মানৱতাৰ সংজ্ঞা, প্ৰমূল্য আৰু সংঘাতবোৰ

আদিম সংগঠিত সমাজৰ পৰা এতিয়াৰ বুদ্ধিশীল জটিলতৰ সমাজ জীৱনলৈকে – মানৱ ইতিহাসৰ বিভিন্ন স্তৰত – মানুহৰ বুদ্ধিমত্তা আৰু চিৰন্তন ভৌতিক-সামাজিক গতিশীলতাৰ মাজত তুমুল সংঘাত অনিবাৰ্য । সীমাবদ্ধতাৰ প্ৰবল প্ৰত্যাহ্বান নেওচি মানুহৰ বুদ্ধিমত্তাৰ নিৰন্তৰ বিকাশে এই গতিশীলতাক অনুধাৱন আৰু পৰিচালিত কৰিবলৈ চেষ্টা কৰাটো স্বাভাৱিক । তেনেদৰে, মানুহৰ অনুসন্ধিৎসু মনত বিভিন্ন সামাজিক মতবাদৰ উদ্ভৱ হৈছে। প্ৰতিটো মতবাদেই এক ঐতিহাসিক পৰিসৰৰ ভিতৰত – ব্যক্তিকেন্দ্ৰিকতা আৰু সামগ্ৰিকতা – এই দুয়োটা দৃষ্টিকোণৰ শীৰ্ষসীমাৰ মাজত গতিশীল সমাজ জীৱনৰ সম্পৰ্কবিলাক বিশ্লেষণৰ চেষ্টা কৰে । এই পটভূমিত প্ৰতিটো মতবাদৰ বিশ্লেষনাত্মক সীমাবদ্ধতা থাকিলেও, ঐতিহাসিক গুৰুত্ব আছে । প্ৰতিটো মতবাদেই মানৱতাৰ এক নৈতিক-অভৌতিক সংজ্ঞাৰ বাবে আপ্ৰাণ চেষ্টা কৰি আহিছে । ‘প্ৰতিজন’ৰ পৰা ‘সকলো’লৈ হোৱা স্বাভাৱিক প্ৰত্যাৱৰ্তনত সংগঠিত হোৱা সামগ্ৰিক জনজীৱনৰ বাদে কি হ’ব পাৰে মানৱতাৰ অন্য সুৰক্ষা কবচ ? লগে লগে, বিশ্লেষণ আৰু প্ৰয়োগ – মানৱ কুশলতাৰ এই দুয়োটা স্তৰতে ঐতিহাসিক বিতৰ্কবোৰ সন্নিৱিষ্ট হৈ আছে । এনে এক সন্ধিক্ষণত, আজি অনিবাৰ্য হিচাবেই প্ৰতীয়মান পুঁজি-প্ৰধান সংকল্পবিলাকে মানৱতাৰ ভৱিষ্যতৰ স্বপ্নবোৰৰ আঁৰত থকা অৱধাৰিত মানৱ কুশলতাকেই প্ৰতিফলিত কৰে । মানৱতাৰ ভৱিষ্যতক সাঙুৰি লোৱা প্ৰমূল্যবিলাক আৰু তাৰ অন্তৰ্নিহিত সংঘাতবোৰে আমাৰ ব্যক্তিগত দায়বদ্ধতা আৰু সামগ্ৰিক নীতি – দুয়োটাকেই গঢ় দিয়ে ।

মানৱ সভ্যতাৰ ধলপুৱাৰ পৰাই আধ্যাত্মিক বিশ্লেষণে মগজু আৰু চিন্তাৰ অন্তৰাল সৃষ্টি কৰি আমাৰ পৰিচিত বিশ্বব্ৰহ্মাণ্ডখনৰ বাহিৰত এক অপৰিসীম শক্তিৰ পোষকতা কৰে । তেনেকৈ কাণ্টৰ প্ৰাকৃতিকভাৱে অন্তৰ্নিহিত অবোধগম্যতাৰ বিপৰীতে “একো অবোধগম্য নহয়” হ’ল মানৱ বুদ্ধিমত্তাৰ মূল