এয়া মুদ্ৰাকৰণ নে বিমুদ্ৰাকৰণ

এই সাময়িক মুদ্ৰাবিহীনতাই যদি এক দীৰ্ঘকালীন মুদ্ৰাবিহীন অৰ্থনীতিৰ পোষকতা কৰে, তেন্তে এয়া বিমুদ্ৰাকৰণ নহয়, মুদ্ৰাকৰণহে (Monetization) । কাৰণ, কেৱল বিনিময়ত মুদ্ৰাৰ ব্যৱহাৰেই মুদ্ৰাকৰণ নহয়, বৰঞ্চ, দেশৰ সমস্ত অৰ্থনৈতিক কাৰ্যকলাপ বিত্তীয় ব্যৱস্থাৰ (Monetary System) অন্তৰ্ভূক্ত কৰাটোহে মুদ্ৰাকৰণ (Monetization) । বেংক প্ৰনালীৰ জৰিয়তে হোৱা ধনৰ গুণক (Money multiplication) অৰ্থনীতিৰ উৎপাদনক্ষম শক্তিবোৰৰ দ্বাৰা প্ৰকৃতাৰ্থত নিৰ্ণিত হব লাগিব । তেনেস্থলত, উন্নয়নশীল অৰ্থনীতিত মুদ্ৰাকৰণ অভিযানৰ পৰিপূৰক ৰাজকৰ নীতিৰ (Fiscal Policy)প্ৰয়োগ অসংগঠিত খণ্ডৰ বাবে অতি গুৰুত্বপূৰ্ণ হব ।

সাধাৰণভাৱে কবলৈ গ’লে, শাসকীয় আধিপত্যত সৃষ্টি হোৱা আধিক্য হল সামন্তীয় ধন আৰু উৎপাদনীয় আধিক্য হল পুঁজিৰ বিকাশ । বাস্তৱিকতে বহুবিতৰ্কিত পুঁজিবাদী বিকাশৰ ঐতিহাসিক সন্ধিক্ষনত কেৱল ভাড়া-সন্ধানী হৈ পৰা সামন্তীয় ধন আৰু পুঁজিৰ সমকালীন উপস্থিতিত সেই আধিপত্যৰ অৱশেষ বিদ্যমান হৈয়ে থাকে । সমসাময়িক উন্নয়নশীল মানৱ সমাজৰ আন্তঃগাঁথনিমূলক বৈশিষ্ট হল এনে ঐতিহাসিক যুগসন্ধিৰে ৰূপৰেখা । এই বিবৰ্তনত আনুষঙ্গিক ৰাজনৈতিক প্ৰক্ৰিয়াই পৰিবৰ্তিত আৰ্থসামাজিক সম্পৰ্কবিলাকৰ বৈধতা প্ৰতিষ্ঠা কৰে । ভাৰতৰ দৰে পূৰ্বৰ ঔপনিৱেশিক ৰাষ্ট্ৰবিলাকত দীৰ্ঘদিনীয়া ঔপনিৱেশিক অৰ্থনীতিয়ে এই বিবৰ্তনলৈ নিশ্চিতভাৱে বিভ্ৰান্তি কঢ়িয়াই আনে ।

