প্ৰসঙ্গ: ভেষজ চিকিৎসা আৰু বনৌষধি বিলাসিতা

এফালে বহু মাইল দূৰ কণ্টকময় পথ অতিক্ৰম কৰি জনস্বাস্থ্যৰ প্ৰতিনিধিজনক সাক্ষ্যাত কৰাৰ বিকল্প হিচাবে গাঁৱৰ কবিৰাজ জনৰ বা নিজে বনৌষধেৰে প্ৰাথমিক চিকিৎসা কৰা আৰু আনফালে অৰ্থনীতিৰ তৃতীয়াকৰনৰ ফলত স্বাভাবিকভাৱেই সৃষ্টি হোৱা এক “অবহনক্ষম” পৰিৱেশ, জীৱিকাৰ পদ্ধতি আৰু জীৱনশৈলীৰ মাজত বনস্পতি বা সেউজীয়া মাৰ্কাই দিয়া বিশেষ অনুভূতি – দুয়োটা ভিন্ন মেৰুত অৱস্থিত আৰু মানৱৰ কল্যাণৰ প্ৰচলিত সংজ্ঞাক প্ৰত্যাহ্বান জনাব পৰা পৰিঘটনা । আজিও বিশ্বৰ ৫০ শতাংশ জনসংখ্যাই প্ৰাথমিকভাবে স্বাস্থ্যৰ যত্ন লোৱাৰ ক্ষেত্ৰত লোক চিকিৎসা পদ্ধতিৰ ওপৰত বিশ্বাস ৰাখি চলি আহিছে। ব্যয়বহুল আধুনিক দৰৱ ব্যৱহাৰৰ অসামৰ্থ্যই নিশ্চয় ইয়াৰ মূল কাৰণ।

অবহনক্ষম জীৱনশৈলীৰ মূলতে হৈছে ভোগৰ ধৰণৰ অসমতুলতা। যাৰ ফলত প্ৰাকৃতিক সম্পদৰ ওপৰত অসহনীয় চাপ পৰাৰ লগতে পৰিৱেশ, সমাজ, অৰ্থনীতি আৰু স্বাস্থ্যৰ ওপৰত কুপ্ৰভাৱ পৰিছে। প্ৰকৃতি আৰু সম্প্ৰদায় নিৰ্ভৰ জীৱনশৈলী সদায়ে বহনক্ষম, স্বাস্থ্যসন্মত আৰু অধিক সুৰক্ষিত। মুঠ কথাত পাৰিৱেশিক অসমতুলতাই মানবশৰীৰৰ বিসংগতিৰ কাৰণ। সেয়ে হয়তো তথাকথিতভাৱে হলেও ছিন্থেটিক বা বায়’মেডিকেল ঔষধক পৰিহাৰৰ সজাগতাই লুপ্তপ্ৰায় ভেষজ দৰৱৰ চাহিদা বৃদ্ধি কৰিছে। আনকি, সম্প্ৰতি ভাৰতৰ ভেষজ উদ্যোগৰ বাৰ্ষিক আয় ৮০,০০০ কোটি টকা অতিক্ৰম কৰিছে ।

কিন্তু, ভেষজ বুলি মাৰ্কা মাৰি সামগ্ৰী বিক্ৰী কৰাটোও ভোগবাদৰে অন্য এক অবতাৰও হ’ব পাৰেে ।