ভেটি । আইনষ্টাইনৰ স্বৰ্গীয় প্ৰকৃতিও আচলতে সীমাহীন বৈজ্ঞানিক অন্বেষণ । তেনেকৈয়ে ভূতাত্বিক সময়ৰ এক ক্ষণ হিচাবেই বস্তুবাদী দৃষ্টিকোণ মানৱ ক্ৰমবিকাশৰ দিশাদিশি বিশ্লেষণত যে প্ৰগতিশীল ভূমিকা লয় এইটো সহজেই অনুমেয় । ই এক সৰ্বাধিকাৰবাদী বিশ্ব দৰ্শন নিৰূপণৰ বাবে পৰ্যাপ্ত হ’ব পাৰে । তথাপি বিশ্ব-ব্ৰহ্মাণ্ডৰ এক প্ৰতীয়মান ব্যাখ্যাৰ সন্ধানী মানৱতাৰ এই যাত্ৰাপথত অনিশ্চয়তা বিৰাজমান । এই ব্যাখ্যা আধুনিক কনিকা পদাৰ্থবিজ্ঞান আৰু আপেক্ষিকতাবাদৰ ঐক্যসাধনেৰে এতিয়ালৈকে অসাধ্য হৈ থকা “Theory of Everything”ৰ অনুৰূপ নহয়নে? অনুৰূপভাৱে, ই ব্যক্তিকেন্দ্ৰিকতা আৰু সামগ্ৰিকতাৰ মাজত থকা একেই আৱহমান অসংগতিয়েই নহয়নে যি বহু অৱধাৰণাৰ সৃষ্টি কৰি আহিছে? তেন্তে বিশ্লেষণাত্মক উৎকৃষ্টতাৰ পাছতো, চিন্তাৰ ওপৰত পদাৰ্থগত প্ৰাধান্যতাৰ (Material primacy over mind) দৰে সূত্ৰৰ ভিত্তিত মানৱতাৰ ভৱিষ্যত নিৰ্ধাৰণও বিতৰ্কৰ উৰ্ধত নহয় ।

সেই একেই আধ্যাত্মিকতাৰ জোৱাৰত প্লেট’ৰ মতবাদে ব্যক্তিকেন্দ্ৰিক উদ্দেশ্যক পাৰ্থিৱ সামাজিক জীৱনতকৈ আধিক গুৰুত্ব আৰোপ কৰে । আগলৈ আডাম স্মিথৰ “The Wealth of Nations” য়ে ব্যক্তিস্বাৰ্থক এখন আদৰ্শ সমাজ তথা মুক্ত অৰ্থনীতিৰ মূল চালিকা শক্তি হিচাবে গুণানুকীৰ্তন কৰিছিল । ই ব্যক্তিগত স্বাৰ্থক সুৰক্ষিত কৰিবলৈ অনিয়ন্ত্ৰিত ৰাষ্ট্ৰবাদৰ ন্যায্যতাৰে এক মুক্ত বজাৰ অৰ্থনীতিৰ পোষকতা কৰিছিল । আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতাৰ ঘোষণা মূলতে জ্ঞানোদ্বীপ্ত প্ৰমূল্য, উদ্যমশীল ভাৱনা আৰু পুঁজিৰ সম্প্ৰসাৰণৰ অধিকাৰৰ ওপৰত প্ৰতিষ্ঠিত । বাস্তৱতে যদিও ৰাষ্ট্ৰৰ সামগ্ৰিক সম্পদ বৃদ্ধি হ’ল, সেয়া কিন্তু গৰিষ্ঠ জনসংখ্যাৰ স্বাৰ্থৰ বিপৰীতেহে হ’ল । সেয়ে ব্যক্তিগত স্বাধীনতা আৰু অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ ভূমিকা আধুনিক গণতান্ত্ৰিক ব্যৱস্থাত এক বিতৰ্কিত অধ্যায় হৈ পৰিল । যোগান-কেন্দ্ৰিক অৰ্থনীতি হিচাবে অনিয়ন্ত্ৰিত ব্যৱস্থাই সম্পদশীল শ্ৰেণীক সুৰক্ষিত কৰি ৰাষ্ট্ৰৰ সামগ্ৰিক আয়ৰ বৃদ্ধিৰ এক প্ৰেৰনাদায়ক কাৰক হলেও ই ব্যাপক অসমতাৰ (Inequality) সৃষ্টি কৰে । এই প্ৰক্ৰিয়াত অৰ্থনৈতিক লাভালাভ মধ্যবিত্ত আৰু দুখীয়া সকলৰ মাজলৈ নিজস্বভাৱেই প্ৰবাহিত (trickle down)হ’ব বুলি বিশ্বাস কৰি অহা হৈছে ।

তেনেকৈ, ধৰ্মান্ধ সামাজিক গাঁথনিয়ে জন্ম দিয়া ব্যক্তিকেন্দ্ৰিক মাহাত্ম্যৰো সীমাবদ্ধতা আছে । এইটো কোৱা হয় যে ব্যক্তি স্বাধীনতা একেবাৰে মুক্ত আৰু বাস্তৱ প্ৰয়োজনীয়তাৰ উৰ্ধত নহয় । এই দৃষ্টিকোণৰ পৰা সামগ্ৰিকতাও ব্যক্তি স্বাধীনতা তথা ব্যক্তি স্বাৰ্থতেই সূচনা হয় । ব্যক্তিগত স্বাৰ্থ আৰু বাস্তৱিক প্ৰয়োজনীয়তাৰ মৌলিক ঐক্যসাধনেই হ’ল সামগ্ৰিকতাৰ মূল । ই সকলোৰে বস্তুগত প্ৰয়োজনীয়তা পূৰণৰ পোষকতা কৰে আৰু গণতন্ত্ৰ, সমতা, মৌলিক আধিকাৰ আৰু প্ৰকৃতিৰ অন্তৰ্নিহিত মূল্যবোধৰ প্ৰতি সদ্ভাৱৰ দৰে সৰ্বাধিকাৰবাদী প্ৰমূল্যবোৰ আঁকোৱালি লয় । চাহিদা-কেন্দ্ৰিক অৰ্থনীতি হিচাবে সামগ্ৰিকতাই ৰাষ্ট্ৰৰ হস্তক্ষেপৰ ওপৰত গুৰুত্ব দিয়ে । তথাপিও, এনে সামগ্ৰিক ব্যৱস্থাবোৰত অনিবাৰ্যভাৱেই ব্যক্তিগত সত্তাবোৰ এক সামুহিক সত্তাৰ বশৱৰ্তী হৈ পৰে, যাক সাধাৰণতে অমূৰ্তক বুলি ভবা যায় । এইটো সহজেই অনুমেয় যে অসমতা নিৰাময়ৰ প্ৰচেষ্টাত কিছুহলেও অপব্যয় হয় যি অৰ্থনৈতিক বিকাশৰ ওপৰত প্ৰভাৱ পেলায় । সামগ্ৰিক কাৰ্যকাৰিতাৰ ক্ষেত্ৰত মতবাদ আৰু তাৰ ৰূপায়ণৰ মাজত থকা ব্যাপক ব্যৱধানৰ ফলত ৰাজহুৱা মালিকানাৰ সামুহিক ব্যৱস্থাবোৰৰ ওপৰত প্ৰশ্ন উত্থাপিত হয় ।