বিত্তীয় ব্যৱস্থালৈও আমূল পৰিৱৰ্তন আহে – কেৱল বিনিময়ৰ মাধ্যম হিচাবে একালৰ মুদ্ৰাৰ প্ৰচলনৰ পৰা উন্নিত হৈ বেংক ব্যৱস্থাৰ মাধ্যমেৰে সৃষ্টি কৰা ধনে ৰাজকৰ ব্যৱস্থাৰ (Fiscal System) পৰিধিৰ ভিতৰত সকলোবিলাক অৰ্থনৈতিক কাৰ্যকলাপৰে মুল্যায়ন কৰিবলৈ সমৰ্থবান হৈ পৰে । বেংক প্ৰনালীৰ পৰা অবৈধভাৱে বহু মুদ্ৰা সৰকি যোৱাৰ পাছতো ভাৰতবৰ্ষত বৰ্তমান মুঠ ৰাষ্ট্ৰীয় উৎপাদনৰ ১২ শতাংশ মুদ্ৰা হিচাবে প্ৰচলিত হৈ থকাটোৱে ধন গুণক প্ৰক্ৰিয়াৰ গতিশীলতাৰ সম্ভেদ দিয়ে ।যদিও অন্য উন্নয়নশীল অৰ্থনীতিৰ (৪ শতাংশ) তুলনাত ই বহুত বেছি । তেনেকৈ বিত্তীয় ব্যৱস্থাই (Monetary System) উদ্যোগিক বিনিয়োগৰ আচল মুনাফাৰ সৈতে প্ৰতিযোগীতাত অৱতীৰ্ণ হৈ উদ্যোগিক উৎপাদনৰ প্ৰকৃত মূল্যায়নৰ উদ্দেশ্যেৰে বিত্তীয় নীতিৰ প্ৰয়োগ কৰিব লাগে । আচলতে ৰাজকৰ ব্যৱস্থা হল বিত্তীয় আৰু আচল অৰ্থনীতিৰ (Real Economy) একমাত্ৰ যোগসূত্ৰ । আৰু, উন্নয়নশীল অৰ্থনীতিত যেতিয়া আৰ্থ-সামাজিক শক্তিবিলাক ভাড়া-সন্ধানী সম্পত্তি (Rent-seeking wealth) আৰু পুঁজিৰ সমান্তৰাল উপস্থিতিৰ পৰিনামস্বৰুপ হয়, ৰাজকৰ ব্যৱস্থা মুদ্ৰা সৰকাই নিয়াৰ মাধ্যম হিচাবে ব্যৱহৃত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠে ।

এনেদৰে সৰকি যোৱা প্ৰান্তীয় ধন (Marginal Money) হল জনপ্ৰিয় ক’লাধন আৰু বিভিন্ন সমীক্ষা মতে, ই ভাৰতৰ মুঠ ৰাষ্ট্ৰীয় আয়ৰ ৩০-৭০ শতাংশ পৰ্যন্ত ব্যাপক এটা সমান্তৰাল অৰ্থনীতিৰ সৃষ্টি কৰে । স্বাধীনোত্তৰ ভাৰতবৰ্ষত ক’লাধন সৃষ্টিৰ প্ৰক্ৰিয়া ঐতিহাসিক । এই প্ৰক্ৰিয়া গনতন্ত্ৰৰ সুৰক্ষিত কবচ পিন্ধি নব্য সামন্তীয় ৰূপে অৱতাৰীসকলৰ কৃপাত বাহাল ৰখা ব্ৰিটিচ প্ৰশাসনৰ সংস্কাৰবিমুখ সংস্কৰণ আৰু তাৰ লগে লগে পুঁজিৰ বিকাশৰ ক্ষেত্ৰত অহা আমোলাতান্ত্ৰিক প্ৰশাসনিক অন্তৰায়ৰ সৌজন্যত আৰম্ভ হৈছিল । বৈধ ৰাশিৰ অবৈধ লেনদেনতেই ক’লাধনৰ সৃষ্টি হয় । ইয়াৰ মূল উৎসই হ’ল ৰাজহুৱা ধনৰ আত্মঃসাৎ । স্বাধীনতাৰ পিছৰ পৰাই চৰকাৰৰ জনপ্ৰিয় আঁচনি (Populist policies) বা প্ৰকল্পবিলাকৰ নামত আমোলাসকলৰ মাধ্যমেৰে এই আত্মঃসাৎ চলি আহিছে । তাৰোপৰি, চৰকাৰৰ বিভিন্ন বিভাগীয় সেৱাবিলাকৰ পৰিকল্পিত অনিয়মৰ বা প্ৰয়োজনীয় সংস্কাৰৰ অভাৱৰ সুবিধা লৈ আমোলাসকলে সামন্তীয় কৰ হিচাবে সংগ্ৰহ কৰা উপঢৌকনবোৰ প্ৰত্যক্ষভাৱে ৰাজহুৱা পুঁজিৰ লুট নহলেও এক বৃহৎ অংশ মানুহৰ বৈধ উপাৰ্জন । তেনেকৈ, সেৱা শুল্ক আৰু ৰাজহ কৰ ফাঁকি দিয়াৰ বাবে কৰা অবৈধ লেনদেনবোৰও ক’লাধনৰে আন এক বৃহৎ উৎস ।এনে বহু পৰিকল্পিত লেনদেনত সৃষ্টি হোৱা ক’লাধনবোৰ মূলতঃ মূদ্ৰাৰ ৰূপত সংগ্ৰহ হলেও, অন্য ভৌতিক বা অভৌতিক সম্পত্তিলৈ পৰিৱৰ্তন আৰু বেংক ব্যৱস্থাই নিষ্ক্ৰিয়ভাৱেই কৰা প্ৰচলিত ক’লাধনৰ গুণৰ বাবে আচল ক’লাধনৰ পৰিমান সৰকি যোৱা মুদ্ৰাতকৈ বহুত বেছি । শেষত ক’লাধনৰ এক তেনেই সৰু অংশ মুদ্ৰা বা নোট হিচাবে জমা হৈ থাকে যিটো ভাৰতীয় অৰ্থনীতিত মুঠ ৰাষ্ট্ৰীয় আয়ৰ মাত্ৰ ২-৫ শতাংশ । চৰকাৰৰ ৫০০ আৰু ১০০০ টকাৰ নোট সলনি কৰাৰ পৰিকল্পনাই ইতিমধ্যে সেই নোট হিচাবে জমা থকা ক’লাধনৰ সম্পূৰ্ণ অংশ মূল্যহীন কৰি পেলাব পৰিবনে ? ক’লাধন বৈধ কৰাৰ সুৰুঙাৰে তাৰ কিছু অংশ বৈধ কৰি পেলালেও, নোট হিচাবে থকা ক’লাধনৰ এক অংশ হ’ব বেংক প্ৰনালীলৈ ঘূৰি নহা সেই নোটবোৰ, যিটো ৰিজাৰ্ভ বেংকে ঘোষনা কৰা শীৰ্ষ সীমাৰ ভিতৰত গম পোৱা যাব ।