তেনে চাহিদাৰ সুযোগ লৈ যেতিয়া ভেষজৰ পৰা ক্ৰমে কেবা হাজাৰ বিলিয়ন ডলাৰৰ শীঘ্ৰে বিক্ৰয় গ্ৰাহক সামগ্ৰীৰ উৎপাদন প্ৰতিষ্ঠান সৃষ্টি হোৱাৰ উদাহৰণ আছে, এজন কিয় বহু কবিৰাজেই জনপ্ৰিয়তাৰ বাবে প্ৰাথমিক প্ৰৰ্যায়ত বিনিয়োগ কৰাটো অস্বাভাৱিক নহয় । গতিকে, প্ৰশাসনীয় পদ্ধতিৰে স্বীকৃতিপ্ৰাপ্ত হোৱাৰ বাবে প্ৰয়োজনীয় মূলধন আয়ত্ব কৰালৈকে কৰা চিকিৎসাৰ বাবে যেন জনমাধ্যমৰ ভূমিকা অপৰিসাৰ্য । সাৱধানতাৰ প্ৰয়োজন নিশ্চয় আছে । প্ৰসঙ্গক্ৰমে, ই পৰম্পৰাগত বনদৰৱ বিশেষজ্ঞ “ভেষজৰত্ন” গুণাৰাম খনিকৰৰ (যি নিজে উদ্ভিদবিজ্ঞানৰ ছাত্ৰ হৈ বিভিন্ন বনৌষধি উদ্ভিদৰ অন্বেষণেৰে পৰম্পৰাগত ভেষজ চিকিৎসা পদ্ধতিৰ জ্ঞান আৰু অধিক সমৃদ্ধ কৰিছিল) দৰে জীৱনজোৰা সাধনাৰ বিপৰীতে কেৱল এক জীৱিকাভিত্তিক বা বানিজ্যিক প্ৰনয়নৰ বাবে অনৈতিক অপব্যৱহাৰো হ’ব পাৰে । এইক্ষেত্ৰত পুনৰগঠন হোৱা বিভাগ আয়ুসৰ (আয়ুৰ্বেদ, যোগ, প্ৰাকৃতিক চিকিৎসা, য়ুনানী, সিদ্ধ আৰু হোমিওপেথী) ভূমিকা কি হ’ব ?

বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশৰ লগে লগে ৰোগ নিৰাময়ৰ ক্ষেত্ৰত সন্দেহাতীতভাৱে অনবদ্য সাফল্য লাভ কৰিছে আধুনিক চিকিৎসা বিজ্ঞানে। এই চিকিৎসা পদ্ধতিয়ে বৈষয়িক সমৃদ্ধি তথা শ্ৰমৰ যান্ত্ৰিকীকৰণৰ তৎকালীন প্ৰয়োজন পূৰণ কৰিবলৈ সক্ষম হৈছে । অন্যহাতেদি, পৰম্পৰাগত বনৌষধি ব্যৱহাৰৰ বহুকাল পুৰণি অনুশীলণ সাধাৰণতে একোটা সম্প্ৰদায়, পৰিয়াল অথবা ব্যক্তিৰ জৰিয়তে সৰবৰাহ হৈ আহিছে।এজন পৰম্পৰাগত কবিৰাজে মানৱৰ স্বাস্থ্যৰক্ষাৰ বাবে সুদীৰ্ঘকাল ধৰি চলি অহা পৰম্পৰাগত লোক জ্ঞানৰ আধাৰত চিকিৎসা চলায়। কিন্তু, যিকোনো বৈজ্ঞানিক অনুসন্ধান অৱধাৰণাৰ (Hypothesis) পৰা আৰম্ভ হয় আৰু তাক প্ৰামাণ্য বিজ্ঞানসন্মত পদ্ধতিৰ আওতাত পৰীক্ষা কৰা হয়। আধুনিক চিকিৎসা বিজ্ঞানও সাক্ষ্যভিত্তিক গৱেষণামূলক পদ্ধতিৰ ওপৰত প্ৰতিষ্ঠিত। এই প্ৰসংগত ক’ব পাৰি যে পৰম্পৰাগত বনৌষধি চিকিৎসাৰ ক্ষেত্ৰতো সাক্ষ্যভিত্তিক গৱেষণাৰ কথা কোৱা হৈছে। বিকল্প দৰৱ অভিধাটোক এক ভ্ৰান্ত নাম বুলি অভিহিত কৰি জাৰ্ণাল অৱ দ্য আমেৰিকান মেডিকেল এছ’ছিয়েচনৰ সম্পাদকবৃন্দই মন্তব্য কৰিছে, “কেৱল বিজ্ঞানসন্মতভাবে প্ৰমাণিত, সাক্ষ্যভিত্তিক দৰবকহে যুক্তিপূৰ্ণ তথ্যৰে সমৰ্থন কৰা হয়। অপ্ৰমাণিত দৰৱৰ ক্ষেত্ৰত বিজ্ঞানসন্মত তথ্যৰ অভাৱ থাকে” । গতিকে কোনো প্ৰশাসনীয় পদ্ধতিয়েই অপ্ৰমাণিত বিকল্প চিকিৎসা প্ৰণালীক স্বীকৃতি দিব নোৱাৰে ।