সেয়ে নীতিৰ প্ৰৱৰ্তকসকলে অৰ্থনৈতিক বিকাশ আৰু সমতাৰ মাজত সচৰাচৰ এক সন্ধি প্ৰত্যক্ষ কৰে । আধুনিক মাৰ্ক্স হিচাবে খ্যাত থমাচ পিকেটিৰ “Capital in the Twenty-First Century” ৰ মতে সাধাৰণতে, মুক্ত বজাৰ ব্যৱস্থাৰ সম্পত্তি বৰ্ধিতভাৱে কেন্দ্ৰীভূত হোৱাৰ স্বাভাৱিক প্ৰৱণতা থাকে, কাৰণ সম্পত্তি আৰু বিনিয়োগৰ ক্ষেত্ৰত মুনফাৰ মাত্ৰা অৰ্থনৈতিক বিকাশৰ হাৰতকৈ অবিৰতভাৱে অনেক বেছি । অসমতাৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ সম্পত্তিৰ ওপৰত প্ৰগতিশীল কৰৰ দৰে তেওঁৰ নীতি নিৰ্দেশনাই ইতিমধ্যে সদ্যসমাপ্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাক-নিৰ্বাচনী বিতৰ্কৰ অভূতপূৰ্বভাৱে অংশ লৈছিল ।

আকৌ, ব্যক্তিকেন্দ্ৰিকতাবাদ যদিও জীৱনৰ এক অন্যতম গুণ বুলিব পাৰি, ই কিন্তু এক প্ৰকাৰৰ আত্ম-সন্তোষীয়া উপভোক্তাবাদৰ সৃষ্টি কৰে । সামগ্ৰিকতাবাদেও কিন্তু অভিষপ্ত জাতীয়তাবাদ আৰু গোষ্ঠীগত সংঘাতৰ সৃষ্টি কৰিব পাৰে আৰু দুয়োটাই সমন্বয়ৰ পৰিসীমালৈ প্ৰতিবন্ধকতা আনি দিয়ে । কাৰণ আধুনিক ৰাষ্ট্ৰ ব্যৱস্থাৰ নিৰ্মাণত “আমি আৰু তেওঁলোক”ক সংজ্ঞাবদ্ধ কৰাটো জটিল আৰু ইয়াৰ জাতীয়তাবাদৰ বিভিন্ন সংস্কৰণৰ লগে লগে পৰিৱৰ্তন অনিবাৰ্য । আজিৰ সামুহিক নিজস্বতাৰ(Collective Individualisation) প্ৰক্ৰিয়া পশ্চিমীয়া গণতন্ত্ৰৰ ভূ-ৰাজনৈতিক আচৰণত প্ৰতিফলিত হয় – পেৰিচত সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু চাইৰীয়াত ফ্ৰান্সৰ বোমা বৰ্ষণ একেই গোলকীয় প্ৰক্ৰিয়া । মধ্য প্ৰাচ্যৰ অধিনায়কত্ববাদৰ পটভূমি হিচাবে আজিকালি পাশ্চত্যই এক প্ৰকাৰৰ “অসামৰ্থ সংস্কৃতিক” সূত্ৰৰ দোহাই দিলেও, নিজস্ব স্বাৰ্থতেই দূৰবৰ্তী সামন্তীয় উপনিৱেশ কিছুমান প্ৰতিষ্ঠা কৰাত পাশ্চাত্য নিশ্চয় সফল হ’ল ।