এতিয়া, উপৰোক্ত আদান-প্ৰদানবোৰৰ পৰা ক’লাধনৰ উৎসবোৰৰ নিৰ্মুল অবিহনে নতুন নোটেৰেও পুনৰ ক’লাধন জমা হ’ব পাৰে । ইতিমধ্যে সামন্তীয় সম্পৰ্কৰ আধুনিক সংস্কৰণ হিচাবে ৰাজনৈতিকভাৱে সংগঠিত আৰু দেশৰ নীতি-নিৰ্দেশাৱলী প্ৰৱৰ্তকৰ পৰা প্ৰশাসন যন্ত্ৰৰ নিম্নস্তৰলৈকে সম্প্ৰসাৰিত হোৱা ৰাজকৰ ধন প্ৰবাহে আচলতে উৎপাদন-ক্ষমতাৰ ওপৰত মাধমাৰ সোধাই বহু-প্ৰ্ত্যাশিত সংকল্পবোৰ ধূলিসাৎ কৰে । প্ৰধানকৈ ৰাজহুৱা আঁচনি ৰুপায়নৰ ক্ষেত্ৰত সংস্কাৰমূলক ব্যৱস্থা লাগিব । সেয়ে ক’লাধন সৃষ্টিৰ ঐতিহাসিক প্ৰক্ৰিয়াক প্ৰতিহত কৰিবলৈ ৰাজহুৱা ব্যয়ৰ মুদ্ৰাকৰণ অতি মহত্বপূৰ্ণ পদক্ষেপ হব । প্ৰশাসনিক সংস্কাৰেই হ’ল দুৰ্নীতি নিৰাময়ৰ ক্ষেত্ৰত একমাত্ৰ পদক্ষেপ আৰু আধুনিক তথ্য-প্ৰযুক্তিয়ে ইয়াত সহায় কৰিব। মুদ্ৰাৰ ব্যৱহাৰৰ সীমিতকৰণে সেৱা শুল্ক আৰু ৰাজহ কৰ ফাঁকিৰ বাবে হোৱা ক’লাধন সৃষ্টি বাধা দিব পাৰিব ।

