অবৈধ অনুপ্ৰৱেশ আৰু আঞ্চলিক সন্মিলন

বাংলাদেশীৰ প্ৰব্ৰজনক লৈ নিৰ্বাচনী অংক কৰা সকলে ৰাজহুৱাভাবে “অসমত বিদেশী নাই” বুলি ঘোষণা কৰি অহাৰ পৰম্পৰা আছে । কিন্তু, সুদীৰ্ঘকাল অসম আন্দোলনৰ অন্তত, ১৯৮৫ চনত চৰকাৰ গঠনৰ লগেলগেই এজন মন্ত্ৰীয়ে “অসমত বিদেশী নাই” বুলি ঘোষনা কৰাটোহে তাৎপয্যপূৰ্ণ কথা আছিল । মন্ত্ৰীজনৰ সদিচ্ছাৰ ওপৰত প্ৰশ্ন নুঠে, বৰঞ্চ, প্ৰাক-নিৰ্বাচনী সমস্যা আৰু তাৰ বাস্তৱায়িত সমাধানৰ মাজত থকা বিশাল দূৰত্বৰ স্পষ্ট বৰ্ননা দিয়ে । কেইদশক ধৰি অসমৰ প্ৰধানতম প্ৰাক-নিৰ্বাচনী সমস্যা হিচাবে অধিষ্ঠিত “অবৈধ অনুপ্ৰৱেশ”ৰ বাস্তৱায়িত সমাধানৰ প্ৰকৃত চবিখন অনুধাৱন কৰাৰ অৱকাশ যেন এতিয়াহে আহি পৰিছে । যদিয়ো সমাধানৰ পদ্ধতিগত দিশত বিকল্প নাই ।

বিদেশী সমস্যা সমাধানৰ দুয়োতা নিৰৱচ্ছিন্ন পদক্ষেপ – চিনাক্তকৰণ আৰু বিতাৰণৰ বাবে প্ৰায়োজনীয় সাংবিধানিক, প্ৰশাসনীয় আৰু আইনগত প্ৰক্ৰিয়াবোৰ উপযুক্তভাৱে সমৃদ্ধ নে ? চিনাক্তকৰণৰ বাবে হয়তো “হিন্দু বাংলাদেশী” প্ৰস্ংগটো পুনঃ আৱতৰণ হৈছে । তাৰ বাবে ভাৰতীয় সাংবিধানিক পৰিসৰৰ ভিতৰত ভাৰতীয় নাগৰিকত্ব আইন ১৯৫৫ চনৰ (শেহতীয়া স্ংশোধন ২০০৫) প্ৰয়োজনীয় স্ংশোধন কৰিব পৰা যাবনে? কিন্তু, চিনাক্তকৰণৰ মাপকাঠি যিয়েই নহওক, বিতাৰনেই হল সমাধানৰ মূল পদক্ষেপ ।

“এক্ট ইষ্ট নীতি”ৰ অন্তৰ্গত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাধ্যমেদি পূব-এচিয়াৰ দেশবোৰৰ লগত বানিজ্যিক সম্পৰ্কৰ বাবে আঞ্চলিক সন্মিলন অৱশ্যম্ভাৱী । ইয়াত ভাৰতীয় পুঁজিৰ লগতে আন্তৰ্জাতিক পুঁজিৰ সম্প্ৰসাৰণৰ স্বাৰ্থও জড়িত আছে । দ্বি-পাক্ষিক ভবেও, প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশৰ লগত স্ংযোগ আৰু বানিজ্য ক্ষেত্ৰত সন্মিলনৰ বাবে বিভিন্ন পয্যায়ত আলোচনা-চক্ৰ চলি আহিছে । জল-সম্পদৰ ক্ষেত্ৰত সহযোগিতাৰ প্ৰচুৰসম্ভাৱনা আছে । এই সমগ্ৰ দ্বি-পাক্ষিক আলোচ্য বিষয়বোৰৰ সামগ্ৰিকতাৰ মাজত বিদেশী বিতাৰনে কিমান অগ্ৰাধিকাৰ পায় – তাৰ ওপৰতে সমাধান সম্পূৰ্ণকৈ নিৰ্ভৰ কৰি আহিছে । ইতিমধ্যে, প্ৰব্ৰজন প্ৰক্ৰিয়াৰ স্বাভাৱিকতাৰ সপক্ষে অনুগত এক জনমত গঠন প্ৰক্ৰিয়া পৰিলক্ষিত হৈছে । এইয়া যাৰ স্বাৰ্থতে নহওক, যেন এক বাস্তৱসন্মত চিন্তাৰ উন্মোচন হৈছে ।

এটা কথা ঠিক যে নিকট ভবিষ্যতে অবৈধ অনুপ্ৰৱেশকাৰী সমস্যাই প্ৰাক-নিৰ্বাচনী গুৰুত্ব পোৱাৰ সম্ভাৱনা ক্ষীণ ।

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.