এতিয়ালৈকে আলোচনা কৰা এনে অন্তৰ্নিহিত সংঘাতৰ ফলত অসন্তুলিত মানৱ সমৃদ্ধিয়ে নৃতাত্বিক ঋণাত্মক বাহ্যিকতাৰো সৃষ্টি কৰে । এইটো সৰ্বজনবিদিত যে মানৱতাই প্ৰকৃতিৰ ওপৰত প্ৰভূত্ব খটুৱাব নালাগে, বৰঞ্চ পৰস্পৰ সহাৱস্থানৰ পোষকতাহে কৰিব লাগে । কিন্তু, তাৰ বিপৰীতে, আদিম অধিপত্যৰ পৰা সমৃদ্ধিশালী হৈ পৰা মানৱতাই ইতিমধ্যেই – যদিও অস্পষ্ট – বহমক্ষম ভৌতিক প্ৰয়োজনীয়তাৰ (Sustainable Material Sufficiency) সীমা অতিক্ৰম কৰি বহু নতুন সংঘাতৰ পাতনি মেলিছে । নিৰন্তৰ উৎক্ৰমণৰ মাপ (Entropy) বৃদ্ধি পাই থকা সদা সম্প্ৰসাৰিত বিশ্ব-ব্ৰহ্মাণ্ডৰ অপৰিৱৰ্তিত প্ৰক্ৰিয়াবিলাকৰ (Irreversible Processes) মাজত বহমক্ষমতাৰ সংজ্ঞা অস্পষ্ট হৈয়ে আছে । যদিও প্ৰযুক্তিবিদ্যাই মানৱীয় ক্ৰমবিকাশৰ নিশ্চিতৰূপে দিশ নিৰ্ণয় কৰিছে, এতিয়া বহনীয়তাৰ দৃষ্টিকোনৰ পৰা প্ৰযুক্তিগত সীমাৱদ্ধতাৰ ক্ষেত্ৰতো বহু অৱধাৰণাৰ সৃষ্টি হৈছে । “বিকাশৰ সীমাবদ্ধতা”ৰ (Limits to growth) অৱধাৰণাই প্ৰকৃতিৰ ভৌতিক সীমা আৰু সমষ্টিগত অৰ্থনীতিত বস্তুগত সমৃদ্ধিৰ বহনক্ষম সীমাৰ দৰে বহু আলোচ্য বিষয়ৰ জন্ম দিছে । শক্তি প্ৰাবল্য পুঁজিৰ (Energy Intensive Capital) বিনিয়োগৰ প্ৰয়োজনীয়তাই শক্তি দক্ষতাৰ অভিযানবিলাকৰ (Energy Efficiency Drives) দীৰ্ঘকালীন অৰ্থনৈতিক যুক্তিযুক্ততাৰ ওপৰতো প্ৰশ্ন উঠিছে । তথাপিও নতুন আৰু দক্ষ প্ৰযুক্তিবিদ্যাৰ সম্প্ৰসাৰণ বহনক্ষম কৰ্মকৌশলৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে ।

এক অতি সংক্ষিপ্ত স্তৰত, বহনক্ষম বিকাশে আৰ্থনৈতিক বিকাশ, পৰিৱেশৰ সুৰক্ষা, সামাজিক উন্নয়ন আৰু ন্যায়ৰ মূল্যাঙ্কন কৰে । যদিও পৰিৱেশৰ সুৰক্ষা আৰু আৰ্থনৈতিক সমৃদ্ধি দুয়োটাৰে সমমূল্যায়ন কৰা হয়, কিন্তু বাস্তৱ কৰ্ম আঁচনি তথা সংকল্পৰ ক্ষেত্ৰত এই প্ৰতিযোগিতামূলক প্ৰমূল্য দুটাৰ মাজত সংঘাত পৰিলক্ষিত হয় । সামাজিক নীতি, সিদ্ধান্ত আৰু প্ৰকল্পবোৰৰ ক্ষেত্ৰত উদ্ভৱ হোৱা এই বিতৰ্কবোৰৰ মূলতে কোনো প্ৰমূল্যৰ তুলনামূলক অগ্ৰাধিকাৰ নতুবা তাৰ সাম্প্ৰতিক প্ৰাসংগিকতাৰ ওপৰত হোৱা মত ভিন্নতা । এক সুদূৰপ্ৰসাৰী কৰ্ম পদ্ধতি নিৰূপণৰ বাবে