উন্নয়নশীল অৰ্থনীতিত বাস্তৱিক অৰ্থনৈতিক উদ্যোগ আৰু তাৰ মুদ্ৰাকৰণৰ মাজত অন্তৰাল অৱশ্যাভাম্বী । তেনেদৰে অৰ্থনীতিত ক’লাধনেৰে বা দুৰ্নীতিৰ ধনেৰে হোৱা প্ৰত্যক্ষ উপভোগেও (Conspicuous Consumption) দীৰ্ঘদিন ধৰি কৃত্ৰিমভাৱে উদ্যোগিক চাহিদা বঢ়াব পাৰে । অচল সম্পত্তি (Real Estate), সোন আৰু অনিয়মিত খণ্ডত এক বুজন অংশৰ লেন-দেন কেৱল মুদ্ৰাৰ দ্বাৰা হয় আৰু ফলস্বৰুপে মুদ্ৰাকৰণে সাময়িকভাৱে হলেও এই অৰ্থনৈতিক উদ্যোগবোৰক নিৰুৎসাহ কৰি বিনিয়োগৰ গতি মন্থৰ কৰিব পাৰে । মুদ্ৰাৰ মাধ্যমত হোৱা লেনদেন অচল সম্পত্তি আৰু সোনৰ ক্ষেত্ৰত প্ৰায়ে সন্দেহজনক, কিন্তু অনিয়মিত খণ্ডৰ বাবে ই জীৱনৰেখা । ভাৰতৰ মুঠ জনসংখ্যাৰ এক বৃহৎ অংশ পোনপতীয়াকৈ জড়িত হৈ থকা কুটিৰ বা লঘূ উদ্যোগবিলাক আৰু অন্য অনিয়মিত খণ্ডবোৰ মুদ্ৰাৰ বিনিময়তে চলি আহিছে । গতিকে এই উদ্যোগবোৰৰ মুদ্ৰাকৰণৰ বাবে যথোপযুক্ত ৰাজকৰ ব্যৱস্থাৰ প্ৰয়োজন হব যাতে এই খণ্ডবোৰৰ আৰু সামগ্ৰিক উদ্যোগিক চাহিদাৰ ওপৰত বিৰূপ প্ৰভাৱ নপৰে ।

এক উদ্যোগিক পুঁজিবাদী অৰ্থনীতিত বিত্তীয় ব্যৱস্থাৰ গুৰুত্ব অনস্বীকাৰ্য । মুদ্ৰাকৰণে অৰ্থনৈতিক উদ্যোগ কেৱল বৈধ ধনৰ লেনদেনলৈ সীমাবদ্ধ কৰি অৰ্থনীতিৰ অসংগঠিত উদ্যোগৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰে । অন্যহাতেদি এক ব্যাপকভাৱে প্ৰভাৱশীল বিত্তীয় অৰ্থনীতিয়ে ৰাজকৰ ধন (Fiscal Money) সৃষ্টিৰ প্ৰক্ৰিয়া অনুপযোগী কৰি পেলাবও পাৰে কাৰণ অসংগঠিত খণ্ডৰ দৰে প্ৰশাসনীয় প্ৰযুক্তিৰ বাহ্যিকতাৰ (Externality) আভ্যন্তৰিনকৰণ কেৱল ৰাজকৰ নীতিৰেহে সম্ভৱ – যি অৰ্থনীতিৰ সামগ্ৰিক আৰু জনমূৰি উৎপাদনৰ স্তৰ আৰু ভৱিষ্যত পৰিকল্পনাৰ ওপৰত প্ৰতিষ্ঠিত । সেয়ে পৰিৱৰ্তিত অৰ্থনীতিৰ সন্ধিক্ষনত বিকাশৰ বাটত ৰাজকৰ আৰু বিত্তীয় প্ৰক্ৰিয়াৰ মাজত সংঘাত বিদ্যমান হৈ পৰে ।