ভেষজবিদ্যা পৰম্পৰাগত চিকিৎসা চৰ্চাৰ এবিধ অন্যতম মুখ্য শৃংখল।বৰ্তমান যুগত ব্যৱহৃত বহু আধুনিক ঔষধ পৰম্পৰাগত বনৌষধি হিচাপে ব্যৱহাৰ হৈ অহাৰ সুদীৰ্ঘ ইতিহাস আছে। থলুৱা দৰৱবোৰে প্ৰায়ে আয়ুৰ্বেদ আদিৰ দৰে প্ৰতিষ্ঠানিক পদ্ধতিৰ সৈতে সহাৱস্থান কৰা দেখা যায়। হোমিওপেথি আৰু আয়ুৰ্বেদ, দুয়োটা চিকিৎসা পদ্ধতিয়ে সম্প্ৰতি ভাৰতৰ জনস্বাস্থ্য প্ৰণালীৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে। ঔষধ আৰু প্ৰসাধন সামগ্ৰী আইন বলবৎ হোৱাৰ সময়তে ১৯৪০ চনত ৰাষ্ট্ৰীয় ভেষজ দৰব বিধি আৰম্ভ হৈছিল।ৰাষ্ট্ৰীয় বনৌষধি উদ্ভিদ পৰিষদ স্থাপন হৈছিল ২০০০ চনত। ভাৰতীয় ঔষধৰ পদ্ধতি আৰু হোমিওপেথি বিভাগ ১৯৯৫ চনত গঠন কৰা হৈছিল।২০১৪ চনত এই বিভাগটোক আয়ুস(আয়ুৰ্বেদ, যোগ, প্ৰাকৃতিক চিকিৎসা, য়ুনানী, সিদ্ধ আৰু হোমিওপেথী) বিভাগ হিচাপে নতুনকৈ নামকৰণ কৰা হয়।

এনে পৱিত্ৰ চিকিৎসা পদ্ধতিবোৰে (Holistic Medicine) মানুহৰ ৰোগ অথবা উপসৰ্গক মন-দেহ-আত্মাৰ বিসংগতিমূলক স্থিতিৰ ফল বুলি গণ্য কৰে। আকৌ কোৱা হয় যে আজিৰ প্ৰতিদ্বন্দিতামূলক ভোগবাদী জীৱনশৈলীৰ পৰিৱৰ্তন অবিহনে এই চিকিৎসা পদ্ধতিবোৰৰ ফলপ্ৰসূতাৰ বিজ্ঞানসন্মত প্ৰমাণ মুল্যাংকণ কৰিটো কঠিন । সেয়ে তৎকালীন চিকিৎসাৰ প্ৰয়োজন হোৱা গুৰুতৰ ৰোগৰ ক্ষেত্ৰত এই স্বাস্থ্যচৰ্চা হয়তো প্ৰয়োগ কৰা অনুচিত হ’ব পাৰে। কিন্তু এক স্বাস্থ্যসন্মত জীৱনশৈলী গঢ় দিয়াৰ ক্ষেত্ৰত ইয়াৰ আবশ্যকতা নিঃসন্দেহে আছে।

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.