বাওঁপন্থী-সোঁপন্থী: দৃষ্টিকোণৰ ভিন্ন প্ৰান্তৰ

প্ৰধানকৈ নিৰ্বাচনী ৰাজনীতিতেই আবদ্ধ হৈ থকা বা প্ৰভাৱিত কৰা এই দুয়োটা পন্থীৰ সমলীয়া সকল যদি মূল দৃষ্টিকোণৰ লাইখুটালৈ উভতি যাব লগা হয়, তেন্তে নিজেই যে সন্দিহান হৈ পৰিব সি ধুৰূপ । অৱশ্যে এইটো স্বাভাৱিক কথা কাৰণ নিৰ্বাচনী ৰাজনীতি হ’ল প্ৰশাসনিক প্ৰযুক্তিৰ চাবিকাঠী । ঐতিহাসিকভাৱে আৰ্থ-সামাজিক বিৱৰ্তন প্ৰক্ৰিয়াৰ পৰা কোনো পন্থীয়েই নিজস্ব দৃষ্টিকোণ সম্পূৰ্ণকৈ আঁতৰাই ৰাখিব নোৱাৰে । প্ৰশাসনিক প্ৰযুক্তিৰ উপাদানসমূহ নিৰ্ণয়ত এনে পন্থীগত দৃষ্টিকোণতকৈ আৰ্থ-সামাজিক শক্তিবিলাকৰ প্ৰভাৱহে মূল হৈ পৰে । সেয়ে তাৰ লগত মকামিলা কৰা কৰ্মপন্থাক এক ধৰণৰ ষ্ট্ৰেটেজি বুলি প্ৰতীয়মান কৰিবৰ চেষ্টা কৰা দেখা যায় ।

একনয়কত্ববাদী ৰাজতন্ত্ৰৰ পৰা গনতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থালৈ উত্তৰণ মানৱ ক্ৰমবিকাশৰ এক যুগান্তকাৰী পৰিঘটনা । এই বিৱৰ্তন সংঘাতৰ অবিহনে হোৱা নাই । গনতান্ত্ৰিক অধিকাৰ তৃনমূল পৰ্যায়লৈ প্ৰবাহিত কৰাটোৱেই হ’ল এই বিৱৰ্তনৰ লক্ষ্য । কেৱল শাসক শাসিতৰ সাময়িক স্থান পৰিৱৰ্তন নিশ্চয় নহয় । কিন্তু, ঐতিহাসিক বিপ্লৱবিলাকে অনা যুগান্তকাৰী পৰিৱৰ্তনবোৰো কেৱল সাময়িক স্থান পৰিৱৰ্তনলৈ ৰুপান্তৰ হোৱাটো এক বিচৰ্য প্ৰসঙ্গ । আচলতে ই হ’ল পৰিৱৰ্তনৰ কাৰক হিচাবে অগ্ৰণী আৰ্থ-সামাজিক শক্তিবোৰ অথবা ৰাষ্ট্ৰ-সৰ্বস্ব ব্যৱস্থাবোৰৰ সীমান্তবৰ্তী হিচাবেই গঢ়ি উঠা নব্য আৰ্থ-সামাজিক শক্তিবোৰে সৃষ্টি কৰা স্থিতাৱস্থাবাদী প্ৰৱণতাৰে পৰিণতি । সামগ্ৰিক ব্যৱস্থা বিলাকৰ লগত মকামিলা কৰি একচেটিয়া শক্তিবিলাকৰ বিকাশ নিশ্চয় মানৱ প্ৰযুক্তিৰ সন্মুখত এক ডাঙৰ প্ৰত্যাহ্বান । হ’ব পাৰে সেয়া এক অৰ্থনৈতিক গতিশীলতাৰে চালিকা শক্তি ।

গতিকে এয়া এখন বাস্তৱ পৃথিৱী । ইয়াৰ দুইমেৰুত অৱস্থিত দুই প্ৰৱণতা – সংৰক্ষণশীলতা আৰু প্ৰগতিশীলতাৰ আপেক্ষিক অৱস্থিতি বিদ্যমান । মানুহৰ বুদ্ধিমত্তা আৰু চিৰন্তন ভৌতিক-সামাজিক গতিশীলতাৰ মাজৰ দন্দ্ব অব্যাহত আৰু মানুহৰ অনুসন্ধিৎসু মন অবিৰতভাৱে উৰ্ধগামী । মানুহে ব্যক্তিকেন্দ্ৰিকতা আৰু সামগ্ৰিকতা দুয়োটা দৃষ্টিকোণৰ শীৰ্ষসীমাৰ মাজত গতিশীল সমাজ জীৱনৰ সম্পৰ্কবিলাক বিশ্লেষণৰ চেষ্টা কৰি আহিছে । দুয়ো শীৰ্ষসীমাৰ মাজত এক তত্বগত সামঞ্জস্য নিশ্চয় আছে ।