ভাৰতবৰ্ষৰ ৰাজকৰ আৰু বিত্তীয় নীতিৰ সন্মিলিত ইতিহাসে এক উন্নয়নশীল অৰ্থনীতিৰ সম্ভাব্য প্ৰসাৰতাৰ আভাস দিয়ে । এসময়ৰ ৰাজকৰ নীতিৰ অন্তৰ্গত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা ধন সৃষ্টিৰ যোগেদি ৰাজকৰ ঘাটিৰ মুদ্ৰাকৰণ (Deficit Financing) হৈছিল যিটো ১৯৯৭ চনৰ পৰা সম্পূৰ্ণকৈ সমাপ্ত কৰা হল আৰু ২০০৩ চনৰ ৰাজকৰ দায়বদ্ধতা আৰু বাজেট সঞ্চালন আইনৰ (Fiscal Responsibility and Budget Management Act 2003) যোগেদি অতিৰিক্ত সংস্কাৰ কৰা হয় ।তাৰ পাছৰ পৰা ভাৰতীয় ৰিজাৰ্ভ বেংকে কৰ্ম-নীতি সলনি কৰি চৰকাৰী ঋণৰ অনুকুলে ঘৰুৱা মুদ্ৰা বজাৰত যথোচিত তৰলতা সুনিশ্চিত কৰাত গুৰুত্ব দিয়ে ।আকৌ জনপ্ৰিয় অৰ্থনীতিৰ (Populist Economy) অধিক ৰাজহুৱা ঋণে বিত্তীয় নীতিৰ ক্ষেত্ৰত বাধা আনি দিয়ে আৰু দীৰ্ঘকালীন বিকাশৰ বাটত নেতিবাচক প্ৰভাৱ পেলায় । সেয়ে বহু উন্নয়নশীল অৰ্থনীতিয়ে বিধিবদ্ধ ৰাজকৰ পদ্ধতি অৱলম্বন কৰা দেখা যায় আৰু কেন্দ্ৰীয় বেংকৰ পোনপতীয়া ঘাটি মুদ্ৰাকৰণ সমাপ্ত কৰাৰ যোগেদি ৰাজকৰ প্ৰভূত্বৰ আশংকা লাঘৱ কৰে । তথাপি, নিম্ন ৰাজকৰ ঘাটিও নিম্ন মুদ্ৰাস্ফীতিৰ কাৰক আৰু উন্নয়নশীল অৰ্থনীতিত বিনিয়োগৰ ক্ষেত্ৰত কম প্ৰেৰণাদায়ক বুলি গন্য কৰা হয় । তেনেদৰে, বেংক প্ৰনালীলৈ ঘুৰি নহা ৫০০ আৰু ১০০০ টকাৰ অংশৰ দেয়ধন ৰিজাৰ্ভ বেংকে ৰাজকোষীয় ব্যৱস্থালৈ হস্তান্তৰ আৰু তাৰ মুদ্ৰাস্ফীতি বিষয়ক প্ৰভাৱৰ ওপৰত ইতিমধ্যে বিতৰ্ক আৰম্ভ হৈছে ।

সম্পূৰ্ণ মুদ্ৰাকৰণেই হল ক’লাধনৰ আশংকাৰ পৰা মুক্ত হোৱাৰ একমাত্ৰ আদৰ্শনীয় তথা বস্তুনিষ্ঠ পদক্ষেপ আৰু অৰ্থনীতিৰ প্ৰতিটো নিৰ্দিষ্ট সত্বাৰ বিত্তীয় দায়বদ্ধতাৰ বিবাদমুক্ত মাপকাঠি । তথাপি উন্নয়নশীল অৰ্থনীতিৰ ক্ষেত্ৰত, যথোপযুক্ত ৰাজকৰ সম্বন্ধিত পদক্ষেপৰ অবিহনে দ্ৰুত মুদ্ৰাকৰণে বিত্তীয় ক্ষমতা বৃহৎ একচেটিয়া প্ৰতিষ্ঠানৰ পক্ষে অসন্তুলিত কৰিব পাৰে আৰু অসংগঠিত খণ্ডৰ উদ্যমতাক অৱৰোধ কৰিব পাৰে । কিয়নো, মুদ্ৰাকৰণ ক্ষুদ্ৰ উদ্যোগবিলাকক প্ৰতিযোগীতাৰ দৌৰৰ পৰা আঁতৰাই পেলোৱাৰ উপকৰণ হব নোৱাৰে, বৰঞ্চ সংগঠিত কৰাৰ দিশত পদক্ষেপহে হব লাগে ।

বিত্তীয় ব্যৱস্থাৰ বাহিৰত এক সমান্তৰাল অৰ্থনীতি দুটা পৃথক ঐতিহাসিক কাৰকৰ সৃষ্টি – এটা হ’ল প্ৰশাসনযন্ত্ৰত বিৰাজমান সামন্তীয় অৱশেষ আৰু আনটো সীমান্তৱৰ্তী অসংগঠিত খণ্ডৰ উদ্যম । সেয়ে, মুদ্ৰাকৰণৰ (Monetisation) বাবে বেংক সেৱাৰ বিস্তাৰ আৰু তথ্য-প্ৰযুক্তি সমৃদ্ধ মুদ্ৰাবিহীন অৰ্থনীতি হব পূৰ্বচৰ্ত । মুদ্ৰাকৰণে ৰাজহুৱা ধনক বৈধ আৰু প্ৰকৃত ব্যয় ৰাশিলৈ পৰিনত কৰিব লাগিব, কিয়নো ঘাটি মুদ্ৰাকৰণও তেতিয়াহে বাস্তৱিক হব, যেতিয়া অৰ্থনীতিৰ পৰা মুদ্ৰা সৰকি যোৱাৰ ৰাস্তাবোৰ বন্ধ কৰিব পৰা যাব ।

 

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.