্ৰতি সদ্ভাৱৰ দৰে সৰ্বাধিকাৰবাদী প্ৰমূল্যবোৰৰ সামগ্ৰিক প্ৰয়োগহে মানৱ প্ৰযুক্তি । ঐতিহাসিক বস্তুবাদ হ’ল প্ৰগতিশীল চিন্তাৰ পথ প্ৰদৰ্শক । এই দৰ্শনেই হ’ল আধুনিক ৰাষ্ট্ৰ ব্যৱস্থাৰ মূল ভেটি । অৱশ্যে, এই ৰাজনৈতিক দৰ্শনৰ সম্প্ৰতি দেখা পোৱা প্ৰয়োগিক ভিন্নতাবিলাক আচলতে প্ৰভাৱশালী আৰ্থ-সামাজিক শক্তিবিলাকে নিজৰ স্বাৰ্থত প্ৰণয়ন কৰি লোৱা সংস্কৰণহে ।

মানৱতাৰ অন্তৰ্নিহিত শক্তি হিচাবে বিদ্যমান নৈতিকতা আৰু সৰ্বাধিকাৰবাদৰ দৰে বিশ্বজনীন মূল্যবোধবোৰ নিঃসন্দেহে সেই সামগ্ৰিক চেতনাৰে সৃষ্টি ৷ আনুষ্ঠানিক বাধ্য-বাধ্যকতা যেন লগা  মানুহৰ নৈতিক মূল্যবোধ সামাজিক-সাংস্কৃতিক প্ৰক্ৰিয়াৰ ওপৰত কেৱল মাত্ৰ বাহ্যিক হস্তক্ষেপ হ’ব নোৱাৰে । সামাজিক মূল্যবোধৰ ঐতিহাসিক সংঘাতে মানৱীয় প্ৰবৃত্তিবিলাকক এক সামগ্ৰিক সত্তাৰ বশৱৰ্তী কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে । সেয়ে, নৈতিকতা আৰু সামাজিক মুল্যবোধ কেৱল মানৱ মনৰ স্বৰ্গীয় সৃষ্টি নহয়, বৰঞ্চ বিবৰ্তনৰ সাৰথী এই সামগ্ৰিক আৰ্থ-সামাজিক সম্পৰ্কবিলাকৰ সৃষ্টি ৷ প্ৰতি ব্যক্তিসত্তাই যদি প্ৰবৃত্তিক প্ৰতিহত কৰি সম্পূৰ্ণৰূপে সামগ্ৰিক সমৃদ্ধিৰ বাবে মনোনিৱেশ কৰে তেতিয়াহে বোধহয় সৰ্বোকৃষ্ট ব্যক্তিগত সমৃদ্ধিও সম্ভৱ হ’ব ৷ মাৰ্ক্সৰ মানৱ মোক্ষ হয়তো ইয়াতেই আছে, “Every emancipation is a restoration of the human world and of human relationships to man himself. Human emancipation will only be complete when the real individual man has absorbed into himself the abstract citizen; when as an individual man, in his everyday life, in his work, and in his relationships, he has become a species-being; and when he has recognized and organized his own powers as social powers so that he no longer separated his social power from himself as political power.”

মানুহৰ বিশ্লেষণাত্মক পৰিধিয়েই বস্তুনিষ্ঠ সমাজ বৈজ্ঞানিক অধ্যয়নৰ গৱেষণাগাৰ । আত্মজ মানুহজনৰ নিৰংকুশ আত্মপ্ৰকাশতহে আছে সুসংগত অভিব্যক্তি আৰু জীৱনৰ পৰিপূৰ্ণতা । ক্ৰমবিকাশৰ বিভিন্ন স্তৰত অহা বিভিন্ন মতবাদৰ ঐতিহাসিক গুৰুত্ব স্বীকাৰ কৰাৰ পাছতো এইটো অনস্বীকাৰ্য যে প্ৰতিটো প্ৰতিষ্ঠিত মতবাদৰ এক স্থিতাৱস্থাবাদী প্ৰৱনতা আছে ৷ এই ধৰ্মীয়, সামাজিক, সাংস্কৃতিক অথবা অৰ্থনৈতিক মতবাদবিলাক গৱেষনাগাৰৰ পৰা ওলাই ৰাষ্ট্ৰব্যৱস্থা প্ৰতিষ্ঠাৰ ৰাজনৈতিক আদৰ্শবাদলৈ ৰূপান্তৰ হয় আৰু আৰ্থ- সামাজিক শক্তিবিলাকৰ সুৰক্ষা কবচ হৈ পৰে । সেয়ে প্ৰতিটো খোজতে আত্মজ মানুহজনৰ উপলদ্ধি আৰু নিষ্ক্ৰিয়তাৰ অবিহনে আৰ্থ-সামাজিক বিশ্লেষন পক্ষপাতদৃষ্টতাৰ পৰা মুক্ত হব নোৱাৰে । নহ’লে অধ্যয়নৰ ফলশ্ৰুতি কোনো উপাখ্যান বা কাহিনীৰ দৰে কল্পনাৰ সাগৰত বুৰ যোৱাৰ সম্ভাৱনাই বেছি ।

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.