ব্যক্তিকেন্দ্ৰিক উদ্দেশ্যক পাৰ্থিৱ সামাজিক জীৱনতকৈ আধিক গুৰুত্ব আৰোপ কৰা দৰ্শনেই ভাৱবাদ । গতিকে ব্যক্তিগত স্বাৰ্থক সুৰক্ষিত কৰিবলৈ অনিয়ন্ত্ৰিত ৰাষ্ট্ৰবাদ লাগিব – তেনে এটা বাদ আচলতে একচেটিয়া স্বাৰ্থসিদ্ধিৰ বাবে ৰক্ষণশীল প্ৰতিক্ৰিয়াৰহে সৃষ্টি । কাৰণ নিয়ন্ত্ৰন নকৰিবলৈ কোনো মানৱ প্ৰযুক্তি নালাগে । কিন্তু এই নিয়ন্ত্ৰণ জ্ঞানোদ্বীপ্ত প্ৰমূল্য, উদ্যমশীল ভাৱনা আৰু পুঁজিৰ সম্প্ৰসাৰণৰ অধিকাৰৰ ওপৰত প্ৰতিষ্ঠিত নিশ্চয় হ’ব পাৰে । সেয়ে ব্যক্তিগত স্বাধীনতা আৰু অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ ভূমিকা আধুনিক গণতান্ত্ৰিক ব্যৱস্থাত এক বিতৰ্কিত অধ্যায় হৈ পৰিল ।

ব্যক্তিগত স্বাৰ্থ আৰু বাস্তৱিক প্ৰয়োজনীয়তাৰ মৌলিক ঐক্যসাধনেই হ’ল সামগ্ৰিকতাৰ মূল । গণতন্ত্ৰ, সমতা, মৌলিক আধিকাৰ আৰু প্ৰকৃতিৰ অন্তৰ্নিহিত মূল্যবোধৰ প্ৰতি সদ্ভাৱৰ দৰে সৰ্বাধিকাৰবাদী প্ৰমূল্যবোৰৰ সামগ্ৰিক প্ৰয়োগহে মানৱ প্ৰযুক্তি । অৱশ্যে, বাস্তৱক্ষেত্ৰত সামগ্ৰিক ব্যৱস্থাবোৰত অনিবাৰ্যভাৱেই ব্যক্তিগত সত্তাবোৰ এক সামুহিক সত্তাৰ বশৱৰ্তী হৈ পৰে । এইটো সহজেই অনুমেয় যে অসমতা নিৰাময়ৰ প্ৰচেষ্টাত কিছুহলেও অপব্যয় হয় যি অৰ্থনৈতিক বিকাশৰ ওপৰত প্ৰভাৱ পেলায় । সেয়ে নীতিৰ প্ৰৱৰ্তকসকলে অৰ্থনৈতিক বিকাশ আৰু সমতাৰ মাজত সচৰাচৰ এক সন্ধি প্ৰত্যক্ষ কৰে ।

তেনেদৰে, ঐতিহাসিক বস্তুবাদ হ’ল প্ৰগতিশীল চিন্তাৰ পথ প্ৰদৰ্শক । আৰ্থ-সামাজিক বিৱৰ্তনেই আনিছে এই চিন্তাৰ জোৱাৰ । এই দৰ্শনেই হ’ল আধুনিক ৰাষ্ট্ৰ ব্যৱস্থাৰ মূল ভেটি । কথাবোৰ সৰলীকৃত যেন লাগিলেও এটা কথা ঠিক যে এই দৰ্শনৰ প্ৰয়োগিক ভিন্নতাবিলাক আচলতে প্ৰভাৱশালী আৰ্থ-সামাজিক শক্তিবিলাকে নিজৰ স্বাৰ্থত প্ৰণয়ন কৰি লোৱা সংস্কৰণহে । সেয়ে, সম্প্ৰতি সাময়িকভাৱে সামাজিক শক্তিৰ প্ৰৰোচনাত কোনোবাই নিজকে অবাওঁপন্থী বুলি ঢোল বজালেও কিন্তু নিজৰ অগোচৰেই বিশ্লেষণাত্মক দিশত ঐতিহাসিক বস্তুবাদৰ সম্পূৰ্ণ প্ৰয়োগ কৰা দেখা যায় । তেনেদৰে স্থিতাৱস্থাবাদী প্ৰৱণতাৰ বলি হৈ কিছুমান নব্য শক্তিৰ স্তুতিত মতলীয়া হৈ ঐতিহাসিক বস্তুবাদ একেবাৰে পাহৰি পেলোৱা বাওঁপন্থীও আছে । গতিকে নিৰ্বাচনী ৰাজনীতিয়ে সৃষ্টি কৰা এনে পন্থীগত লেবেলবিলাকে জনমানসত আনি দিয়া কৌতুকধৰ্মী আলোচনাবিলাক তেনেই খন্তেকীয়া । নিৰ্বাচনী ৰাজনীতিৰ পৰা উচিত দূৰত্ব বজাই ৰাখি কৰা বিশ্লেষণত বিনোদনধৰ্মিতা নথাকিলেও সুদুৰপ্ৰসাৰী হোৱাৰ সম্ভাৱনা থাকে ।

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.