এক মুক্ত, সন্মিলিত আৰু নিৰন্তৰ আন্তৰ্জাতিক আলোচনাৰ বাদে কোনো গত্যন্তৰ নাই । মানৱীয় প্ৰমূল্য যদি সামগ্ৰিকতাৰ আদৰ্শ হয় তেন্তে শেহতীয়া পেৰিচৰ পৰিৱেশ আলোচনাই ধনিক ৰাষ্ট্ৰৰ আৰ্থিক সহযোগিতাক কিয় আইন-সংগতভাৱে অন্তিম ৰূপ দিব নোৱাৰিলে ? কাৰণ পুঁজিৰ প্ৰাবল্যতা হ্ৰাস কৰাৰ নীতি নিৰ্দেশনাই বিকাশৰ পৰিসংখ্যাৰ ক্ষেত্ৰত আপোচ কৰিবই । সম্ভৱতঃ সেয়ে হয়তো এতিয়াও সেউজীয়া লেবেল কেৱল মাত্ৰ এটা অভিযানতেই সীমিত হৈ আছে, ই নীতিগত অনিবাৰ্যতা নহয় । আৰু, পৰিৱেশৰ ক্ষেত্ৰত ভৱিষ্যতৰ বিভিন্ন বিনিয়োগবোৰ কেৱল মাত্ৰ বজাৰৰ গতিশীলতাই পৰিশোধ কৰিব পাৰিবনে?

আজি, মানৱতাৰ ভৱিষ্যতক সম্পত্তিৰ বিপৰীতে পৰ্যাপ্ত ভৌতিক সমলেৰে সমৃদ্ধ এক পৰিপূৰ্ণ জীৱন পদ্ধতি হিচাবে কৰা ব্যাখ্যা, কেৱল কাল্পনিক আখ্যানলৈহে ৰূপান্তৰ হ’ব নেকি ? মানৱীয় ক্ৰমবিকাশ সদায়ে পৰিৱেশৰ বহনক্ষমতা, প্ৰাকৃতিক সম্পদৰ অৱক্ষয়, আয়ৰ ভেদাভেদ আৰু পুঁজি প্ৰবল বিকাশৰ দৰে বহু মৌলিক প্ৰশ্নৰ সন্মুখীন হৈ আহিছে । পুঁজি আৰু শ্ৰম অবিভাজ্য, কিন্তু আৰ্থনৈতিক বিকাশৰ প্ৰক্ৰিয়াত সদায় সংঘাতপূৰ্ণ । জ্ঞানোদ্বীপ্ত প্ৰমূল্যেৰ ভেটিত গঢ়া প্ৰতিযোগিতামুখী অৰ্থনৈতিক ব্যৱস্থাই বিকাশৰ হাৰ বৃদ্ধি কৰে, কিন্তু সৰ্বাধিকাৰবাদী ব্যৱস্থাতকৈ অধিক অসমতাৰ সৃষ্টি কৰে । তেনেকৈ, সৰ্বাধিকাৰবাদৰ সামুহিক আদৰ্শক ব্যৱস্থাগত হিচাবে কাৰ্যত ৰূপান্তৰ কৰাটো সম্প্ৰতি মানৱতাৰ সন্মুখত এক ডাঙৰ প্ৰত্যাহ্বান । নিঃসন্দেহে সৰ্বাধিকাৰবাদী বিশ্ব দৰ্শন আৰু বহনক্ষমতা সম্পৰ্কীয় প্ৰমূল্যৰ মাজত ইতিবাচক সম্পৰ্ক আছে । আৰু মানৱীয় প্ৰমূল্যৰ সময়োপযোগী ব্যৱস্থাপনাৰ বাবে জীৱনৰ এই মৌলিক আৰু অনিবাৰ্য সংঘাতবিলাকৰ মাজত এক সৌহাৰ্দপূৰ্ণ বাতাৱৰণৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য ।

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.